জাতীয় উৎসৱ বিহুৰ পৰম্পৰা আৰু ইয়াৰ ভৱিষ্যত – চম্পাৱতী কলিতা

জাতীয় উৎসৱ বিহুৰ পৰম্পৰা আৰু ইয়াৰ ভৱিষ্যত

চম্পাৱতী কলিতা
(ডবোল এম এ অসমীয়া সাহিত্য আৰু ভাষা)

বিহু অসমৰ জাতীয় উৎসৱ যদিও ইয়াৰ পৰম্পৰা অতি পুৰণি। ভাৰতৰ বিভিন্ন দেশত ইয়াক বিভিন্ন সময়ত ভিন্ন নামেৰে জনাজাত। আনকি অসমৰ ঠাই বিশেষেও ই বিভিন্ন নামেৰে পৰিচিত।বিহুৰ পৰম্পৰাৰ প্ৰতি লক্ষ্য কৰিবলৈ গ’লে দেখা যায় যে এই উৎসৱ মূলতঃ কৃষি ভিত্তিক। কৃষিৰ উৰ্বৰতা বৃদ্ধি আৰু মানুহ তথা জীৱ-জন্তুৰ সমৃদ্ধি ঘটোৱাই বিহু উৎসৱৰ প্ৰধান লক্ষ্য। অসম তথা ভাৰতবৰ্ষ কৃষি প্ৰধান দেশ। পুৰণি কালৰ পৰা ইয়াৰ মানুহে কৃষিৰ ওপৰত ভিত্তি কৰিয়েই জীৱন নিৰ্বাহ কৰিছিল। সেয়ে কৃষিৰ সমৃদ্ধি কৰিবলৈ বিশেষকৈ বহাগ বিহু উৎসৱ পালন কৰা হৈছিল। এটা সময়ত মানুহৰ সংখ্যাও তেনেই তাকৰ আছিল বাবে বহাগ বিহুত নাৰী-পুৰুষ তথা ডেকা -গাভৰুৱে নাচন-বাগনৰ মুদ্ৰাৰে দিয়া যৌনমূলক ইংগিত মূলতঃ উৰ্বৰা শক্তিৰেই ইংগিত বুলি ক’লে অটুক্তি কৰা নহয়। লগতে জীৱ-জন্তুৰ মংগল সাধন আৰু জীৱৰ প্ৰতি প্ৰেমৰ আভাস বিহু উৎসৱে বহন কৰা কথাষাৰো অতি গুৰুত্বপূৰ্ণ কথা। বিহু শব্দটো সংস্কৃত বিষুৱণ শব্দৰ পৰা অহা বুলি পণ্ডিতসকলে ঠাৱৰ কৰে। অথৰ্ববেদ , ঐতৰেয় ব্ৰাহ্মণ, বিষ্ণু পুৰাণ আদিত ক্ৰমে বিষুৱণ যাগযজ্ঞ কৰা এটা দিনৰ নাম। ইয়াৰ উদ্দেশ্য হ’ল যাগযজ্ঞৰে সূৰ্যৰ গতি নিয়ন্ত্ৰণ কৰি শস্যৰ বীজ গজাত সহায় কৰা । বিষ্ণু পুৰাণৰ মতে শৰৎ আৰু বসন্ত ঋতুৰ মধ্যত সূৰ্য তুলা বা মেষ ৰাতিলৈ গমণ কৰে আৰু তেতিয়াই বিষুৱণ হয়।বিহু উৎসৱৰ পৰম্পৰা মতে চলি অহা পূজা-পাতল , নৃত্য- গীত আৰু আচাৰ-অনুষ্ঠানবোৰ তাহানিৰ পৰা বৰ্তমানলৈকে চলি আহিছে। এইবোৰৰ মাজেৰে তাহানিৰ পৰা অসমীয়া মানুহৰ ধৰ্মীয় বিশ্বাস, শিষ্টাচাৰ, সংস্কৃতি , সহায় -সহযোগিতাৰ কৰ্মৰ স্পৃহা, মানৱ আৰু জীৱকূলৰ প্ৰতি দয়া-মৰম আদি প্ৰৱাহিত হৈ আহি বৰ্তমানৰ অৱস্থা পাইছে। মাজতে বঙ্গীয় প্ৰভাৱত অসমীয়া বিহু নৃত্যক মানুহে অস্পৃশ্য বুলি ভাবিব লৈছিল যদিও লক্ষ্মীনাথ বেজবৰুৱাৰ দৰে জাতীয় সচেতন ব্যক্তি সকলৰ প্ৰভাৱত অসমীয়া বিহু উৎসৱ আৰু নৃত্য পুনৰ সঞ্জীৱিত হৈ উঠিল।

নতুন বছৰৰ আৰম্ভণিতে খেতি-বাতিৰ আৰম্ভণি কৰিবলৈ লয় আৰু পুৰণি দিনৰ পৰা কিছুমান আচাৰ বিশেষকৈ পূজা- পাতল , নৃত্য-গীত আদি অপৰিহাৰ্য কাৰ্য হিচাপে পালন কৰে। কৃষিৰ বীজ চতিয়াই সূৰ্য দেৱতাক পূজা আৰু নৃত্যৰ মাজেৰে ৰ’দৰ প্ৰকোপ হ্ৰাস কৰিবলৈ লগতে অধিক ফচল লাভ কৰিবলৈ এনেদৰে সন্ত্তুষ্ট কৰাৰ যি বিশ্বাস আজিও কৃষিৰ লগত তেনে বহু বিশ্বাস জড়িত হৈ আছে। নামনি অসমত কঠিয়া পৰা, গুচি লোৱা আদি কাৰ্যত পালন কৰা আচাৰ কিছুমান তাৰেই উদাহৰণ। যিবোৰ আজিৰ বিজ্ঞানে সত্যতা নাইকীয়া কৰিলেও তেনে বিশ্বাসৰ মাজতে লুকাই আছে কৃষি কাৰ্যৰ আনন্দ আৰু মহত্ব। এইবোৰক বাদদি বিহু উৎসৱৰ সৌন্দৰ্য আৰু তাৎপৰ্য আধৰুৱা হৈ ৰ’ব। সেয়ে বিহুৰ সৈতে সম্পৃক্ত এনেবোৰ কথা নতুন প্ৰজন্মৰ গৱেষণাৰ বিষয় হোৱা উচিত।

বৰ্তমান সময়ত বিহু উৎসৱ আৰু বিহু নৃত্যই আগৰ কিছু ৰূপ হেৰুৱালে যদিও পৰিৱেশ – পৰিস্থিতিৰ সৈতে ৰজিতা খুৱাই ইয়াক লোপ পাবলৈ দিয়া নাই । আজিৰ প্ৰজন্মৰ বাবে এইটো অতি গুৰুত্বপূৰ্ণ কথা যে অসমীয়া বাপোতিসাহোন বিহু উৎসৱৰ সৌন্দৰ্য, তাৎপৰ্য আৰু ইয়াৰ প্ৰাসংগিকতাক ভালদৰে বুজি ল’ব লাগিব। অসমীয়া সমাজ আৰু সামাজিক জীৱনত ইয়াৰ কি ভূমিকা তাক গুৰুত্বপূৰ্ণ ভাবে বুজি লৈ পৰম্পৰা সহকাৰে ইয়াক পালনৰ ব্যৱস্থা কৰা উচিত। অসমীয়া জনজীৱনৰ বাবে বিহু যে এক মন্ত্স্বৰূপ সেইকথা অসমত থকা প্ৰতিজন অসমীয়াই বুজিব লাগিব। জনমানসত এই মন্ত্ৰৰ গুৰুত্ব আছে। অসমীয়া জনজীৱনৰ সমৃদ্ধি সুখ আৰু একতাৰ ভাব বহন কৰা বিহু উৎসৱ আমাৰ প্ৰতিজন অসমীয়াৰ বাবে হৃদয়ৰ সম্পদ।বিহু উৎসৱৰ পৰম্পৰা মতে চলি অহা পূজা-পাতল , নৃত্য- গীত আৰু আচাৰ-অনুষ্ঠানবোৰ তাহানিৰ পৰা বৰ্তমানলৈকে চলি আহিছে। এইবোৰৰ মাজেৰে তাহানিৰ পৰা অসমীয়া মানুহৰ ধৰ্মীয় বিশ্বাস, শিষ্টাচাৰ, সংস্কৃতি , সহায় -সহযোগিতাৰ কৰ্মৰ স্পৃহা, মানৱ আৰু জীৱকূলৰ প্ৰতি দয়া-মৰম আদি প্ৰৱাহিত হৈ আহি বৰ্তমানৰ অৱস্থা পাইছে। মাজতে বঙ্গীয় প্ৰভাৱত অসমীয়া বিহু নৃত্যক মানুহে অস্পৃশ্য বুলি ভাবিব লৈছিল যদিও লক্ষ্মীনাথ বেজবৰুৱাৰ দৰে জাতীয় সচেতন ব্যক্তি সকলৰ প্ৰভাৱত অসমীয়া বিহু উৎসৱ আৰু নৃত্য পুনৰ সঞ্জীৱিত হৈ উঠিল।

বৰ্তমান সময়ত বিহু উৎসৱ আৰু বিহু নৃত্যই আগৰ কিছু ৰূপ হেৰুৱালে যদিও পৰিৱেশ – পৰিস্থিতিৰ সৈতে ৰজিতা খুৱাই ইয়াক কোনোমতে ৰক্ষা কৰি অহা যেন অনুভৱ হয়। আগতে বিহু বুলি ক’লে অসমীয়া ডেকাৰ মনত যিটো অনুভৱ অনুৰাগ সেয়া লাহে লাহে কমি অহা পৰিলক্ষিত হৈছে। জনজীৱনৰ অন্যান্য কামৰ ব্যস্ততাৰ মাজতো আমি বাপোতিসাহোন বিহু উৎসৱৰ মান-মৰ্যদা ৰক্ষা কৰি অসমীয়া জাতিৰ স্বকীয়তা ৰক্ষাৰ্থে সহযোগিতা কৰাত নতুন প্ৰজন্মৰ কৰ্তব্য আৰু দায়িত্ব আহি পৰিছে। আমাৰ পৰিয়াল , সমাজ , শিক্ষানুষ্ঠান আৰু চৰকাৰী ভাবেও এনেদৰে জাতীয় সচেতনমূলক কামেৰে উঠি অহা প্ৰজন্মক সামাজিক, সাংস্কৃতিক, নৈতিক তথা ৰাজনৈতিক জ্ঞান প্ৰদান কৰিব পাৰিলে দেশৰ মংগল সাধন হ’ব। উঠি অহা যুৱ প্ৰজন্ময়ো এইক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা উচিত। কিয়নো বিহু বুলি ক’লে তেওঁলোকৰ হৃদয়ত এক অনুৰাগ বাজি উঠিব লাগিব। বিহু মানে কি , বিহুৰ তাৎপৰ্য কি আৰু ইয়াক পূৰ্বতে কেনেকৈ পালন কৰা হৈছিল এই সকলোবোৰ বিচাৰি চাই যুৱ প্ৰজন্মই বিহুৰ বিশেষত্ব ৰক্ষা কৰিবলৈ আগবাঢ়ি আহিব লাগিব। যুৱ শক্তি অতুলনীয় শক্তি, এই শক্তিৰে কৰিব নোৱাৰা কাম একো নাই। বিহু কেৱল মঞ্চতে নহয়, ই অসমীয়া জনজীৱনৰ প্ৰতিজন ব্যক্তি প্ৰতিটো পৰিয়ালৰ হিয়াৰ আমঠু। ইয়াৰ আচাৰ-অনুষ্ঠান, বিচাৰ -বিশ্লেষণ আৰু বিশেষত্ব ৰক্ষা কৰাতো প্ৰতিজন অসমীয়াৰ কৰ্তব্য। বিহুনৃত্যৰ বিশেষত্ব, বৈশিষ্ট্য আৰু ব্যৱহাৰ কৰা আ-অলংকাৰৰ সম্পৰ্কে আজিৰ প্ৰজন্মৰ বহুতেই জ্ঞাত নহয়। বিশেষকৈ বহাগ বিহুত পালন কৰা সাত বিহুৰ প্ৰতিটো দিনৰ যে স্বকীয়তা আছে সেইকথা বহুত অসমীয়া ডেকা – গাভৰুৱে নাজানে। গৰু বিহুৰ দিনা পালন কৰা পূৰ্বৰ নিয়মসমূহ আৰু এইবোৰৰ তাৎপৰ্য অসমীয়া যুৱক – যুৱতীয়ে জনাৰ প্ৰয়োজন আছে। আমাৰ ঘৰৰ কথা আমি নিজেই নাজানিলে সেয়া আমাৰ বাবে দুৰ্ভাগ্য কথা। লোকে হাঁহিব বুলিয়ে হওক বা নিজৰ জাতীয় প্ৰীতি আৰু সচেতনতাৰ বাবেই হওক মুঠতে আমাৰ সংস্কৃতিক আমি মৰ্মে মৰ্মে উপলব্ধি কৰাতো আমাৰ দায়িত্ব। আমাৰ বাবে এইটো অতি গুৰুত্বপূৰ্ণ কথা যে অসমীয়া বাপোতিসাহোন বিহু উৎসৱৰ সৌন্দৰ্য, তাৎপৰ্য আৰু ইয়াৰ প্ৰাসংগিকতাক ভালদৰে বুজি ল’ব লাগিব। অসমীয়া সমাজ আৰু সামাজিক জীৱনত ইয়াৰ কি ভূমিকা তাক গুৰুত্বপূৰ্ণ ভাবে বুজি লৈ পৰম্পৰা সহকাৰে ইয়াক পালনৰ ব্যৱস্থা কৰা উচিত। অসমীয়া জনজীৱনৰ বাবে বিহু যে এক মন্ত্ৰস্বৰূপ সেইকথা অসমত থকা প্ৰতিজন অসমীয়াই বুজিব লাগিব। জনমানসত এই মন্ত্ৰৰ গুৰুত্ব আছে। অসমীয়া জনজীৱনৰ সমৃদ্ধি সুখ আৰু একতাৰ ভাব বহন কৰা বিহু উৎসৱ আমাৰ প্ৰতিজন অসমীয়াৰ বাবে হৃদয়ৰ সম্পদ। বৰ্তমান সময়ত বহিৰাগতৰ প্ৰৱেশ আৰু আধুনিকতাৰ পয়োভৰে স্বকীয় বৈশিষ্ট্যৰ বিনাশ ঘটোৱা দেখা যায়। তেনে স্থলত বাপোতিসাহোন বিহু উৎসৱৰ সৌন্দৰ্য আৰু তাৎপৰ্য ৰক্ষা কৰিবলৈ অসমীয়া যুৱক – যুৱতীসকলৰ সহযোগিতা নিতান্তই প্ৰয়োজনীয়।বহাগ বা ৰঙালী বিহু কৃষি মানুহ আৰু জীৱৰ উৎসৱ। সেইদৰে ভোগালী বা মাঘ বিহু অগ্নি পূজাৰ জৰিয়তে ভোগৰ উৎসৱ আৰু কাতি বা কঙালী বিহু শস্যৰ বিঘিনী নাশ কৰি নিৰাপদে চপোৱাৰ উৎসৱ। তিনিওটা বিহুৱে তিনিটা তাৎপৰ্য বহন কাৰী অসমৰ জাতীয় জীৱনৰ লগত জড়িত জাতীয় উৎসৱ যদিও বিশেষকৈ ৰঙালী বা বহাগ বিহুৱে জনজীৱনক প্ৰভাৱিত কৰিব পৰা এনে এক উৎসৱ যাৰ লগত ধৰ্মীয় , পৰম্পৰা, সাংস্কৃতিক, নৈতিক আদি সকলোবোৰ দিশ জড়িত হৈ আছে। আনকি জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোৰে সংস্কৃতিক একেখন দলিচাতে প্ৰকাশ আৰু বিকাশ কৰাৰ সুবিধা ইয়াত আছে। অসমীয়া জাতিক একতাৰ জৰিৰে বান্ধি একেখন মঞ্চতে নিজৰ নিজৰ ভুমিকা প্ৰদৰ্শন কৰাৰ সুবিধা লাভ কৰিছে। সেয়ে বিহুৰ ভৱিষ্যত আমাৰ হাতত। আমাৰ গঠনমূলক কাৰ্য-কলাপে বিহুৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব। উঠি অহা প্ৰজন্মক আমি দায়িত্ব অৰ্পণ কৰি আঁতজৰি হাতত লৈ বাট দেখুৱাব লাগিব। এদিন বিহুৱে হয়তো ইয়াতকৈও অধিক সফলতা লাভ কৰিব পাৰিব বুলি আমি আশাবাদী।