জাতীয় শিক্ষা নীতিৰ বিৰোধিতা এআইডিএছঅ’ৰ

Pc The Bengal Story

জাতীয় শিক্ষা নীতিৰ বিৰোধিতা এআইডিএছঅ’ৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ৫ জুনত মঙ্গলদৈত ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে মেট্ৰিক পৰীক্ষাক এক গুৰুত্বহীন পৰীক্ষা হিচাপে ঘোষণা কৰা সন্দৰ্ভত অল ইণ্ডিয়া ডি এছ অ’ৰ অসম ৰাজ্যিক কমিটীয়ে আজি এক প্ৰেছ বিবৃতি যোগে জনায় যে, অসম চৰকাৰে বহু আগৰে পৰাই মেট্ৰিক পৰীক্ষা সম্পৰ্কে অতি কৌশলেৰে জনসাধাৰণক বিভ্ৰান্ত কৰি ৰাখিছিল। কিন্তু যোৱা ৩ জুনত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত সভাৰ জৰিয়তে জাতীয় শিক্ষা নীতি ২০২০ কাৰ্যকৰী কৰাৰ বাবে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰাৰ লগে লগে জোলোঙাৰ মেকুৰী ওলাই পৰিল।চৰকাৰে ঘোষণা কৰিলে যে, এই বাৰৰ পৰা মেট্ৰিক পৰীক্ষাৰ গুৰুত্ব আৰু নাথাকিব। ই সাধাৰণ পৰীক্ষাৰ দৰে অনুষ্ঠিত হ’ব। সংগঠনে এই দৃঢ় অভিমত ব্যক্ত কৰে যে, মেট্ৰিক পৰীক্ষা উঠাই দিয়াৰ ফলত প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে ছাত্ৰ ছাত্ৰীৰ মাজত যি সামগ্ৰিক জ্ঞান গঢ়ি উঠাৰ প্ৰক্ৰিয়া বৰ্তি আছিল তাত ব্যঘাত জন্মাব। মেট্ৰিক পৰীক্ষাক কেন্দ্ৰ কৰি সাধাৰণ ছাত্ৰ ছাত্ৰীৰ মাজত অতি মনোযোগেৰে পঢ়া-শুনাৰ মাজেৰে জ্ঞান অৰ্জনৰ যি পৰিৱেশ সৃষ্টি হৈছিল সেয়া সমূলঞ্চে নষ্ট হ’ব।চৰকাৰী স্কুল সমূহত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে পাছ ফেইল প্ৰথা অবলুপ্তি ঘটোৱাৰ ফলত চৰকাৰী স্কুলৰ শিক্ষাৰ মান ইতিমধ্যেই অত্যন্ত শোচনীয় হৈ পৰিছে।তেনে ক্ষেত্ৰত জাতীয় শিক্ষা নীতি ২০২০ কাৰ্যকৰী কৰণৰ মাজেৰে মেট্ৰিক পৰীক্ষা তুলি দিলে চৰকাৰী স্কুলৰ শিক্ষা ব্যৱস্থা সম্পূৰ্ণভাৱে ধ্বংস মুখত পতিত হ’ব। ইয়াৰ পৰিণতিত ছাত্ৰ- ছাত্ৰীসকল বেচৰকাৰী প্ৰতিষ্ঠানৰ ফালে অধিক ব্যাপকতাৰে ধাপলি মেলিব। ইয়াৰ মাজেৰে শিক্ষাৰ ব্যক্তিগতকৰণ আৰু ব্যৱসায়ীকৰণৰ চৰকাৰী চক্ৰান্ত সম্পূৰ্ণ হ’ব। ফলত দুখীয়া ঘৰৰ ল’ৰা ছোৱালী শিক্ষাৰ দুৱাৰ দলিৰ পৰা আঁতৰি আহিবলৈ বাধ্য হ’ব। এই কথাটোকে এ আই ডি এছ অ’ৰ পক্ষৰ পৰা বহুদিনৰ পৰাই আমি বাৰে বাৰে কৈ আহিছো কেন্দ্ৰীয় চৰকাৰে জাতীয় শিক্ষা নীতি ২০২০ চালু কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ সময়ৰ পৰাই যে, এই নীতিৰ জৰিয়তে মেট্ৰিক পৰীক্ষাৰ গুৰুত্বক সম্পূৰ্ণৰূপে অৱলুপ্ত কৰা হ’ব।সংগঠনৰ পক্ষৰ পৰা আমি দৃঢ়তাৰে দাবী কৰো যে, ছাত্ৰ ছাত্ৰীয়ে ইমান ধৰি দশম শ্ৰেণীৰ পিছত যি মাধ্যমিক চাৰ্টিফিকেট পোৱাৰ ব্যৱস্থা আছিল, যাক বহু চাকৰিৰ বাবে নূন্যতম শিক্ষাগত যোগ্যতা হিচাপে বিবেচনা কৰা হৈছিল, তাক নতুন শিক্ষা নীতিৰ মাজেৰে কোনোপধ্যেই তুলি দিয়া নচলিব। নতুন শিক্ষা নীতি মতে দ্বাদশ শ্ৰেণী পাছ চাৰ্টিফিকেট পাবলৈ আৰু দুই বছৰ অপেক্ষা কৰিব লাগিব। আৰ্থিক দূৰৱস্থাৰ বাবে যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ চাকৰিৰ অনুসন্ধান কৰে তেওঁলোকৰ ৰাস্তা সম্পূৰ্ণ ভাবে বন্ধ হব। ইয়াৰ ফলত নিশ্চিত ভাৱে ড্ৰপ আউটৰ সংখ্যাও ব্যাপক আকাৰত বাঢ়িব। এই শিক্ষানীতিত আগৰ ১০+২ পাঠ্যক্ৰমৰ সলনি ৫+৩+৩+৪ পাঠ্যক্ৰম প্ৰৱৰ্তনৰ জৰিয়তে ছাত্ৰ ছাত্ৰীক দ্বাদশ শ্ৰেণীলৈকে ১২ বছৰ সলনি ১৫ বছৰ পঢ়িবলৈ বাধ্য কৰি ছাত্ৰ-ছাত্ৰীক গিনিপিক সজোৱা হ’ল।অসম চৰকাৰৰ মেট্ৰিক পৰীক্ষা উঠাই দিয়াৰ এই একপক্ষীয়, স্বৈৰাচাৰী সিদ্ধান্তক অবিলম্বে উঠাই লোৱাৰ বাবে সংগঠনৰ পক্ষৰ পৰা দৃঢ় দাবী জনাও। আমি মেট্ৰিক পৰীক্ষা উঠাই দিয়াৰ সিদ্ধান্তৰ বিৰুদ্ধে জাতি- ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলো সচেতন শিক্ষাবিদ,শিক্ষক সমাজ, ছাত্ৰ সমাজৰ লগতে ৰাইজক ওলাই আহিবলৈ আহ্বান জনাওঁ৷