জাতি নে যোগ্যতা – আয়শা ছিদ্দিকা

জাতি নে যোগ্যতা

 আয়শা ছিদ্দিকা (আছৰি)
বাংলিপাৰা,বৰপেটা 

বৰ্তমান সময়ত সমাজৰ উন্নয়নমূলক গাঁথনিৰ ক্ষেত্ৰত কোনটো দিশ বেছি প্ৰয়োজন এইটো এটা অত্যন্ত জটিল বিষয়। এই বিষয় কেৱল দৰ্শন বা নৈতিকতাত সীমাবদ্ধ নহয়, ই সামাজিক ন্যায়, ৰাষ্ট্ৰীয় অগ্ৰগতি আৰু মানৱ অধিকাৰ আৰু সমাজ এখনৰ অগ্ৰগতিৰ এক গভীৰ সংক্ৰান্ত বিষয়।

বিশেষকৈ অসমৰ দৰে এক সংবেদনশীল সামাজিক প্ৰেক্ষাপটত য’ত জাতিগত বৈচিত্ৰ্য আছে যাৰ বাবে এনে এখন ৰাজ্যত  জাতিভেদ আৰু মেধাৰ মূল্যায়ন আৰু  আসন সংৰক্ষণৰ বিষয়সমূহ বিশেষভাৱে গুৰুত্বপূৰ্ণ হৈ উঠে।

অসমত এই জাতি-ভিত্তিক বা আসন‌সংৰক্ষণ ভিত্তিক মানসিকতা প্ৰৱলভাৱে ৰক্ষিত। যিয়ে সৃষ্টি কৰে -সুযোগৰ একচেটিয়া অধিকাৰ,সামাজিক মান-অপমান,আৰু বহু মেধাসম্পন্ন যোগ্য , কৰ্মঠ, আৰু নীতিবান লোকৰ অবমূল্যায়ন। যাৰ ফলত সমাজত মানুহৰ গুণ নহয়, জাতি প্ৰথাই মানৱিক, বৌদ্ধিক আৰু নৈতিক সংকটৰ সৃষ্টি কৰে।

আচলতে আসন সংৰক্ষণ নীতি বা জাতিগত প্ৰথা আৰম্ভ হৈছিল সমাজৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ অবহেলিত জনগোষ্ঠীক সহানুভূতি মূলক সহায় আগবঢ়োৱাৰ উদ্দেশ্যে।

ইয়াক সাময়িক ব্যৱস্থা হিচাপে গ্ৰহণ কৰা হৈছিল যাতে আন শ্ৰেণীৰ মানুহৰ তুলনাত এই শ্ৰেণী কোনো ক্ষেত্ৰত পিছপৰি থাকিব নালাগে। কিন্তু দুখৰ বিষয় এই যে । আজিৰ প্ৰেক্ষাপটত এই সংৰক্ষণ ব্যৱস্থা -জাতিৰ ওপৰত আধাৰিত, শিক্ষাৰ ক্ষেত্ৰত নম্বৰ ৰেহাই,চাকৰিত কোটা,নিৰ্বাচনত আসন সংৰক্ষণ।

এই সকলো ব্যৱস্থাই বৰ্তমান সময়ত বহু ক্ষেত্ৰত যোগ্যতাৰ মৰ্যাদা খণ্ডিত কৰা বুলি পৰিলক্ষিত হয়।

সাধাৰণতে অসমত সংৰক্ষণ ST(H), ST(P), SC, OBC, MOBC আৰু EWS (সাধাৰণ দুখীয়া) গোটসমূহক প্ৰদান কৰা হয়।  বৰ্তমান সময়ত চাকৰিৰ ক্ষেত্ৰত হওক বা কোনো বাছনি পৰীক্ষাত হওক দেখা যায় যে  সাধাৰণ শ্ৰেণীৰ এজন মেধাৱান প্ৰাৰ্থীয়ে ৯০ নম্বৰ পোৱাৰ পিছতো বাদ পৰে আনফালে সংৰক্ষিত কোটা অনুযায়ী ৬৫ নম্বৰ  বা তাতোকৈও কম নম্বৰ পোৱা প্ৰাৰ্থীয়ে সুযোগ লাভ কৰে।

অলপতে ঘোষণা কৰা হাইস্কুল স্নাতক শিক্ষকৰ পদৰ ‘Tet cum Recruitment’ ৰ ফলাফলে সঁচাকৈয়ে চিন্তাৰ এটা বিষয়। মাধ্যমিক শিক্ষা বিভাগে ঘোষণা কৰা ফলাফলত অংক বিষয়ত ১৪০ মুঠ নম্বৰৰ ভিতৰত সাধাৰণ বৰ্গ(General Caste) ৰ প্ৰাৰ্থীৰ বাবে নিযুক্তিৰ মাপকাঠি হিচাপে ১০০ নম্বৰ নিৰ্ধাৰণ কৰে আনফালে সংৰক্ষিত শ্ৰেণীৰ বাবে মাত্ৰ ২.২৫ নম্বৰ ধাৰ্য্য  কৰা হয় । এনে নূন্যতম নম্বৰ লৈ চাকৰি পোৱা শিক্ষকজনে শিক্ষাৰ্থীসকলক কি শিক্ষা দিব….? কেৱল এইখিনিতে সিমাবদ্ধ নহয় সকলো বিষয়তে একেই অৱস্থা।

এই ব্যৱস্থা যিমানেই আইনীভাৱে সমৰ্থনযোগ্য হওক সমাজত মনস্তাত্ত্বিক অন্যায় আৰু হতাশাৰ সৃষ্টি কৰে।এনেকৈ চলি থাকিলে এটা  সময়ত যোগ্যতাই জাতি প্ৰথাৰ বাবে অস্তিত্ব হেৰুৱাই পেলাব। যিয়ে সমাজৰ উদ্যম আৰু স্থায়িত্বত প্ৰভাৱ পেলাব।

মেধাৱী যোগ্য ব্যাক্তি এজনে সমাজৰ হকে,দেশৰ হকে যেনেকৈ সেৱা আগবঢ়াই যাব পাৰিব তেনে ক্ষেত্ৰত মেধা আৰু যোগ্যতা কম থকা কোটা ভিত্তিত সুবিধা লাভ কৰা ব্যক্তিজনে জানো পাৰিব….? এয়া সাধাৰণ মানুহক বিপদৰ মুখলৈ ঠেলি দিয়া নহয় নে….?

যদি এনেকৈয়ে শিক্ষাৰ ক্ষেত্ৰত, চিকিৎসাৰ ক্ষেত্ৰত এনে কোটা ব্যৱস্থা বা জাতিগত প্ৰথাৰ ব্যৱস্থা বৰ্তি থাকে  তেনেহলে ইয়াক ক’ব স্বেচ্ছাই অন্ধকাৰ নৰকলৈ গতিয়াই পঠিওৱা।

চাকৰিৰ নামত সংৰক্ষণ যদি সহায় হয় পিছ পৰা জনতাক আগবাঢ়িবলৈ তেন্তে ই প্ৰয়োজন আৰু ইয়াক সকলোৱে সমৰ্থন কৰিব।

কিন্তু যদি এইটো জাতিৰ সুযোগৰ একচেটিয়া অধিকাৰ হ’বলৈ লয়, তেন্তে ই সমাজৰ বাবে এক বিপদ সংকেত। কোনোপধ্যেই ই সমৰ্থনযোগ্য হ’ব নোৱাৰে।

মোৰ বোধেৰে যোগ্যতা হ’ল সমাজৰ উন্নতিৰ মূল আধাৰ। বংশ, ধৰ্ম, জাতি বা অঞ্চলৰ ওপৰত নহয় ই হ’ব লাগে- শিক্ষা,নৈতিকতা,আত্মবিশ্বাস,আৰু কর্মদক্ষতা’ৰ ওপৰত।

আচলতে অসমত যোগ্যতাৰ অভাৱ নাই, অভাৱ আছে মাথোঁ যোগ্যতাৰ সঠিক মূল্যায়ন কৰাৰ।

যদি এজন মেধাৱান যুৱকে কেৱল জাতি প্ৰথাৰ বাবে  নিযুক্তিৰ পৰা বঞ্চিত হয়, তেন্তে সমাজে হেৰুৱায় এজন কৰ্মঠ, যোগ্য, উন্নয়নকামী নাগৰিক।

আসন সংৰক্ষণ নীতি বা কোটা ভিত্তি বা জাতিগত প্ৰথা চিৰস্থায়ী হ’ব নালাগে। ইয়াৰ চামে চামে(এটা প্ৰজন্মৰ পিছে) সংস্কাৰ কৰিব লাগে। আৰু সংৰক্ষণ হ’ব লাগে  অর্থনৈতিক আৰু শিক্ষাগত দৃষ্টিভংগীত, জাতিগত নহয়। EWS সংৰক্ষণ অধিক বিস্তৃত হ’ব লাগে। যাতে সঁচা অৰ্থৰ দুখীয়া যোগ্য ব্যক্তি সকলে এই সুবিধা লাভ কৰিব পাৰে।যিসকলে ইতিমধ্যে দুটামান পুৰুষ বা প্ৰজন্ম ধৰি উপকৃত হৈছে, তেওঁলোকক বাদ দিয়াৰ ব্যৱস্থা কৰিব লাগে। merit-based selection’ৰ ক্ষেত্ৰৰ বেছি গুৰুত্ব দিয়া উচিত।ইয়াৰ ফলত  সমাজত ন্যায় প্ৰতিযোগিতাৰ প্ৰকৃত উদ্দেশ্য আৰু এক বিশ্বাসযোগ্য গণতান্ত্ৰিক মূল্যবোধ প্ৰতিষ্ঠিত হ’ব পাৰিব।

অসমৰ সমাজ যদি সঁচাকৈ আগবাঢ়িব বিচাৰে, তেন্তে ই  আসন সংৰক্ষণ, কোটা ভিত্তি বা জাতি প্ৰথা নামৰ এক পুৰণি, গ্লানিপূৰ্ণ বেদীক এৰিবলৈ শিকিব লাগিব।আজিৰ অসমত প্ৰয়োজন -নতুন সমাজচিন্তা,ন্যায় প্ৰতিষ্ঠা, নতুন উদ্যমেৰে কাম কৰিব পৰা যোগ্য যুৱ সমাজ । ‘যোগ্য ভোগ্য বসুন্ধৰা’ কথাষাৰ বাস্তৱত কাৰ্যকৰী হোৱা উচিত।

দেশখনৰ বিকাশৰ বাবে মেধা আৰু পৰিশ্ৰমৰ মূল্যায়ন একমাত্র উপায়।কোনেও কেৱল জাতি প্রথাৰ ওপৰত নিৰ্ভৰ কৰি দায়িত্ব পাব নালাগে , দ্বায়িত্ব পাব লাগে যিয়ে বাস্তৱত সেই বিষয়ে জ্ঞান অৰ্জন কৰিছে আৰু যোগ্য।

 মহান ব্যক্তি এজনে কৈছিল- “মানুহৰ মহত্ব তেখেতৰ জাতিত নহয়,তেখেতৰ চিন্তাত, কৰ্মত, আৰু মূল্যবোধত নিহিত থাকে।”

সংৰক্ষণ সহানুভূতিৰ অস্ৰ নহৈ
দৰিদ্ৰ জনৰ সাহায্যৰ সেতু হওক
যোগ্যতাক উপযুক্ত সন্মান দি
জাতি প্ৰথা ব্যবস্থাৰ  বিনাশ হওক …।