জলবায়ু পৰিবৰ্তনৰ ফলত সংকটত ব্রহ্মপুত্র অৱবাহিকা

জলবায়ু পৰিবৰ্তনৰ ফলত সংকটত ব্রহ্মপুত্র অৱবাহিকা

ৰঙিলী বাৰ্ত্তাসেৱা-  দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো জলবায়ু পৰিৱৰ্তনৰ  বিৰূপ প্রভাৱ পৰিলক্ষিত হৈছে। বৃষ্টিপাত সাংঘাতিক ধৰণে হ্রাস পোৱাৰ বিপৰীতে অনুভূত হৈছে তীব্ৰ গ্রীষ্মপ্রবাহ। ইয়াৰ মাজতে ইণ্টাৰনেচনেল চেণ্টাৰ ফৰ ইন্টিগ্রেটেড মাউন্টেইন ডেভেলপমেন্ট (আইচিআইএমঅ’ডি) আৰু অষ্ট্ৰেলিয়ান ৱাটাৰ পাৰ্টনাৰশ্বিপ (এডব্লিউপি) নামৰ জলবায়ু সংক্রান্তীয় দুটা আন্তর্জাতিক সংস্থাই অলপতে প্রকাশ কৰা এক গৱেষণালব্ধ প্রতিবেদনত ব্রহ্মপুত্র অৱবাহিকা সন্দৰ্ভত এক ভয়ংকৰ আগজাননী দিছে। ‘এলিভিটিং বিভাৰ বেচিন গভার্নেঞ্চ এণ্ড কো-অপাৰেচন ইন হিন্দ-কুছ-হিমালয়ান ৰিজন’ শীর্ষক এই প্রতিবেদনখনত কোৱা হৈছে যে জলবায়ু পৰিবৰ্তনে দুৰ্ঘোৰ সংকট নমাই আনিব ব্রহ্মপুত্র অৱবাহিকালৈ। অকল সেয়াই নহয়, ব্রহ্মপুত্র অৱবাহিকাত বসবাস কৰা লাখ লাখ গৰিব আৰু খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ মানুহক অস্তিত্বহীন কৰি তুলিব পাৰে। প্রতিবেদনখনৰ তথ্য অনুসৰি ব্ৰহ্মপুত্ৰৰ উৎপত্তিস্থল হিমালয়ত দ্রুত হাৰত হিমবাহ গলি থকাৰ সমান্তৰালকৈ অভাৱনীয় হাৰত গ্লেচিয়াৰ লেক (হিমবাহ গলি পানীৰ পৰা সৃষ্টি হোৱা হ্রদ)ৰ সংখ্যা বৃদ্ধি পাই আছে। ইয়াৰ সমান্তৰালকৈ ব্যাপক হাৰত বাঢ়িছে পূৰ্বৰ হ্রদসমূহৰ আয়তনো। যাৰ বিৰূপ প্রভাৱ ১.৯৩ লাখ বর্গকিলোমিটাৰ জোৰা ব্রহ্মপুত্ৰ অৱবাহিকাত পৰাটো অৱশ্যম্ভাৱী হৈ পৰিছে। মূলতঃ পানীৰ সংকটত ব্রহ্মপুত্র উপত্যকাৰ দৰিদ্ৰ আৰু খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ লাখ লাখ লোকৰ জীৱন বিপন্ন হোৱাৰ সম্ভাৱনীয়তা ব্যক্ত কৰা হৈছে প্রতিবেদনখনত। লগতে কোৱা হৈছে যে সমগ্র অঞ্চলটোৰ আর্থ-সামাজিক গাঁথনি এদিন ভাগি পৰিব।  প্রতিবেদনখন ব্রহ্মপুত্র, সিন্ধু আৰু গংগা এই তিনিটা খণ্ডত বিভক্ত কৰা হৈছে। ব্রহ্মপুত্র অৱবাহিকাত অন্তর্ভুক্ত হৈছে য়াৰলুং ছাংপো, ব্রহ্মপুত্র, চিয়াং আৰু যমুনা নৈ। লক্ষণীয়ভাৱে প্রতিবেদনখনৰ পাতে পাতে আছে বিপৰ্যয়ৰ আগজাননী। ১৯৮৪ চনৰ পৰা কৃত্রিম উপগ্রহযোগে লব্ধ মানচিত্র বিশ্লেষণ কৰি দেখা গৈছে যে ২০১৬-১৭ চনলৈকে সমগ্র হিমালয়ত এক লাখ বর্গকিলোমিটাৰতকৈ বৃহৎ মাটিকালিৰ বিশিষ্ট এলেকাত ২,৪৩১টা গ্লেচিয়াৰ লেক সৃষ্টি হৈছে। ইয়াৰে ৬৭৬টা হ্রদৰ এলেকা বৃদ্ধি পাই আছে ক্রমাৎ। ক্রমবর্ধমান ৰূপত এলেকা বৃদ্ধি পোৱা এই হ্রদসমূহৰ ভিতৰত ভাৰতত বিৰূপ প্রভাৱ পেলাব পৰা হ্রদ ১৩০টা চিনাক্ত কৰা হৈছে। ইয়াৰে ব্রহ্মপুত্র অৱবাহিকাত আছে ৫৮টা। অলপতে ভাৰতীয় মহাকাশ গবেষণা সংস্থা ইছৰ’ৰ তৰফৰ পৰাও এই কথা প্রকাশ কৰা হৈছে। আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল- এলেকা বৃদ্ধি পোৱা হ্রদসমূহৰ ভিতৰত সৰহসংখ্যকৰ এলেকা দুগুণপর্যন্ত বৃদ্ধি পাইছে। প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে হিমবাহ গলি সৃষ্টি হোৱা হ্রদত পানীৰ পৰিমাণ বৃদ্ধি পাই থাকিলে বানৰ প্ৰকোপ অত্যন্ত বঢ়াৰ সম্ভাৱনা প্রকট। লগতে পানীৰ পৰিমাণ হ্রাস পোৱা মাত্রেই সৃষ্টি হ’ব পাৰে খৰাংসদৃশ পৰিস্থিতিৰো। ইয়াৰ বাবে জলবায়ু পৰিৱৰ্তনকেই দায়ী কৰা হৈছে। তদুপৰি জলবায়ু পৰিৱৰ্তনে – কেতিয়াবা অতিবৃষ্টিপাত আৰু কেতিয়াৱা উৎকট গৰমৰো উদ্ভব ঘটাব সমগ্র ব্রহ্মপুত্র অববাহিকাত। বাস্তবত ইয়াৰ প্ৰভাৱ ইতিমধ্যে অসমকে ধৰি উত্তৰ-পূর্বাঞ্চল তথা পূব ভাৰতত দেখা পোৱা গৈছে। যোৱা এপ্রিল মাহতে কোনো কোনো ঠাইৰ তাপমাত্রাই ৪০ ডিগ্রী চেলচিয়াছ অতিক্রম কৰিছে। এনে প্রবণতা অনাগত দিনত আৰু বৃদ্ধি পোৱাৰ আশংকা ব্যক্ত কৰিছে বিজ্ঞানীসকলে। জলবায়ু পৰিৱৰ্তনৰ উপৰি বৃহৎ নদীবান্ধ তথা উন্নয়নৰ নামত চলি থকা নির্মাণকার্যই ব্রহ্মপুত্র অববাহিকাৰ নামনি অঞ্চলত বানপানীৰ প্রকোপ বৃদ্ধি কৰাৰ সময়তে তীব্ৰ গৰম তথা খৰাংসদৃশ পৰিৱেশ সৃষ্টি কৰাৰো বিজ্ঞানীসকলে আগজাননী দিছে।