জলজীৱন মিছনৰ দুৰ্নীতি-অনিয়মৰ চিবিআই তদন্ত দাবী গৌৰৱ গগৈৰ
ধেমাজিত জলজীৱন মিছনৰ দুৰ্নীতিৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী
ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ‘ৰাইজৰ পদূলিত-ৰাইজৰ কংগ্ৰেছ’ কাৰ্যসূচী অব্যাহত
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যজুৰি জলজীৱন মিছনৰ ব্যাপক অনিয়ম আৰু দুৰ্নীতিৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে প্ৰতিবাদ অব্যাহত ৰাখিছে৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে ধেমাজি নগৰত জলজীৱন মিছনৰ দুৰ্নীতি সন্দৰ্ভত মানুহক সজাগ কৰিবলৈ প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদকাৰী কংগ্ৰেছ কৰ্মীসকলে বিকল হৈ থকা ‘জলজীৱনৰ মিছন’ৰ আঁচনিসমূহত নল আছে জল নাই, জেজেম এম মানে জয়ন্তমল্ল বৰুৱাৰ মানি আদি শ্ল’গান লিখা ষ্টিকাৰ লগাই দিয়ে৷ ৰাজ্যখনৰ বিভিন্ন ঠাইত এনেধৰণে কংগ্ৰেছে জলজীৱন মিছন আঁচনিৰ দুৰ্নীতিৰ তদন্তৰ দাবীত ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদী কাৰ্যসূচীত ভাগ লৈ গৌৰৱ গগৈয়ে কয়, ”চৰকাৰে জলজীৱন মিছন আঁচনিৰ বাবদ কিমান কোটি টকা মুকলি কৰিছে সেই লৈ এখন শ্বেতপত্ৰ প্ৰকাশ কৰক। ঠিকাদাৰে বিল পোৱা নাই, ৰাইজে জল পোৱা নাই। এই কোটি কোটি টকাবোৰ ক’লৈ গ’ল সেই লৈ চিবিআইৰ দ্বাৰা তদন্ত হোৱা উচিত। কেন্দ্ৰীয় মন্ত্ৰীয়েই হওক বা ৰাজ্য চৰকাৰৰ মন্ত্ৰী বা আন যিয়েই দোষী নহওক কিয়, তদন্তৰ জৰিয়তে বিচাৰি উলিয়াই তেওঁলোকক উচিত শাস্তি প্ৰদান কৰা হওক।’’
