জয় ৰাম ৰমেশৰ সংবাদ মেল

জয় ৰাম ৰমেশৰ সংবাদ মেল

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী প্ৰেছ ক্লাৱত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা সাংসদ জয়ৰাম ৰমেশে এখন সংবাদ মেল অনুষ্ঠিত কৰে। উক্ত সংবাদমেলত বিজেপি চৰকাৰক জয়ৰাম ৰমেশে সমালোচনা কৰি কয় যে পূৰ্বতে ২০ দিনৰ ভিতৰতে লোকসভা নিৰ্বাচন সমাপ্ত হৈছিল, কিন্তু এতিয়া ৪২ দিন লাগিছে নিৰ্বাচন শেষ কৰিবলৈ। এইবাৰৰ নিৰ্বাচনত কংগ্ৰেছ দলে আৰ্থিক আৰু সামাজিক বিষয়ক লৈ অৱতীৰ্ণ হৈছে। কিন্তু প্ৰধানমন্ত্ৰীয়ে এইসমূহ বিষয়ৰ পৰা আঁতৰি ধাৰ্মিক আৰু অন্যান্য বিষয় লৈহে নিৰ্বাচনত অৱতীৰ্ণ হোৱা দেখা গৈছে। ৫ টা বিষয়ত ন্যায় আৰু ২৫ টা গেৰাণ্টি লৈ এইবাৰ কংগ্ৰেছে নিৰ্বাচনত অৱতীৰ্ণ হৈছে।কংগ্ৰেছে সমগ্ৰ দেশৰ ৮ কোটি লোকৰ পৰিয়ালৰ মাজত ‘ঘৰ ঘৰ গেৰাণ্টি’ কাৰ্ড বিতৰণ কৰিছে আৰু অসমতো ২২ লাখ পৰিয়ালৰ মাজত ঘৰ ঘৰ গেৰাণ্টি কাৰ্ড বিতৰণ কৰিছে।২০২৪ৰ নিৰ্বাচন কংগ্ৰেছৰ গেৰাণ্টি আৰু বিজেপিৰ ঝুমলাৰ মাজৰ যুঁজ বুলি তেওঁ অভিহিত কৰে।অসমত কংগ্ৰেছ দল দুৰ্বল হোৱা বুলি কৰা মন্তব্যৰ প্ৰত্যুত্তৰত তেওঁ কয় যে এজন ব্যক্তিয়ে যেতিয়া কংগ্ৰেছ দল এৰে তেতিয়া হাজাৰ হাজাৰ কৰ্মীয়ে নেতৃত্ব লয়।কংগ্ৰেছত ৩০ বছৰৰো অধিক সময় থাকি বিশ্বাসঘাটকতা কৰাসকলৰ ভিতৰত অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী নিজেই উদাহৰণ।এইবাৰৰ নিৰ্বাচনী যুঁজ বিচাৰধাৰা, গণতন্ত্ৰ আৰু সংবিধানক ৰক্ষা কৰাৰ যুঁজ। ৩৭০ অনুচ্ছেদ যদি বাতিল কৰিব পাৰে তেন্তে ৩৭১ অনুচ্ছেদ কিয় বাতিল নকৰে?এইবাৰ ৪০০ পাৰ শ্ল’গান দি দেশৰ সংবিধানখন সলনি কৰিবলৈ পৰিকল্পনা কৰিছে।বি আৰ আম্বেদকাৰৰ সংবিধানখন মোদীৰ পচন্দ হোৱা নাই, সেয়ে আৰ এছ এছ, মোদীৰ সংবিধান কৰাৰ প্ৰচেষ্টা অব্যাহত চলিছে।নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছৰ একাউণ্ট বন্ধ কৰিছে। ৩০০ কোটি টকা প্ৰধানমন্ত্ৰীয়ে চুৰি কৰিলে, দৈনিক কংগ্ৰেছ কৰ্মীৰ ওপৰত আক্ৰমণ চলিছে।কংগ্ৰেছে কিন্তু কাকো ভয় নকৰে। যিসকলে ভয় খুৱাইছে তেওঁলোক নিজেই ভয় খাই আছে।২০২৪ৰ জুনত কি পৰিৱেশ হয় চাই ল’ব। আজিৰ সংবাদ মেলত ৰমেশৰ উপৰিও এ আই চি চিৰ সাধাৰণ সম্পাদক পৃথিৰাজ সাথে, এ আই চি চিৰ (মিডিয়া যোগাযোগ) মহিমা সিং আৰু ইয়েচ শ্ৰী বাস্তৱ, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি নৱ তালুকদাৰ, অসম প্ৰদেশ কংগ্ৰেছ মিডিয়া অধ্যক্ষ বেদব্ৰত বৰা, মিডিয়া উপাধ্যক্ষ কুশল শৰ্মাকে আদি কৰি কংগ্ৰেছ কৰ্মী উপস্থিত থাকে৷