জলজীৱন আঁচনিৰ দুৰ্নীতি-অনিয়মৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদ অব্যাহত

জলজীৱন আঁচনিৰ দুৰ্নীতি-অনিয়মৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদ অব্যাহত
কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত সোণাপুৰ নিউ মাৰ্কেট অঞ্চলত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ

ৰঙিলী বাৰ্ত্তাসেৱা-  বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ আমোলত জলজীৱন মিছনত সংঘটিত হোৱা দুৰ্নীতি আৰু অনিয়মৰ বিৰুদ্ধে অব্যাহত আছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰতিবাদ। আঁচনিখনৰ চৰম ব‍্যৰ্থতা আৰু ব‍্যাপক দুৰ্নীতিৰ বিৰুদ্ধে গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ কমিটীৰ উদ‍্যোগত তথা ডিমৰীয়া ব্লক কংগ্ৰেছ কমিটীৰ সহযোগত সোণাপুৰ নিউ মাৰ্কেট অঞ্চলত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। জলজীৱন আঁচনিত সংঘটিত হোৱা দুৰ্নীতি তথা হাজাৰ হাজাৰ থলুৱা ঠিকাদাৰসকলৰ অনাদায় হৈ থকা ধন শীঘ্ৰে আদায় দিবলৈ চৰকাৰক দাবী জনাই এই প্ৰতিবাদ সাব‍্যস্ত কৰা হয়। প্ৰতিবাদী কাৰ্যসূচীৰ সময়ত নল আছে জল নাই, ঠিকাদাৰৰ প্ৰাপ্য আদায় দিয়ক, থলুৱা ঠিকাদাৰক ভাতে মৰাৰ নীতি বন্ধ কৰক, বিজেপি চৰকাৰ হায় হায় আদি ধ্বনিৰে শতাধিক কংগ্ৰেছ নেতা-কৰ্মীয়ে সোণাপুৰৰ আকাশ-বতাহ কঁপাই তোলে। জলজীৱনৰ দৰে কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ আঁচনি এখন ৰূপায়ণ হোৱাৰ পিছতো এটুপি খোৱাপানীৰ বাবে ৰাজ‍্যখনৰ বেছিভাগ অঞ্চলৰ মানুহে হাহাকাৰ কৰি থাকিবলগীয়া হোৱাতো দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰি প্ৰতিবাদকাৰীসকলে সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰে। আচঁনিখনত সংঘটিত হোৱা দুৰ্নীতি-অনিয়মৰ তদন্ত কৰি দোষীসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰো দাবী জনাই প্ৰতিবাদকাৰী কংগ্ৰেছ নেতা-কৰ্মীসকলে। এই কাৰ্যসূচীত মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি স্বপন কুমাৰ দাস, প্ৰদেশ কংগ্ৰেছৰ প্ৰশাসনিক সাধাৰণ সম্পাদক প্ৰদ‍্যুৎ কুমাৰ ভূঞা, মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক স্বপন মণ্ডল, প্ৰদেশ কংগ্ৰেছৰ জ‍্যেষ্ঠ মুখপাত্ৰ ৰূপক দাসৰ লগতে গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ আৰু ডিমৰীয়া ব্লক কংগ্ৰেছৰ বিভিন্ন পৰ্যায়ৰ কৰ্মকৰ্তাসকলে অংশগ্ৰহণ কৰে।