জাগীৰোডৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা

জাগীৰোডৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা- মঙলবাৰে পুৱতি নিশা  জাগীৰোডৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ শিলচাঙত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই ভয়ংকৰ দুৰ্ঘটনাটোত থিতাতে নিহত হয় তিনিজনকৈ লোকৰ। দুৰ্ঘটনাটোত নিহতসকল হ’ল-চিকিৎসক ডাঃ কণ্ঠেশ্বৰ বৰদলৈ, মানস মহন্ত আৰু আছিক হুছেইন।জানিব পৰা মতে, তীব্ৰবেগী ক্ৰেতা বাহনখনে ৰাস্তাৰ কাষৰ ডিভাইডাৰত খুন্দা মাৰি বাগৰি পৰে। যাৰ ফলত এই ঘটনা সংঘটিত হৈছে। AS-01EW-6546 নম্বৰৰ ক্ৰেতা বাহনখনত ৫জন লোক আছিল। তাৰ ভিতৰত তিনিগৰাকী লোকৰ মৃত্যু হয় আৰু গুৰুতৰভাৱে আহত দুগৰাকী লোকক চিকিৎসাৰ বাবে হাস্পাতাললৈ  প্ৰেৰণ কৰা হয়। মৃতদেহ সহ দূৰ্ঘটনাগ্ৰস্ত বাহন খন নেলী আৰক্ষী চকীলৈ লৈ যায় আৰক্ষীয়ে।

উল্লেখযোগ্য যে, দুৰ্ঘটনাত মৃত্যু হোৱা ডাঃ কণ্ঠেশ্বৰ বৰদলৈ মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ জ্যেষ্ঠ প্ৰসূতিৰোগ বিশেষজ্ঞ আছিল।কিছুদিন পূৰ্বে, বাতৰিৰ শিৰোনাম দখল কৰিছিল ডাঃ কণ্ঠেশ্বৰ বৰদলৈয়ে। যোৱা ৫ ছেপ্টেম্বৰৰ পৰা ৬ ছেপ্টেম্বৰৰ ভিতৰত মাত্ৰ ১০ ঘণ্টাত জটিল ছিজাৰিয়ান অস্ত্ৰোপচাৰৰ জৰিয়তে ২১টাকৈ নৱজাতক প্ৰসৱ কৰোৱাৰ বাবে মৰিগাঁও জিলা প্ৰশাসনৰ তৰফৰ পৰা শ্ব’ কজ জাননী জাৰী কৰা হৈছিল মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ কণ্ঠেশ্বৰ বৰদলৈক। ইতিমধ্যে আৰক্ষীয়ে মৃতদেহ কেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। আহতসকল বৰ্তমান হাস্পাতালত ভৰ্তি হৈ আছে। আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ আহিব পাৰে।দুর্ঘটনাটোৱে নেলী অঞ্চল তথা মৰিগাঁও জিলাজুৰি শোকৰ ছাঁ পেলাইছে।