জলপৃষ্ঠ বৃদ্ধিৰ ফলত জিলা প্ৰশাসনৰ কেতবোৰ নিষেধাজ্ঞা

জলপৃষ্ঠ বৃদ্ধিৰ ফলত জিলা প্ৰশাসনৰ কেতবোৰ নিষেধাজ্ঞা

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- সাম্প্ৰতিক বাৰিষাৰ সময়ছোৱাত ব্ৰহ্মপুত্ৰ আৰু চেঁচা নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ লগতে ডিব্ৰুগড় জিলাৰ বিভিন্ন অঞ্চল প্লাৱিত হোৱাৰ পৰিপ্ৰেক্ষিতত ডিব্ৰুগড় জিলাৰ জিলা প্ৰশাসনে সমগ্ৰ জিলাখনতে তাৎক্ষণিক ভাৱে বলৱৎ হোৱাকৈ এক নিৰ্দেশনা যোগে কেতবোৰ সতৰ্কতা অৱলম্বন কৰিবলৈ ৰাইজক আহ্বান জনাইছে। সেই অনুসৰি ব্ৰহ্মপুত্ৰ আৰু চেঁচা নদীৰ লগতে আন কোনো বিল, জলাশয় তথা বাঢ়নী পানীৰ কৱলত পৰা অঞ্চলসমূহত ৰাইজক মাছ ধৰা কাৰ্য্যৰ পৰা বিৰত থকিবলৈ লগতে নদী বা যিকোনো বিল- জলাশয়ৰ পাৰলৈ নাযাবলৈ জিলা প্ৰশাসনে আহ্বান জনাইছে।