জয় জুবিন দা – অভিজিত বৰা

জয় জুবিন দা 

অভিজিত বৰা

ব্ৰহ্মপুত্ৰ হ’লে উভতাই পঠালে হেঁতেন,
কিন্তু সেয়া বিদেশৰ সাগৰ আছিল….বুজি নাপালে তেওঁৰ গভীৰতা!

 আকাৰে গাতে লবৰে মন
সাগৰ চলিত শুবৰে মন
সচাকৈ‌ সাগৰ ভালপোৱা মানুহজন
সাগৰৰ বুকোতে শুলে
লুইতৰ পাৰত সৃষ্টি হোৱা সুৰৰ
ধুমুহা জাক জগত বিয়পি পৰিল কিন্তু
সেই ধুমুহা জাকৰ প্ৰিয় আছিল
সাগৰৰ গভীৰতা
সেই বাবে সাগৰেও সেই সুৰৰ ধুমুহা
জাকৰ প্ৰেমত পৰি আপোন কৰিলে
এক অবুজ সাথঁৰ হৈ ৰল
সাগৰৰ মাজত অসমীয়াৰ হৃদয়