জাতীয় পতাকাৰ সম্মান
আয়শা ছিদ্দিকা (আছৰি)
বাংলিপাৰা, বৰপেটা
ভাৰত আনুমানিক প্ৰায় ২০০ (১৭৫৭- ১৯৪৭) বছৰ কাল ইংৰাজৰ অধীনত থাকি ভাৰতীয় জনতা অত্যাচাৰৰ বশৱৰ্তী হৈ বিভিন্ন আন্দোলনৰ ফলত অবশেষত ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে ভাৰত স্বতন্ত্ৰ ৰাষ্ট্ৰ হিচাপে স্বীকৃতি পায়। আৰু পণ্ডিত জৱাহৰলাল নেহৰু চাহাবে ৰেড ফৰ্ট, দিল্লীত স্বাধীনতাৰ প্ৰথম পতাকা উত্তোলন কৰে সেই সুবাদে প্ৰতি বছৰৰ ১৫ আগষ্ট তাৰিখে স্বাধীনতাৰ সেই মৰ্ম জীয়াই ৰাখিবলৈ গোটেই ভাৰত বৰ্ষত জাতীয় পতাকা উত্তোলন কৰে দেশবাসীয়ে।
কিন্তু বিগত কেই বছৰ ধৰি দেখা যাই জাক-জমক অনুষ্ঠান পাতি স্বাধীনতা দিৱস উদযাপন কৰা হয় ঠিকেই কিন্তু সঠিক ৰূপত পতাকাক সম্মান দিবলৈ পাহৰিছে জনতাই। পতাকাৰ প্ৰতি আবেগ আছে পতাকাৰ সম্মান ৰক্ষা কৰাৰ জ্ঞান খিনিৰ অভাৱ দেখা যায়।
কথা হ’ল এইটো কেনেকুৱা দেশ প্ৰেম…? নেকি দেশ প্ৰেম ও আধুনিকতাৰ স্পৰ্শত অত্যাধুনিক দেশ ভক্তি, দেশ প্ৰেম হৈ পৰিছে ধৰিবকে নোৱাৰোঁ।
যি দেখা যায় দেশবাসীৰ মনত দেশপ্ৰেমে মাত্ৰ কেইঘণ্টা হে স্থান পায়। তাৰ পিছত দেশ প্ৰেম হয়তো ৰাস্তাৰ কাষতে টুকুৰা টুকুৰ হৈ পৰি থাকিব নহ’লে আবৰ্জনৰ দমত নহ’লে নৰ্দমাত….!
আধুনিক সমাজত সৰু সৰু পতাকা ল’ৰা ছোৱালীৰ হাতত কিংবা বাহন আদিত লগোৱা দেখা যায় যদিও ইয়াৰ প্ৰচলন আগত নাছিল… হয়তো এইয়া আধুনিকতাৰ প্ৰভাৱ।কিন্তু সৰু সৰু ল’ৰা ছোৱালীয়ে কেতিয়াবা পতাকাৰ মহত্ব বুজিব নোৱাৰি ফালি চিঙি পেলাই দিয়ে….এনে কামে যে পতাকাৰ সম্মানত আঘাত কৰে সেই কথাটো বুজি নাপাই কোনে বুজাব অধ্যয়ন যদি কেৱল পাঠ ভিত্তিক হয় এইবোৰ কথা ল’ৰা ছোৱালীয়ে বুজি নোপোৱাটো স্বাভাৱিক।
আমি প্ৰতিজন নাগৰিক সচেতন হ’ব লাগে। আধুনিকতাৰ নামত পতাকাৰ সম্মানত আঘাত কৰিব নালাগে। পতাকা আমাৰ গৌৰৱ আমাৰ অস্তিত্বৰ ৰেষ ইয়াৰ সন্মান ৰক্ষা কৰা প্ৰতিজন নাগৰিকৰ দ্বায়িত্ব আৰু কৰ্তব্য।কিমান ন জোৱান সীমান্তত এই পতাকাৰ কাৰণে নিজৰ পৰিয়াল এৰি জীৱনৰ মায়া এৰি যুদ্ধত লিপ্ত। ভাৰতৰ মাটিয়ে ক’ব পাৰিব কিমান তেজৰ নদী বোৱাই ভাৰতে স্বাধীনতাৰ সোৱাদ পাইছে আৰু আমি সেই ত্যাগ,সেই বলিদান ,শ্ৰী সন্মান খিনি যদি ৰক্ষা কৰি চলিব নোৱাৰোঁ কিছু সময়ৰ দেশ ভক্তি আৰু দেশ প্ৰেম থকা নথকা একেই কথা।
আহক আমি সকলোৱে আমাৰ শান আমাৰ মান আমাৰ গৌৰৱ এই জাতীয় পতাকাৰ সন্মান ৰক্ষাৰ্থে প্ৰতিজ্ঞাবদ্ধ হওঁ….
তোৰ কেঁচা ৰঙত দেখোঁ কত সন্তানৰ ত্যাগ,
পাহিৰ ৰঙত জিলিকে কত শান্ত দিপ্ত আলো।
সেউজীয়া ধাৰাত হেঁপাহৰ হাল বগাই,
লিচকাখনত কঁপি উঠে যুগৰ গৰিমা।