জলসম্পদ বিভাগৰ জিলা পৰ্য্যায়ৰ অভিযন্তা সকলৰ সৈতে জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ বৈঠক

pc Facebook
জলসম্পদ বিভাগৰ জিলা পৰ্য্যায়ৰ অভিযন্তা সকলৰ সৈতে জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ বৈঠক
অনলাইন বাৰ্ত্তাসেৱা – জলসম্পদ বিভাগৰ জিলা পৰ্য্যায়ৰ অভিযন্তা সকলৰ সৈতে জলসম্পদ বিভাগৰ চলি থকা বিভিন্ন কাম আৰু ভৱিষ্যত কাৰ্যপন্থা সম্পৰ্কে ভিডিও কনফাৰেন্স যোগে এক বৈঠকত মিলিত হয়। এই বৈঠকত শীঘ্ৰে অতি স্পৰ্শকাতৰ অঞ্চল সমূহত বৈজ্ঞানিক পদ্ধতিৰে খহনীয়া ৰোধ আৰু মাথাউৰী নিৰ্মান, মাথাউৰী নথকা অঞ্চল সমূহতো অতি সোনকালে মাথাউৰীৰ কাম আৰম্ভ কৰিবৰ বাবে বিভাগীয় বিষয়ববীয়া সকলক নিৰ্দেশ প্ৰদান কৰে। এই বৈঠকখনতেই জলসম্পদ বিভাগৰ আয়ুক্ত সচিব ডাঙৰীয়া, মুখ্য অভিযন্তা ডাঙৰীয়া আৰু অন্যান্য বিষয়ববীয়া সকল উপস্থিত থাকে।
(UD.)