জাজৰিত আজানপীৰ জিকিৰ জাৰী অনুষ্ঠান অনুষ্ঠিত

জাজৰিত আজানপীৰ জিকিৰ জাৰী অনুষ্ঠান অনুষ্ঠিত

আদিলুৰ ৰহমান,টুকটুকী ,ৰঙিলী বাৰ্ত্তাসেৱা-   পৃথিৱীৰ ভিতৰত আটাইতকৈ ভাল স্কুল হল নিজৰ ঘৰখন আৰু পৃথিৱীৰ ভিতৰত আটাইতকৈ ভাল শিক্ষকক হল পিতৃ-মাতৃ। আজি জাজৰি নিচান তলত এনেদৰে কয়-চৰাইবাহী মহাবিদ্যালয়ৰ অধ্যাপিকা ড৹ নাজমা বেগমে। জাজৰিৰ নিচান তলত “আজানপীৰ জিকিৰ জাৰী অনুষ্ঠান আৰু নৱ-প্ৰজন্মৰ ওপৰত নিচাযুক্ত দ্ৰব্যৰ দূৰীকৰণ আৰু ছাত্ৰ ছাত্ৰীৰ মাজত শৈক্ষিক পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত অভিভাৱকৰ দায়িত্ব আৰু কৰ্তব্য ” শীৰ্ষক এটি আলোচনা চক্ৰত ড৹ বেগমে আৰু কয়- জিকিৰ জাৰী অবিহনে অসমীয়া সংস্কৃতি টিকি থাকিব নোৱাৰে । আলোচনা চক্ৰটোত বড়ি বজাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মুনিদ্ৰ ডেকাই নিচাযুক্ত দ্ৰব্যৰ দূৰীকৰণৰ ওপৰত ভাষণ প্ৰদান কৰে।চক্ৰটিত পৰিচয় অসম ন্যাসৰ মুখ্য আহ্বায়ক চৈয়দ মাৰুফে আজান পীৰৰ জিকিৰ জাৰীৰ ওপৰত বহল বাখ্যা আগবঢ়াই। প্ৰাক্তন বেংক শাখা পৰিচালক আবুল খাইৰ আহমেদে সভাপতিত্ব কৰা আলোচনা চক্ৰটোত হাজোৰ অনাতাঁৰ শিল্পী মুস্তাকিন আহমেদ, শিৱসাগৰৰ জিকিৰ শিল্পী আজিমুদ্দিন আহমেদ আৰু বৰচিলা চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ অধ্যাপিকা আছপিয়া চুলতানাই জিকিৰ জাৰী পৰিৱেশন কৰি জাজৰিবাসীক আপ্লুত কৰে। আলোচনা চক্ৰটোত জিকিৰ শিল্পী মইনুল হক, মাজ জাজৰীৰ গায়ক জিতু চাৱন ,জাজৰি সমন্বয়ক গোষ্ঠীৰ সভাপতি ইউনুচ আলী আৰু সম্পাদক ফিৰোজ আলমকে আদি কৰি সহস্ৰাধিক ৰাইজ উপস্থিত আছিল।