জাপানক অতিক্রম কৰি বিশ্বৰ চতুৰ্থ বৃহত্তম অর্থনীতি ভাৰত
ৰঙিলী বাৰ্ত্তাসেৱা- জাপানক অতিক্ৰম কৰি বিশ্বৰ চতুৰ্থ বৃহত্তম অর্থনীতিৰ দেশ হিচাপে চিহ্নিত হৈছে ভাৰত। এইবাৰ আনুষ্ঠানিকভাৱে এই দাবী কৰিলে নিটি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া (চিইঅ’) বিভিআৰ সুৱমণিয়মে। নিটি আয়োগৰ শীর্ষ বিষয়ববীয়াগৰাকীয়ে দাবী কৰা অনুসৰি এই মুহূৰ্তত ভাৰতৰ অৰ্থনীতিৰ মুঠ মূল্যই ৪ ত্রিলিয়ন মার্কিন ডলাৰ অতিক্ৰম কৰিছে। বৃহত্তম অৰ্থনীতিৰ তালিকাত জাপানক অতিক্ৰম কৰি ভাৰত এতিয়া চতুৰ্থ বুলি মন্তব্য কৰে সুব্রমণিয়মে। আমেৰিকা, চীন আৰু জার্মানী আছে এই তালিকাত ভাৰততকৈ আগত। শীর্ষ স্থানত আমেৰিকা থকাৰ বিপৰীতে বিশ্বৰ দ্বিতীয় বৃহত্তম অর্থনীতি হিচাপে চিহ্নিত হৈছে চীন। ইফালে এই তালিকাত তৃতীয় স্থানত আছে জার্মানী। ২০২৭ চনৰ ভিতৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতিৰ দেশ হ’ব ভাৰত। নিটি আয়োগৰ চিইঅ’গৰাকীয়ে এই কথা ঘোষণা কৰিছে। স্মৰ্তব্য যে দুবছৰ পূৰ্বে স্বাধীনতা দিৱসৰ কাৰ্যসূচীত লালকিল্লাত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে এই কথা ঘোষণা কৰিছিল। সেই সময়ত মোদীৰ এই দাবীক লৈ বিভিন্ন মহলে সংশয় প্রকাশ কৰিছিল। কিন্তু চৰকাৰে দাবী কৰা অনুসৰি সকলো সংশয় অতিক্রম কৰি দ্রুতগতিত আগবাঢ়িছে ভাৰতৰ অর্থনীতি। নিটি আয়োগৰ বৈঠকৰ শেষত চিইঅ’ সুব্রমণিয়মে কয়- ‘এই মুহূর্তত ভাৰতৰ অৰ্থনীতিয়ে ৪ ত্রিলিয়ন ডলাৰ অতিক্ৰম কৰিছে। বৰ্তমান বিশ্বৰ চতুৰ্থ বৃহত্তম অর্থনীতি ভাৰত। আমি এই গতি অক্ষত ৰাখিব পাৰিলে আগন্তুক আঢ়ৈ-তিনি বছৰৰ ভিতৰত আমি তৃতীয় বৃহত্তম অর্থনীতিত পৰিণত হ’ম। এই মুহূৰ্তত আমাৰ আগত আছে মাত্র আমেৰিকা, চীন আৰু জার্মানী।’ প্রাথমিকভাৱে মোদী চৰকাৰৰ লক্ষ্য আছিল ২০০৭ চনৰ ভিতৰত ভাৰতক ৫ ত্রিলিয়ন ডলাৰৰ অৰ্থনীতি হিচাপে তুলি ধৰা। বেংকিং বিনিয়োগ সংস্থা জেফ্ৰিছৰ অৰ্থনীতি মূল্যায়নৰ প্ৰতিবেদন অনুসৰি ২০২৭ চনৰ ভিতৰত ৫ ত্রিলিয়ন অর্থাৎ ৫ লাখ কোটি ডলাৰ অৰ্থনৈতিক শক্তিত পৰিণত হ’ব ভাৰত। অৱশ্যে সেই লক্ষ্য পূৰণ নহ’লেও ২০২৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ভাৰতক তৃতীয় বৃহত্তম অর্থনীতি হিচাপে গঢ়ি তোলাৰ লক্ষ্য লৈছে কেন্দ্ৰীয় চৰকাৰে। ২০২৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ভাৰত তৃতীয় বৃহত্তম অর্থনীতিত পৰিণত হ’লে বিজেপিৰ বাবে নিৰ্বাচনত জয়লাভৰ বিশেষ সুযোগ সৃষ্টি হ’ব বুলি বিশেষজ্ঞসকলে ধাৰণা কৰিছে।