জাগীৰোডত পঞ্চায়ত নিৰ্বাচনৰ তৎপৰতা আম আদমী পাৰ্টিৰ

Pc Wikipedia

জাগীৰোডত পঞ্চায়ত নিৰ্বাচনৰ তৎপৰতা আম আদমী পাৰ্টিৰ

ৰঙিলী বাৰ্ত্তাসেৱা- অহা ডিচেম্বৰ মাহৰ ভিতৰত ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে আম আদমী পাৰ্টিয়ে। আজি জাগীৰোড বিধান সভা সমষ্টিৰ অন্তৰ্গত চন্দ্ৰপুৰ ব্লকৰ অধীনস্থ ১ নং কামৰাপুৰত অনুষ্ঠিত হয় আপৰ যোগদান কাৰ্যসূচী। দলৰ যুৱনেতা নীলমণি শইকীয়া আৰু চম্পক হালৈৰ উপস্থিতিত অনুষ্ঠিত দলীয় যোগদান সভাত বিজেপিৰ যুৱ মৰ্চাৰ পৰা পদত্যাগ কৰি আপত যোগদান কৰে অৰিন্দম ডেকা আৰু ৰূপম ডেকাই। আনহাতে দীৰ্ঘদিনৰ পৰা বিজেপিৰ মহিলা মৰ্চাৰ সৈতে যুক্ত পম্পী দেৱী, তৰালি ডেকা আৰু জাগীৰোড সমষ্টিৰ মহিলা মৰ্চাৰ এগৰাকী নেত্ৰী চুমি ডেকাৰ লগতে তেওঁলোকৰ বহুকেইগৰাকী সমৰ্থকেও আপত যোগদান কৰে। আপৰ নীতি – আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ তেওঁলোকে দলটোত যোগদান কৰা বুলি জনায়। দলত যোগদান কৰা নৱাগত সকলক আদৰণি জনাই যুৱনেতা নীলমণি শইকীয়াই কয়, “আগন্তুক পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আপৰ সাংগঠনিক তৎপৰতা চলাই থকা হৈছে। কংগ্ৰেছ আৰু বিজেপি ত্যাগ কৰি বহুতে আমাৰ দলত যোগ দিছে। পঞ্চায়ত নিৰ্বাচনত আমি শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ সক্ষম হ’ম।” আপৰ নেতাগৰাকীয়ে প্ৰিপেইড স্মাৰ্ট মিটাৰৰ বিৰুদ্ধেও সৰৱ হয় । দিল্লী আৰু পঞ্জাৱ চৰকাৰৰ আৰ্হিত অসমতো কমেও ২০০ ইউনিটলৈকে বিনামূলীয়া বিদ্যুৎ যোগান আঁচনি গ্ৰহণ কৰিবলৈ যুৱনেতা নীলমণি শইকীয়াই দাবী জনায়। সভাত আন এগৰাকী নেতা চম্পক হালৈয়ে নতুনকৈ দলত যোগদান কৰা সকলক নিষ্ঠাসহকাৰে দলীয় সংগঠনৰ কামত ব্ৰতী হ’বলৈ আহ্বান জনায় ।