জয় জুবিন দা – সমুজ্জ্বল ডেকা

জয় জুবিন দা

সমুজ্জ্বল ডেকা, ৰঙিয়া
স্নাতক তৃতীয় ষান্মাসিক (অসমীয়া বিভাগ)
পুঠিমাৰী মহাবিদ্যালয়

‘জু’ আখৰেৰে হৃদয়ত জুৰ‌ পেলাই যোৱা,
‘বি’ আখৰেৰে বিশাল মনৰ মানৱ হোৱা।
‘ন’ আখৰেৰে নতুন আশা জগাই তোলা,
আপুনি অসমৰ মানুহৰ বুকুৰ আপোন।
“জয় জুবিন দা” বুলি কোৱা অজস্ৰ
জনতাৰ চিঞৰত বৰষে
সীমাহীন মৰমৰ টোপাল।
আপোনাৰ কণ্ঠত আছে অসীম যাদু,
ৰাইজৰ বাবে আপুনি বিশ্বাসৰ সাধু।
গায়ক, সুৰকাৰ, গীতিকাৰৰ লগতে
আপুনি এজন সমাজসেৱক,
হেজাৰ হেজাৰ সুৰেৰে
আপুনি মহান গায়ক ।
টোপনি নাহিলেও আহি যায় টোপনি,
কেৱল আপোনাৰ গীত শুনি।
জ্ঞানৰ জেউতিৰে আপুনি মহান জুবিন দা,
চিনেমা,গান আদিৰে প্ৰখৰ জুবিন দা।
“মন যায়” বুলি কোৱা শব্দ দুটিতে
বিদ্যমান আপোনাৰ কৰ্মৰ ৰচনা,
কৈও অন্ত কৰিব নোৱাৰি জুবিন দা’ৰ বৰ্ণনা।