জাপানৰ শীৰ্ষ চৰকাৰী বিষয়াসকলক সাক্ষা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ জাপান ভ্রমণ অসমৰ বিনিয়োগ ব্যৱস্থা আৰু সম্ভাৱনাৰ দিশত বিশেষ ভ্রমণ হিচাপে বিবেচিত হ’ব। প্ৰথম দিনাৰ বহুকেইখন বৈঠকৰ অন্তত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই  জাপানৰ প্ৰতিনিধি সদনৰ অধ্যক্ষ ফুকুছিৰো নুকাগাৰ সৈতে ২২ জানুৱাৰীৰ নিশা মিলিত হৈ অসমৰ দৃষ্টিকোণেৰে ভাৰত আৰু জাপানৰ মাজত শক্তিশালী সাংস্কৃতিক আৰু অৰ্থনৈতিক সম্পৰ্কৰ দিশত দুয়ো বাৰ্তালাপ কৰে। ৰাজ্যৰ দক্ষ কৰ্মশক্তিৰ বাবে জাপানত কামৰ সুযোগ অন্বেষণত অসমে পালন কৰিব পৰা ভূমিকাৰ বিষয়কো এই আলোচনাত সামৰি লোৱা হয়। জাপান ভ্ৰমণৰ দ্বিতীয়টো দিনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ভাৰতীয় দূতাবাসত মহান স্বাধীনতা সংগ্রামী নেতাজী সুভাষ চন্দ্র বসুক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি দিনটো আৰম্ভ কৰে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে জাপানতে নেতাজীয়ে আজাদ হিন্দ ফৌজৰ বীজ ৰোপণ কৰিছিল, যাৰ উদ্দেশ্য আছিল দমনকাৰী ব্ৰিটিছ শাসনৰ বিৰুদ্ধে সংগ্ৰাম কৰা। তেখেতৰ দেশ সেৱাৰ সাহস আৰু সংকল্প অতুলনীয়। নেতাজীৰ বীৰত্ব চিৰদিন ভাৰতবাসীৰ দ্বাৰা উদ্যাপিত হ’ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই জাপানৰ ন্যায় বিভাগৰ ৰাজ্যিক মন্ত্ৰী কোমুৰা মাছাহিৰো আৰু জাপানৰ ভূমি, আন্তঃগাঁথনি, পৰিবহণ আৰু পৰ্যটন বিভাগৰ ৰাজ্যিক মন্ত্ৰী ফুৰুকাৱা য়াছুচিৰক পৃথকে পৃথকে সাক্ষাৎ কৰি বৈঠকত মিলিত হয়। ন্যায়মন্ত্ৰীৰে হোৱা বৈঠকত জাপানী কোম্পানীসমূহৰ বাবে উৎসর্গিত এখন ঔদ্যোগিক উদ্যান স্থাপনৰ ক্ষেত্ৰত অসম চৰকাৰৰ উদ্দেশ্য আৰু অসমৰ পৰা অহা প্রতিভাৱান যুৱক-যুৱতীসকলে জাপানত দক্ষ শ্রমিকৰ চাহিদা দূৰ কৰাত কেনেদৰে সহায় কৰিব পাৰে, সেই বিষয়তো আলোকপাত কৰা হয়। আনহাতে ভূমি, আন্তঃগাঁথনি, পৰিবহণ আৰু পৰ্যটন মন্ত্ৰীৰে হোৱা বৈঠকখনত জাপান আৰু অসমত পৰ্যটনৰ সম্ভাৱনা আৰু প্ৰচাৰৰ কথা আলোচনা কৰাৰ লগতে ইউনেস্ক’ৰ বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে চৰাইদেউ মৈদামৰ অন্তর্ভুক্তিকে ধৰি পৰ্যটনকেন্দ্রিক বিভিন্ন বিষয় আলোচনা কৰা হয়। গ’ল্ফ খেলপথাৰৰ পৰা আৰম্ভ কৰি চাহ বাগিচা তথা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈকে আমাৰ ৰাজ্যত জাপানী পৰ্যটকৰ বাবে থকা সুবিধাৰ বিষয়ে বিশদভাৱে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই জাপানৰ পৰ্যটন মন্ত্ৰীগৰাকীক অৱগত কৰে। পৰৱৰ্তী সময়ত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা হিৰোছিমাত উপস্থিত হৈ হিৰোছিমা শান্তি স্মাৰকত পুষ্প অর্পণ কৰি হিৰোছিমা আক্রমণত নিহতসকললৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু শান্তি স্মাৰকৰ সমীপতে স্থাপিত জাতিৰ পিতা মহাত্মা গান্ধীৰ আবক্ষ মূর্তিতো শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। উল্লেখ্য যে  ২০২৩ চনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জাতিৰ পিতাৰ আবক্ষ মূৰ্তিটো উন্মোচন কৰিছিল। প্ৰকৃতাৰ্থত হিৰোছিমা শান্তি স্মাৰকৰ সমীপত বাপুৰ আবক্ষ মূৰ্তিটোৱে শান্তি আৰু অহিংসাৰ এক শক্তিশালী বাৰ্তাৰ স্বাক্ষৰ বহন কৰিছে বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ব্যক্ত কৰে। লগতে কামেদা ছেইকাৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰীলেখ ৰাজ জুনেজাক সাক্ষাৎ কৰি অসমৰ সমৃদ্ধিশালী খাদ্য সংসাধন খণ্ডত বিনিয়োগৰ বাবে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আমন্ত্রণ জনায়। লগতে জুনেজাক শেহতীয়াকৈ প্রবাসী ভাৰতীয় সন্মান বঁটা ২০২৫ লাভ কৰাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই অভিনন্দন জ্ঞাপন কৰে।  একেদৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ জাপান যাত্ৰাৰ অন্যতম এক গুৰুত্বপূৰ্ণ দিশ হৈছে মাইক্রন মেম’ৰী ফেচিলিটী পৰিদৰ্শনেৰে কোম্পানীটোৰ উপাধ্যক্ষ জোছুৱা লীৰ সৈতে হোৱা বৈঠক। জাগীৰোডৰ ইলেক্ট্ৰ’নিক টাউনশ্বিপক বিশ্বব্যাপী ছেমিকণ্ডাক্টৰ হাব হিচাপে গঢ়িবলৈ লোৱাৰ সময়ত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই লীৰ সৈতে মত বিনিময় কৰি তেওঁলোকক অসমৰ ছেমিকণ্ডাক্টৰ উদ্যোগৰ বিকাশ যাত্রাত সহযোগিতা আগবঢ়োৱাৰ বাবে অংশীদাৰ হ’বলৈ আমন্ত্রণ জনায়। আনহাতে হিৰোছিমাৰ পৰা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা উপস্থিত হয় ওছাকাৰ এডভান্টেজ আছাম ৰোড শ্ব’ত। ৮০ গৰাকীতকৈও অধিক উদ্যোগীৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে ২০৩০ৰ ভিতৰত অসমৰ জিএছডিপিক আমি ১৪৩ বিলিয়ন আমেৰিকান ডলাৰলৈ লৈ যোৱাৰ লক্ষ্য স্থিৰ কৰিছোঁ তথা অসমক ভাৰতৰ পৰৱৰ্তী অৰ্থনৈতিক কেন্দ্র হিচাপে সাজু কৰি তুলিব বিচাৰিছোঁ। বিশ্বৰ ভিন্ন প্রতিষ্ঠানসমূহৰ বাবে অসমৰ ১২ বিলিয়ন আমেৰিকান ডলাৰৰ আন্তঃগাঁথনি বিনিয়োগৰ পৰিকল্পনা এক বৃহৎ সুযোগ হিচাপে পৰিগণিত হ’ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ২০২৪ চনত চাৰি বিলিয়ন আমেৰিকান ডলাৰৰ ব্যক্তিগত বিনিয়োগ লাভ কৰিবলৈ সক্ষম হোৱাৰ বিষয়টোও উল্লেখ কৰি কয় যে এই পৰিসংখ্যা এতিয়ালৈকে সর্বাধিক। অসমৰ জনসাধাৰণৰ হৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ওছাকাৰ উদ্যোগীসকলক এডভান্টেজ আছাম ২.০ত অংশগ্ৰহণ কৰিবলৈ আমন্ত্রণ জনাই অসমৰ বিকাশৰ যাত্ৰাত অংশীদাৰ হ’বলৈ অনুৰোধ জনায়। ব্যৱসায়িক নেতৃবৃন্দৰ সৈতে বাৰ্তালাপৰ পাছতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কানচাই পেইন্টছৰ কাৰ্যবাহী বিষয়া আৰু ভাৰতৰ ব্যৱসায়ৰ মুৰব্বী প্রবীণ চৌধুৰীৰ সৈতে এক বৈঠকত মিলিত হয় আৰু তেওঁক অসমৰ দ্রুতগতিত বর্ধিত বজাৰত সুযোগ অন্বেষণ কৰিবলৈ আমন্ত্রণ জনায়। সেইদৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আইআইটিৰ সহযোগত ষ্টার্টআপৰ দিশত কাম কৰি থকা এনৰিচন ইণ্ডিয়া কেবিটেলৰ প্ৰতিষ্ঠাপক তথা মুখ্য কার্যবাহী বিষয়া যুচুকে কাকিমোটোৰ সৈতে এক বৈঠকেৰে ব্যস্ততাপূর্ণ দিনটোৰ সমাপ্তি ঘটায়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই গোটটোক অসমৰ ষ্টার্টআপ পৰিস্থিতিতন্ত্ৰৰ বিকাশেৰে আৰু ষ্টার্টআপৰ উদ্যোগীসকলক প্রশিক্ষণ দিবলৈ আহ্বান জনায়।