জাতিভিত্তিক লোকপিয়ল আৰম্ভ কৰাৰ সিদ্ধান্ত গ্রহণ কেন্দ্ৰীয় চৰকাৰৰ
ৰঙিলী বাৰ্ত্তাসেৱা- জাতিগত লোকপিয়লৰ ক্ষেত্ৰত বুধবাৰে কেন্দ্ৰীয় চৰকাৰে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।ৰাজনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটীয়ে জাতিভিত্তিক লোকপিয়ল আৰম্ভ কৰাৰ সিদ্ধান্ত গ্রহণ কৰে। কেবিনেট বৈঠকৰ অন্তত কেন্দ্রীয় মন্ত্রী অশ্বিনী বৈষ্ণৱে সাংবাদিকৰ আগত বৈঠকে লোৱা সিদ্ধান্তৰ বিষয়ে অৱগত কৰে। কেন্দ্ৰীয় মন্ত্রী বৈষ্ণৱে প্ৰকাশ কৰা মতে, মোদী চৰকাৰে দেশজুৰি জাতিভিত্তিক লোকপিয়ল আৰম্ভ কৰিব। পৰৱৰ্তী লোকপিয়লত জৰীপৰ পৰিৱৰ্তে জাতি গণনা কৰিব বুলি কেবিনেটে সিদ্ধান্ত গ্রহণ কৰিছে। জাতিভিত্তিক লোকপিয়লৰ সিদ্ধান্ত কেবিনেটে গ্রহণ কৰা বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্রী বৈষ্ণৱে কয়- কংগ্ৰেছ চৰকাৰে দীৰ্ঘদিন ধৰি জাতিভিত্তিক লোকপিয়লৰ বিৰোধিতা কৰি আহিছিল। স্বাধীনতাৰ পিছৰে পৰা কোনো এটা ৰাষ্ট্ৰীয় লোকপিয়লত জাতি গণনা কৰা হোৱা নাছিল। ২০১০ চনত তদানীন্তন প্রধানমন্ত্রী প্রয়াত মনমোহন সিঙে লোকসভাত জাতিগত লোকপিয়লৰ বিষয়টো কেবিনেটত বিবেচনা কৰিব বুলি মন্তব্য কৰিছিল। মন্ত্ৰীবৰ্গৰ কমিটীও গঠন কৰা হৈছিল। অধিকাংশ ৰাজনৈতিক দলে জাতিভিত্তিক লোকপিয়লত অনুমোদন জনাইছে। ইয়াৰ পিছতো কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰে প্ৰকৃত জাতিগত লোকপিয়লৰ পৰিৱৰ্তে এক জৰীপহে চলাইছিল। এই জৰীপক আর্থ-সামাজিক আৰু জাতিভিত্তিক লোকপিয়ল বুলি জনা যায়। অৱশ্যে কংগ্ৰেছ আৰু ইণ্ডিজোঁটৰ কেইবাটাও দলে ৰাজনৈতিক লাভালাভৰ বাবে শেহতীয়াভাৱে জাতিভিত্তিক লোকপিয়লৰ বিষয়টো উত্থাপন কৰি আহিছে। সংবিধানৰ অনুচ্ছেদ ২৪৬ অনুসৰি লোকপিয়লৰ বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ অধীনত থাকে। অৱশ্যে কিছুমান ৰাজ্যই জৰীপৰ জৰিয়তে জাতি গণনা কৰিছে। কিছুসংখ্যক ৰাজ্যই সঠিকভাৱে এই জৰীপ চলাইছে। কিন্তু একাংশ ৰাজ্যই ৰাজনৈতিক লাভালাভ আৰু স্বচ্ছতা নোহোৱাকৈ চলাইছে। এনেধৰণৰ জৰীপে দ্বিধা আৰু সমাজত মিছা তথ্য প্ৰচাৰ কৰে। সকলো দিশ সামৰি সমাজক অর্থনৈতিক আৰু সামাজিকভাৱে আগবঢ়াই নিয়াৰ নিশ্চিতকৰণৰ বাবেই ৩০ এপ্রিল ২০২৫ত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন ৰাজনৈতিক পৰিক্ৰমাৰ কেন্দ্ৰীয় কমিটীয়ে পৰৱৰ্তী ৰাষ্ট্ৰীয় লোকপিয়লত জাতি গণনাৰ সিদ্ধান্ত লৈছে। ইপিনে কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ পিছতেই বিহাৰৰ মুখ্যমন্ত্ৰী তথা জেডিইউৰ মুৰব্বী নীতিশ কুমাৰে আদৰণি জনাইছে।

