জাতীয় মহিলা পৰিষদ(কামৰূপ মহানগৰ জিলা সমিতি)ৰ স্মাৰকপত্ৰ প্ৰেৰণ
ৰঙিলী বাৰ্ত্তাসেৱা- হেঙেৰাবাৰীস্থিত মহানগৰ জিলা আয়ুক্তৰ কাৰ্য্যালয়ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভগ্নী সংগঠন “জাতীয় মহিলা পৰিষদ” এ উপস্থিত হৈ অতিৰিক্ত জিলা আয়ুক্তৰ জড়িয়তে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে। কামৰূপ মহানগৰ জিলা মহিলা জাতীয় পৰিষদৰ সভানেত্ৰী ৰেণু দেউৰী, সম্পাদিকা ৰূপাঞ্জলী পাঠকৰ নেতৃত্বত অহা দলটোত আছিল কামৰূপ মহানগৰ জিলা AJYCP ৰ সম্পাদক সুকুমাৰ বৰ্মন, AJYCP ৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ সদস্যা ৰিনা বৰুৱা কলিতা, ৰাজ্যিক মহিলা পৰিষদৰ বিত্তীয় সম্পাদিকা প্ৰণালী দত্ত কলিতা,সঞ্জীৱ ৰায় চৌধুৰী(কেন্দ্ৰীয় কমিটীৰ প্ৰচাৰ সম্পাদক)সহ সাতজনীয়া সজাতি দল। অতি শেহতীয়াকৈ দুলীয়াজান অইল ইণ্ডিয়া লিমিটেডৰ ক্ষেত্ৰীয় সীমাৰ অন্তগৰ্ত ভূমিত বি এন সিং পেট্ৰল ডিপ’ট সম্পৰ্কীয় এক বিবাদ চলি আছে। বহিৰাগতই থলগীৰিৰ ওপৰত ৰঙা চকু দেখুৱাৰ অভিযোগ উত্থাপন কৰাৰ সমান্তৰাল ভাবে আন্দোলন,বি এন সিং পেট্ৰল পাম্প শ্বিল কৰা, পেট্ৰল পাম্পটোৰ লিজ বাতিল তথা সমগ্ৰ ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ ঘোষণাৰ লগতে চৰকাৰ প্ৰশাসনৰ লগত AJYCP ৰ আলোচনা চলি আছে। তাৰ মাজতে তনু চাহী নামৰ মহিলা এগৰাকীয়ে অসম আৰু অসমীয়া জাতীয় সংগঠনৰ নেতৃবৰ্গক উদ্দেশ্যি দৃষ্টিকটু মন্তব্য কৰা অভিযোগ কৰে। চব ফ্ৰী মে খানে ৱালা লৌগ হ্যে,য়্যে চব দালাল হ্যে, মাৰ খায়েগা ইত্যাদি অপমান সূচক বাক্যৰে ঐক্যৰ অনাহুত পৰিস্থিতিৰ সৃষ্টি কৰি জাতি-বৰ্ণ-ভাষা-সংস্কৃতিত বিভেদৰ বীজ সিঁচি অসমত ভাতৃঘাতী সংঘৰ্ষ লগাবলৈ চেষ্টা চলোৱাৰ অভিযোগ কৰে। সেয়ে এই ঘটনাৰ উচিত তদন্ত কৰি দৃঢ় পদক্ষেপ লৈ মহিলা গৰাকীক গ্ৰেপ্তাৰৰ দাবী কৰাৰ লগতে অনাগত সময়ত যাতে কোনো বহিৰাগতই অসমীয়াৰ ওপৰত দুস্কাৰ্যৰে ভৰা শক্তি দেখুৱাব নোৱাৰে তাৰ পদক্ষেপ লোৱাৰ বাবে মূখ্যমন্ত্ৰীক আহ্বান জনায়। অন্যথা মহিলা জাতীয় পৰিষদে সমগ্ৰ অসম জুৰি আন্দোলনৰ কাৰ্যসূচী হাতত ল’ব বুলিও স্মাৰকপত্ৰ যোগে সকীয়াই দিয়ে।