জলবায়ুৰ পৰিবৰ্তন আৰু ইয়াৰ লগত সহবাস – ইভা গন্ধীয়া ফুকন

জলবায়ুৰ পৰিবৰ্তন আৰু ইয়াৰ লগত সহবাস

 ইভা গন্ধীয়া ফুকন

বতৰৰ পৰিবৰ্তন বুলিলে সাধৰণতে আমাৰ মনলৈ আহে গৰমৰ পৰা ঠাণ্ডা বা ঠাণ্ডাৰ পৰা  গৰম। ফৰকাল বতৰ, সেমেকা বতৰ, গোমা বতৰ আদি।দীৰ্ঘসময় বতৰৰ পৰিবৰ্তনৰ হাৰ হৈছে জলবায়ু,বৰ্তমান জলবায়ু পৰিবৰ্তন হ’ব ধৰিছে। জলবায়ুৰ পৰিবৰ্তন হোৱাৰ বিভিন্ন কাৰণ আছে ।  আমি আমাৰ প্ৰাকৃতিক সম্পদ সমূহ ধ্বংস কৰাৰ ফলতে  জলবায়ু পৰিবৰ্তন হ’ব ধৰিছে। কয়লা খনি, শিল ভাঙি, পাহাৰ পৰ্বত খান্দি গছ গছনি কাটি মানৱে ধ্বংস লীলা কৰি আছোঁ । নীলিম আকাশৰ তলত শ্যামলিমা শোভা বিলাই জগত বিমোহিত কৰা  সেউজীয়া অৰণ্যবোৰ হ’ল জীৱ জগতৰ প্ৰাণস্বৰূপ। বিশ্বৰ সকলো জীৱই অৰণ্যৰ ওপৰতেই নিৰ্ভৰশীল।ঋষি মুণি সকলেও অৰণ্যৰ মাজতে ধ্যান -ধাৰণা কৰি গৈছে ।ভাৰতীয় সংস্কৃতি মূলতঃ অৰণ্যক কেন্দ্ৰ কৰিয়ে গঢ় লৈ উঠিছিল । গংগা, যমুনা ,গোদাৱৰী মহানদীৰ পাৰত অপৰূপ সেউজবুলীয়া অৰণ্যৰ বৰ্ণনা বেদ উপনিষদত বিদ্যমান ।ভগৱান শ্ৰীকৃষ্ণৰ যমুনা নৈ,কদম গছ ষোল্লশ গোপীৰ মন মুহি নিয়া বৃন্দাবন মনোৰম কাহিনীৰে পূৰ্ণ । গয়াৰ ওচৰৰ উপবনৰ বতবৃক্ষৰ ছায়াতেই গৌতম বুদ্ধৰ বৌদ্ধত্ত্ব প্ৰাপ্ত হৈছিল ।

সাম্প্ৰতিক সময়ত অৰণ্য ধ্বংস এক ভয়াবহ সমস্যাত পৰিণত হৈছে । যাৰ ফলত ভালুকে হাঁহ- কুকুৰা গৰালৰ পৰা ধৰি খোৱা, বান্দৰে ঘৰৰ ভিতৰত সোমাই চৰুৰ ভাত খোৱা, বাৰীত ফল- মূল বান্দৰৰ উৎপাতত মানুহে খাবলৈ নোপোৱা হৈছে । নহ’বই বা কিয় সিহঁতৰ বাসস্থান  খাদ্য বস্তু জীৱশ্ৰেষ্ঠ মানুহে ধ্বংস কৰিছে ।

জীৱৰ জীবন ধাৰণৰ বাবে নিৰ্মল অম্লজান গেছৰ যোগান ধৰি গছে জীৱন নাশী কাৰ্বনডাইঅক্সাইড গেছ শুহি লয় অৰ্থাৎ গছে নিজৰ খাদ্য প্ৰস্তুত কৰে সূৰ্য্যৰ পোহৰৰ সতে সালোকসংশ্লেণ পদ্ধতিৰে কাৰ্বহাইড্ৰেট আৰু অক্সিজেন উৎপন্ন কৰে । ধূলি ধোঁৱাৰ পদুষণ হ্ৰাস কৰে । গছে ফল ফুলৰ যোগান ধৰে । বন ধ্বংস এটা ভয়াবহ সমস্যা হৈ দেখা দিছে । পাঁচ জুন তাৰিখটো বিশ্ব পৰিবেশ দিবস হিচাপে পালন কৰি অহা হৈছে। সজাগতা মূলক সভা অনুষ্ঠিত কৰা হয় বৃক্ষ ৰোপণৰ ওপৰত গুৰুত্ব আৰোপ কৰি। অলপতে চৰকাৰে এক কোটি বৃক্ষৰোপন কৰি বিশ্ব অভিলেখ গঢ়াৰ প্ৰচেষ্টা গ্ৰহণ কৰিলে । গছপুলি ৰোপণ কৰি “অমৃত বৃক্ষ আন্দোলন”এপত গৈ গছপুলি ৰোপণৰ ফটো আপলোড কৰা হ’ল। এইখিনিলৈকে ঠিকেই আছে । কিন্তু তাৰ পিছত ৰোপণ কৰা গছপুলি সমূহ বাচি আছে নে তাৰ খবৰ ৰাখোঁ কিমানে । চৰকাৰৰ পদক্ষেপ সলগণীয়। চৰকাৰে এনেধৰণৰ পদক্ষেপ ল’ব লগা হৈছে কিয় ই চিন্তনীয় বিষয় । ক্ষুদ্ৰস্বাৰ্থ পূৰণৰ বাবে কিছু স্বাৰ্থ লোভীয়ে অৰণ্য ধ্বংস কৰি পাহাৰ পৰ্বত কাটি শেষ কৰিছে । বিনন্দীয়া ধৰিত্ৰীৰ আমি আমাৰ ভবিষ্যত প্ৰজন্মৰ বাবে কি এৰি থৈ যাম । প্ৰকৃতি আৰু জীৱ ইটোৱে সিটোৰ পৰিপূৰক বুলি ক’ব পাৰি।

বৰ্তমান যুগত উদ্যোগীকৰণ আধুনিকীকৰণ ইত্যাদি সভ্যতাৰ অগ্ৰগতিৰ নানানটা কাৰণত বন ধ্বংসৰ দৰে নিকৃষ্ট কৰ্ম সংঘটিত কৰাত পৰিস্থিতিতন্ত্ৰত বিৰূপ প্ৰভাৱ পৰিছে। বন ধ্বংসৰ ফলত গ্ৰীণ হাউচ আদিৰ পৰা নিৰ্গত গেছৰ শোধন নোহোৱাত অস্বাভাৱিক ভাৱে গোলকীয় উষ্ণতা বৃদ্ধি পোৱাত জীৱ জগতৰ বিপদ চৰম সীমাত উপনীত হৈছে । বায়মণ্ডলৰ উত্তাপ বৃদ্ধিৰ ফলত মৰুভূমি ক্ৰমাৎ বৃদ্ধি হৈছে । পদুষণ সৃষ্টি হৈছে আৰু ইয়াৰ ফলত বৰফ গলিব ধৰিছে । সাগৰ পৃষ্ঠৰ উত্তাপ বৃদ্ধিয়ে জীৱজগতৰ বাবে গভীৰ সমস্যাৰ সৃষ্টি কৰিছে । বন ধ্বংসৰ ফলত হোৱা পদুষণৰ বাবে ক্লৰ’ফ্লৰ কাৰ্বন গেছ মুক্ত হৈ বায়ুমণ্ডলৰ অজন স্তৰত সুৰুঙাৰ সৃষ্টি কৰিছে । যি জীৱজগতৰ বাবে অতি মৰাত্মক আল্ট্ৰাভায়লেট ৰশ্মি বা অতী বেঙুনীয়া ৰশ্মিক পৃথিৱীলৈ অহাত সহায় কৰিছে ।

ভূগৰ্ভৰ পানীৰ পৰিমাণ কমি আহিছে। আগতে এশ ফুট তলত যদি পানী পাব পাৰিছিল বৰ্তমান দেৰশ — দুশ ফুট তলত হে পানী পাব পৰা হৈছে। মহানগৰী সমূহত বাস কৰা লোকে বাৰুকৈয়ে পানীৰ সমস্যাত ভোগীব লগাত পৰিছে । ভবিষ্যত প্ৰজন্মৰ বাবে ভাবুকিৰ সৃষ্টি হৈছে । জলবায়ু পৰিবৰ্তন পাৰদৰ্শিতাত ভাৰত সপ্তম স্থানত। ২০২২ বৰ্ষত ভাৰতৰ স্থান আছিল অষ্টম । গোলকীয় উষ্ণতা বৃদ্ধিৰ মোকাবিলা কৰিবলৈ ভাৰতে গ্ৰহণ কৰা নিৰন্তৰ কেতবোৰ ইতিবাচক পদক্ষেপৰ কাৰণে চি চি পি আই ক্ৰমাগত ভাৱে উন্নত হৈ আহিছে । ৰাষ্ট্ৰসংঘৰ শেষতীয়া ক’প ২৮ সন্মিলনত সৰ্বসন্মতি ক্ৰমে পৰিচ্ছন্ন শক্তিক অধিক প্ৰাধান্য দি জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰাৰ চুক্তি স্বাক্ষৰিত হৈছে ।তদুপৰি জলবায়ু পৰিবৰ্তনেৰে অধিক ক্ষতিৰ সন্মুখীন হোৱা উন্নয়নশীল দেশ সমূহক বিত্তীয় সাহায্য প্ৰদানৰ কাৰণে সিধান্ত  গ্ৰহণ কৰা হয়।২০৩০ চনলৈ গ্ৰীণ হাউচ নিৰ্গমন ৫০ শতাংশ হ্ৰাসৰ ক্ষেত্ৰতটো অংগীকাৰবদ্ধৰ কথাও প্ৰকাশ কৰা হৈছে ।সেউজ জলবায়ু পুঁজি গঠন,জলবায়ু পৰিবৰ্তনৰ কাৰণ  সমূহ চিনাক্ত আদি একাধিক দিশতো অগ্ৰাধিকাৰ দিছে ।

জলবায়ু সন্মিলন ক’প ২৮ৰ উদ্ধোধনী অনুষ্ঠনত অংশগ্ৰহণ কৰি প্ৰধামন্ত্ৰী নৰেন্দ্ৰমোদীয়ে মত প্ৰকাশ কৰিছে যে পেৰিছ জলবায়ু চুক্তি অনুসৰি কাৰ্বন নিৰ্গমনৰ হাৰ হ্ৰাস কৰাৰ লক্ষ্যত ভাৰতে নিয়ন্ত্ৰণৰ প্ৰয়াস অব্যাহত ৰাখিছে।উল্লেখ্য, পেৰিছ জলবায়ু সন্মিলনত গোলকীয় উষ্ণতা ২ ডিগ্ৰী চেলচিয়াছ হ্ৰাসৰ  লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল। পৰবৰ্তী সময়ত ১.৫ ডিগ্ৰী চেলচিয়াছলৈ হ্ৰাসৰ সংকল্প লোৱা হয় ।সম্প্ৰতি বিশ্বৰ ১৭ শতাংশ জনসংখ্যাৰ দেশ ভাৰতে ৫০ শতাংশ কম কাৰ্বন নিৰ্গমন কৰিবলৈ সক্ষম হৈছে । সেয়েহে ভাষণ প্ৰসংগত প্ৰধামন্ত্ৰী মোদী ডাঙৰীয়াই প্ৰকাশ কৰা অনুসৰি ২০৩০ বৰ্ষৰ ভিতৰত ভাৰতে কাৰ্বন নিৰ্গমনৰ হাৰ বা গ্ৰীণ হাউচ গেছ নিৰ্গমনৰ হাৰ ৪৫ শতাংশ হ্ৰাস কৰাৰ বাবে অংগীকাৰবদ্ধ।

আমি কি কৰিব পাৰো বা কি কৰা উচিত ভবিষ্যত প্ৰজন্মৰ বাবে – ভাৰতত গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিবৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰই সময়ে সময়ে বিভিন্ন জলবায়ু নীতি, সিধান্ত বা লক্ষ্য গ্ৰহণ কৰি আহিছে । হ্ৰাস কৰণ (Reduce) কিছু সামগ্ৰী যিমান প্ৰয়োজন সেইখিনিহে ল’ব লাগে । ধৰক আমাৰ পিন্ধা কাপোৰ কানিয়ে যিমান হ’লেও মন নভৰে । নতুন ডিজাইনৰ কাপোৰ এযোৰ দেখিলেই কিনাৰ ইচ্ছা জাগে । কাপোৰ যোৰ প্ৰস্তুত কৰিবলৈ কিমান কি ইন্ধনৰ প্ৰয়োজন আৰু তাৰ পৰা নিৰ্গত হোৱা ৰাসায়নিক দ্ৰব্য সমূহৰ বিষয়ে আমি চিন্তা নকৰোঁ ।তাৰ পৰা কিমান পদুষণ হৈছে সেইটো চিন্তা কৰাৰ সময় আহি পৰিছে । বস্তুটোৰ চাহিদা যদি কমাই দিওঁ কিঞ্চিৎ হ’লেও পদুষণ কমিব । পেলনীয়া বস্তু ব্যৱহাৰ ( Recycle) কিছুমান বস্তু পেলাই নিদি তাক আকৌ ন ৰূপ দি ব্যৱহাৰ কৰিব পাৰো। ভাল হৈ থকা পিন্ধি আমনি লগা কাপোৰ কানি দৰিদ্ৰ জনক দান দিব পাৰো । কিছুমান সামগ্ৰীৰ পৰা নতুন ডিজাইন কৰি ব্যবহাৰ কৰিব পাৰো । পুনৰ ব্যবহাৰ (Reuse) পলিথিন ব্যবহাৰৰ পৰা বিৰত থাকিবলই আইন প্ৰণয়ন কৰাৰ পাছতো আমি জানো তাক ত্যাগ কৰিব পাৰিছো ? পলিথিনৰ ব্যবহাৰ তেতিয়াহে কমিব যেতিয়া আমি বজাৰলৈ গ’লে হাতত মোনা এটালৈ যাবলৈ লজ্জাবোধ নকৰিম । পলিথিন পেলাই বা জ্বলাই দিলে পদুষণৰ সৃষ্টি হয় । এটা পলিথিন মাটিৰ লগত মিলিবলৈ বহু বছৰৰ প্ৰয়োজন আৰু জ্বলাই দিলে কাৰ্বন নিৰ্গত হৈ বায়মণ্ডল দুষিত কৰে । ইয়াক আমি পুনৰ ব্যবহাৰ কৰিব পাৰোঁ। জধে মধে স্থাপন হোৱা কল- কাৰখানা সমূহৰ পদুষণ নিয়ন্ত্ৰণৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিছে সেইটো লক্ষণীয় বিষয় । কল- কাৰখানা সমূহৰ পৰা অদৰকাৰী তেল বা ৰাসায়নিক দ্ৰব্য আদি নলাৰে নদীত পেলায় । যাৰ ফলত মাছ – কাঁছ নাইকীয়া হৈছে ।নদীৰ পানী বিষাক্ত হৈ পৰিছে । কল- কাৰখানাৰ পৰা পেলাই দিয়া অদৰকাৰী ৰাসায়নিক দ্ৰব্য আদি প্ৰযুক্তি প্ৰয়োগ কৰি পুনৰ ব্যবহাৰৰ পদক্ষেপ লোৱা দৰকাৰী । জনসাধাৰণৰ এই ক্ষেত্ৰত সতৰ্কতা, সচেতনতা আৰু সজাগতাৰ খুবেই প্ৰয়োজনীয়তা আহি পৰিছে ।