জাতিৰ পিতা বাপুজী – ছেলিমা বেগম

জাতিৰ পিতা বাপুজী
ছেলিমা বেগম,  নগাঁও
হে জাতিৰ পিতা বাপুজী
 প্ৰণাম জনালোঁ,
অহিংসা- সত্যাগ্ৰহৰ
 অস্ত্ৰৰে শক্তিশালী
কৰিলা ভাৰত আমাৰ।
ব্ৰিটিছৰ সাম্ৰাজ্যবাদী
শক্তিক পৰাভূত কৰি
 ভাৰতৰ সফলতা
দেখুৱাই দিলা তুমি ।
পৰাধীনৰ শিকলি চিঙি
ভাৰতবাসীক মুক্তি কৰি
স্বাধীন মনে থাকিবলৈ দিলে
আমাৰ পৰম পিতা বাপুজী।
ভাৰতৰ ত্ৰাৰ্ণকৰ্তা তুমি বাপুজী
ভাৰতৰ স্বাধীনতা আন্দোলনৰ
গুৰি ধৰোতা, তোমাৰ ত্যাগৰ
বিনিময়ত আমি পালোঁ স্বাধীন।
ইংৰাজৰ হাতৰ পৰা মুক্ত কৰি
ভাৰত স্বাধীন কৰি দিয়াৰ বাবে
ক’ত যে আন্দোলনত জপিয়াই
পৰিছিল আমাৰ পিতা বাপুজী।
নিজ দেশ ৰক্ষাৰ খাতিৰত
ব্ৰিটিছ বিৰুদ্ধে বিদ্ৰোহ কৰি
ক’ত যে কাৰাবাস খাটিব লগিয়া
 হৈছিল আমৰ পিতা বাপুজী।
এখন শক্তিশালী ৰাষ্ট্ৰ হিচাপে
আমি থাকিব পাৰি গৌৰৱ কৰিছোঁ
আজি তোমাক লৈ হে নময্য পিতা ।
নিজ দেশৰ বাবে শ্বহীদ হৈ আজিও
অমৰ হৈ আছা আমাৰ মাজত
প্ৰতিবছৰে দুই অক্টোবৰত
 অহিংসা নীতিৰ পূজাৰী
স্মৰণ কৰি গান্ধী জয়ন্তী
হিচাপে পালন কৰিম আমি
ভাৰতবৰ্ষত জন্ম দিনৰ
 শুভেচ্ছা জনাই ।