জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীক শ্ৰদ্ধাৰে সোঁৱৰিলো – অনামিকা (সংগীতা)কলিতা

জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীক শ্ৰদ্ধাৰে সোঁৱৰিলো

অনামিকা (সংগীতা)কলিতা

শুৱালকুছি

সত্য, অহিংসা আৰু মানৱপ্ৰেমৰ প্ৰতিমূৰ্তি, সেইজনেই জাতীয় পিতা মহামানৱ মহাত্মা গান্ধী। আজি গোটেই বিশ্বই তেওঁৰ জন্মদিন 2অক্টোবৰটো দিনটো অহিংসা দিবস হিচাপে পালন কৰা হয়। এগৰাকী সাধাৰণ সাজপাৰ পিন্ধা অসাধাৰণ ব্যক্তি ।

১৯৩৯ চনত পৃথিৱীব্যাপী আৰম্ভ হয় সৰ্বধ্বংশী দ্বিতীয় মহাসমৰ।তাৰ প্ৰবল ঢৌ আমাৰ ভাৰত বৰ্ষৰ বুকুত প্ৰচণ্ড খুণ্ডা মাৰিছিল। সেই খুণ্ডাৰ গুৰি ধৰিছিল মহাত্মা গান্ধী ,তেওঁৰ নেতৃত্বত আৰম্ভ হৈছিল ভাৰত ত্যাগ আন্দোলন।ইংৰাজে সকলে যেতিয়া ১৯৪৬চনত কলিকতা আৰু নোৱাখালীত হিন্দু আৰু মুছলমান মাজত সাম্প্ৰদায়িকতাৰ ভাব

সৃষ্টি কৰে ,তাৰ ফল যথেষ্ট হিন্দু আৰু মুছলমানৰ তেজেৰে ৰাঙলী হয় ।তেতিয়া মহাত্মা গান্ধীয়ে একমাত্ৰ ব্যক্তি আছিল যি কলিকতা আৰু নোৱাখালীত গৈ ভ্ৰাতৃপ্ৰেম আৰু অহিংসাৰ বাণীৰে সকলোকে একতাৰ দোলেৰে বান্ধিবলৈ সক্ষম হৈছিল। এই জাতিৰ পিতাজনৰ অৱদান,তেওঁৰ কাৰণে ১৯৪৭ চনৰ ১৫আগষ্টত আমাৰ দেশ ইংৰাজৰ শাসনৰ পৰা মুক্তি লাভ কৰে।