জলসিঞ্চন বিভাগৰ অৱসৰী অধীক্ষক অভিযন্তা স্বপন কুমাৰ গগৈৰ পৰলোক
এম হাছিম আলী,ডিব্ৰুগড়, ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ বৈৰাগীমঠ নিজকদমণি নিবাসী স্বপন কুমাৰ গগৈৰ ২০ নৱেম্বৰৰ সন্ধিয়া হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৮ বছৰ। ১৯৪৭ চনৰ ১ ফেব্ৰুৱাৰীত মৰাণ তিলৈত জন্ম গ্ৰহণ কৰা গগৈয়ে মৰাণ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ পৰা মেট্ৰিক পাছ কৰাৰ পাছত কটন কলেজৰ পৰা আই এছ চি পাছ কৰাৰ পিছত যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা চিভিল ইঞ্জিনিয়াৰিং পাছ কৰে। প্ৰথমে ই এণ্ড ডি কাৰ্যালয়ত চাকৰিসূত্ৰে যোগদান কৰি পিছত জলসিঞ্চন বিভাগত সহ:অভিযন্তা, সহ:কাৰী কাৰ্য্যবাহী অভিযন্তা , কাৰ্য্যবাহী অভিযন্তা আদি বিভিন্ন পদবীত কাৰ্যনিৰ্বাহ কৰি অৱশেষত ডিব্ৰুগড়ৰ জলসিঞ্চন বিভাগৰ পৰা অধীক্ষক অভিযন্তা হিচাপে ২০০৬ চনত অৱসৰ গ্ৰহণ কৰি ডিব্ৰুগড়তে থাকিবলৈ লয়। চাকৰিৰ কালছোৱাত গগৈয়ে লখিমপুৰ,টংলা,নাজিৰা, শিৱসাগৰ,বিহপুৰীয়া, যোৰহাট, গোলাঘাট, গুৱাহাটী আদি বিভিন্ন ঠাইত কাৰ্যনিৰ্বাহ কৰে। এগৰাকী অতি সহজ সৰল অমায়িক ব্যক্তি ৰূপে পৰিচিত গগৈয়ে মৃত্যুৰ সময়ত পত্নী হিৰণ্যপ্ৰভা গগৈ, এজন পুত্ৰ, এগৰাকী কন্যা, বোৱাৰী, জোৱাঁইৰ লগতে ২ নাতি,২ নাতিনীসহ পৰিয়ালৰ অনেক আত্মীয়ক ইহ সংসাৰত এৰি যায়। আজি (২১-১১-২৫) তেখেতৰ শেষকৃত স্থানীয় চৌকিডিঙ্গী শ্মশানত সম্পন্ন কৰা হয়।
