জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্রকল্পস্থলী পৰিদৰ্শন কেন্দ্রীয় বিত্তমন্ত্রীৰ

জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্রকল্পস্থলী পৰিদৰ্শন কেন্দ্রীয় বিত্তমন্ত্রীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- দুদিনীয়া ভ্রমণসূচীৰে অসমত উপস্থিত হোৱা কেন্দ্রীয় বিত্তমন্ত্রী সীতাৰমণে জাগীৰোডত নির্মীয়মাণ টাটা ইলেক্ট্র’নিকছ আউটছ’চড ছেমিকণ্ডাক্টৰ এছেম্বলী এণ্ড টেষ্ট (অ’এছএটি) প্ৰকল্পৰ স্থান পৰিদৰ্শন কৰে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কেন্দ্রীয় বিত্তমন্ত্রী সীতাৰমণে প্রকল্পটো পৰিদৰ্শন কৰাৰ সমান্তৰালভাৱে ইয়াৰ বিষয়াসকলৰ সৈতে মত বিনিময় কৰি অগ্ৰগতিৰ পৰ্যালোচনাতো অংশ লয়। ইয়াৰ পিছতে তেওঁ ‘এণ্টাৰপ্ৰাইজ অসম-বিকশিত ভাৰত ২০৪৭’ শীর্ষক এক আলোচনাত অংশগ্ৰহণ কৰে। য’ত উপস্থিত আছিল দুশতকৈও অধিক ছাত্র-ছাত্রী, ষ্টার্ট-আপ আৰু উদ্যোগী। এই আলোচনাত ভাষণ দি তেওঁ অসমৰ ঔদ্যোগিক আৰু উদ্ভাৱনৰ পৰিৱেশত যুৱক-যুৱতীসকলৰ বাবে সম্প্ৰসাৰিত হোৱা সুবিধাসমূহৰ ওপৰত আলোকপাত কৰে। বিশেষকৈ ভাৰতৰ প্ৰযুক্তিগত পৰিৱৰ্তনত অসমৰ ভূমিকাক প্রশংসা কৰি জাগীৰোডত ৰাজ্যখনৰ নতুন অর্ধপৰিবাহী সুবিধা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক টার্নিং পইন্ট আৰু উদ্ভাৱন নেতৃত্বাধীন পৰিৱৰ্তনৰ আৰ্হি ৰূপে তেওঁ আখ্যা দিয়ে। অসমৰ যুৱক-যুৱতীসকলক এই সোণালী মুহূর্তক আঁকোৱালি লৈ উদ্যোগীকৰণৰ ক্ষেত্ৰত সাহসী অগ্রগতি গ্রহণ কৰিবলৈ কেন্দ্ৰীয় বিত্তমন্ত্রী সীতাৰমণে আহ্বান জনায়। কেন্দ্ৰীয় বিত্তমন্ত্রী সীতাৰমণে কয় যে নীতি বা পুঁজি থকাটো অন্য এটা কথা। কিন্তু যেতিয়া অনুকূল সুবিধাই নতুন আৰু অগতানুগতিক অঞ্চললৈ বিনিয়োগ আনে, তেতিয়াহে প্রকৃত উন্নয়ন ঘটে। জাগীৰোডত অর্ধপৰিবাহী সুবিধা কেৱল অসমৰ বাবেই নহয়, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবেও এক সুযোগ। ই এক শক্তিশালী বার্তা প্ৰেৰণ কৰে- আমি কৰিব পাৰোঁ। তেওঁ জাগীৰোডত অ’এছএটি সুবিধাক প্রশংসা কৰি ভাৰতক প্রযুক্তিগত আত্মনিৰ্ভৰশীলতাৰ দিশলৈ লৈ যোৱাৰ ক্ষেত্ৰত ইয়াক এক যুগান্তকাৰী পদক্ষেপৰূপে অভিহিত কৰে।

তেওঁ পুনৰ কয় যে দেশৰ অন্যতম প্রধান উৎপাদন প্রকল্প হ’বলগীয়া জাগীৰোডৰ এই অ’এছএটিয়ে দেশৰ স্বাৱলম্বী অর্ধপৰিবাহী পৰিৱেশতন্ত্র গঢ়ি তোলাৰ লক্ষ্য পূৰণ কৰিব। জাগীৰোডৰ অৰ্থপৰিবাহী সুবিধাই ভাৰতৰ অৰ্ধপৰিবাহী উৎপাদন ক্ষমতাক শক্তিশালী কৰাৰ লক্ষ্যৰে চৰকাৰী সমৰ্থিত প্ৰকল্পৰ নেটৱৰ্কৰো অংশ। এই প্রকল্পটোৱে ইতিমধ্যে বিশ্বৰ বহু লাখ পেছাদাৰীক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। নিজৰ উদ্যোগতে কেইবাজনো প্রবাসীয়ে ইয়াত যোগদান কৰিছে। আনকি মুখ্যমন্ত্রী বা প্ৰতিষ্ঠানৰ তৰফৰ পৰা তেওঁলোকক আমন্ত্রণ জনাবলগীয়া হোৱা নাই। সেইটোৱে টাটা আৰু অসম উভয়ৰে সৈতে জড়িত আত্মবিশ্বাস আৰু বিশ্বাসৰ বিষয়েই প্রতিপন্ন কৰে। এই প্ৰসংগতে ভাৰতৰ বিকাশশীল ষ্টার্ট-আপ ইক’ ছিষ্টেমৰ ওপৰত আলোকপাত কৰি অসমৰ যুৱ উদ্যোগীসকলে নতুন পুঁজিৰ সুবিধা লোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ গৱেষণা-উন্নয়নৰ বাবে কেৱল চৰকাৰী প্ৰতিষ্ঠানৰ বাবেই নহয়, ব্যক্তিগত স্টার্ট-আপৰ কাৰণেও এক লাখ কোটি টকাৰ পুঁজি আগবঢ়াইছে। বীজ পুঁজিৰ পৰা আৰম্ভ কৰি বাণিজ্যিকীকৰণলৈকে কোনো উপযুক্ত ধাৰণা যাতে পুঁজিহীন হৈ নাথাকে সেইটো চৰকাৰে নিশ্চিত কৰিছে। গৱেষণা প্ৰতিষ্ঠানৰ সৈতে সংযোগ স্থাপনৰ বাবে ছাত্র-ছাত্রীসকলক উৎসাহিত কৰি তেওঁৰ ভাষ্য- অসমৰ যুৱক-যুৱতীসকলক গুৱাহাটী আইআইটিৰ সৈতে সংস্পর্শত থাকিবলৈ মই পৰামৰ্শ দিওঁ। আপোনালোকৰ ধাৰণাসমূহ আগুৱাই লৈ যাব। আপোনাৰ ওচৰত থকা ধাৰণাক উদ্যোগলৈ ৰূপান্তৰ কৰিবলৈ গুৰু, আন্তঃগাঁথনি আৰু পৰিৱেশতন্ত্র আছে। অসমৰ যুৱক-যুৱতীসকলে দৰমহা পোৱা চাকৰিৰ আৰামত সন্তুষ্ট হ’ব নালাগে। আপোনালোকে ৰিক্স লওক, উদ্ভাৱন কৰক আৰু নিজাকৈ উদ্যোগ গঢ়ি তোলক। সঠিক মেণ্টৰশ্বিপ আৰু পুঁজি এতিয়া আপোনালোকৰ হাতৰ মুঠিতে আছে।এই পৰিদৰ্শনকালতে কেন্দ্ৰীয় বিত্তমন্ত্রী সীতাৰমণ আৰু মুখ্যমন্ত্রী ড° শর্মাই প্রখ্যাত উদ্যোগপতি তথা টাটা গ্রুপৰ প্রতিষ্ঠাতা জে এন টাটালৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে প্রকল্পস্থলীত একোটাকৈ ৰঙা চন্দনৰ পুলি ৰোপণ কৰে। পৰিদৰ্শনকালত মন্ত্রী বিমল বড়া, পীযূষ হাজৰিকা, সাংসদ কামাখ্যা প্রসাদ তাছা, বিধায়ক ৰমাকান্ত দেউৰী, ৰাজ্য চৰকাৰৰ মুখ্য সচিব ড° ৰবি কোটা, জাগীৰোডৰ অ’এছএটিৰ প্রকল্প মুৰব্বী আশিস মিশ্র আদি উপস্থিত আছিল।