জাগীৰোডত কংগ্ৰেছকৰ্মীৰ বিজেপিত যোগদান

জাগীৰোডত কংগ্ৰেছকৰ্মীৰ বিজেপিত যোগদান

ৰঙিলী বাৰ্ত্তাসেৱা-  জাগীৰোড সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী পীযূষ হাজৰিকাৰ উপস্থিতিত অর্ধ শতাধিক কংগ্ৰেছ কৰ্মীয়ে বিজেপিত যোগদান কৰে। মন্ত্রী হাজৰিকাই মনোনয়ন দাখিলৰ পিছতে জাগীৰোডত আৰম্ভ কৰিছে বিশেষ নির্বাচনী তৎপৰতা। বিজেপি দলৰ জাগীৰোড বিধানসভা সমষ্টিৰ মুখ্য নির্বাচনী কার্যালয় মুকলি কৰে পীযূষ হাজৰিকাই।

জাগীৰোডৰ জোনবিলস্থিত বিজেপি জাগীভকতগাঁও মণ্ডল কার্যালয়ত স্থাপন কৰা মুখ্য কাৰ্যালয় মুকলিৰ পূৰ্বে অগপ আৰু বিজেপিৰ পতাকা উত্তোলন কৰা হয়। ইয়াৰ পিছতে এখন দলীয় সভাত কর্মী-সমর্থকসকলক উদ্দেশ্যি নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিবলৈ আহ্বান জনায় প্রার্থী পীযূষ হাজৰিকাই। এই সভাতে বিজেপিৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ দলত যোগদান কৰে অর্ধশতাধিক কংগ্ৰেছ কর্মীয়ে। সহস্রাধিক দলীয় নেতা-কর্মীয়ে নির্বাচনী কার্যালয় মুকলি কৰা সভাখনত অংশগ্ৰহণ কৰে।