জাপানত ৭.৬ প্রাবল্যৰ ভূমিকম্প
ৰঙিলী বাৰ্ত্তাসেৱা- জাপানত অনুভূত হয় এক বৃহৎ ভূঁইকঁপ। ৰিষ্টাৰ স্কেলত ভূমিকম্পটোৰ প্রাবল্য ৭.৬ আছিল বুলি কোৱা হৈছে। ভূঁইকপটোৰ প্রাবল্যলৈ চাই দেশখনত ছুনামিৰ সতর্কতা জাৰি কৰা হৈছে। জাপানৰ বতৰ বিজ্ঞান সংস্থাই (জেএমএ) এই সতর্কতা জাৰি কৰিছে। সংস্থাটোৱে জাৰি কৰা সতৰ্কতা অনুসৰি, এই ভূঁইকপটোৰ ফলত সাগৰৰ ঢৌ ৩ মিটাৰ পর্যন্ত ওপৰলৈ উঠিব পাৰে। জাপানৰ স্থানীয় সময় অনুসৰি, সোমবাৰে নিশা ১১.১৫ বজাত আইৱেত প্ৰদেশৰ সমান্তৰালকৈ প্রশান্ত মহাসাগৰৰ উপকূলত জোকাৰণি অনুভূত হয়। হেক্কাইডো, আউবেৰী আৰু ইৱাত ছুনামিৰ সতৰ্কতা জাৰি কৰা হৈছে। বাসিন্দাসকলক উপকূলীয় এলেকালৈ নাযাবলৈ পৰামৰ্শ দিয়া হৈছে। আইৱেত প্ৰদেশৰ পৰা ৭০ কিলোমিটাৰ নিলগৰ প্ৰশান্ত মহাসাগৰত ইতিমধ্যে ছুনামি লক্ষ্য কৰা হৈছে। উল্লেখযোগ্য যে যোৱা জুলাই মাহতো জাপানত ৭.১ প্রাবল্যৰ ভূঁইকঁ পৰ জোকাৰণি অনুভূত হৈছিল।
