জয়েৰে পেৰিছ অলিম্পিকৰ অভিযান আৰম্ভ কৰিলে লাভলীনাই

জয়েৰে পেৰিছ অলিম্পিকৰ অভিযান আৰম্ভ কৰিলে লাভলীনাই

ৰঙিলী বাৰ্ত্তাসেৱা-  পেৰিছ অলিম্পিকত জয়েৰে অভিযান আৰম্ভ কৰিলে অসম কন্যা লাভলীনা বৰগোঁহায়ে। আজি লাভলীনাই ৭৫ কেজি শাখাত প্ৰতিদ্বন্দিতা আগবঢ়ায়। মেচখনত লাভলীনাৰ প্ৰতিদ্বন্দি আছিল নৰৱেৰ ছুনিভা হফষ্টাড। ৰাউণ্ড অফ-১৬ ৰ এই মেচখনত লাভলীনাই ৫-০ ব্যৱধানত জয়ী হৈ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে।  লাভলীনাৰ পৰৱৰ্তী মেচ ৪ আগষ্টত আছে । আজিৰ মেচখনত লাভলীনাৰ প্ৰতিদ্বন্দি ছুনিভা হফষ্টাডে আৰম্ভণিৰ পৰা আক্ৰমণাত্মক খেল খেলিছিল যদিও লাভলীনাই অতি কৌশলপূৰ্ণভাৱে প্ৰতি মুহূৰ্ততে কেৱল সঠিক সুযোগলৈ অপেক্ষা কৰিছিল আৰু প্ৰতিটো সুযোগতে সঠিক পাঞ্চ কৰিবলৈ সক্ষম হৈছিল। লাভলীনাই এতিয়া পৰৱৰ্তী ৪ আগষ্টৰ কোৱাৰ্টাৰ ফাইনেলৰ মেচত বিজয় সাব্যস্ত কৰিব পাৰিলেই প্ৰৱেশ কৰিব ছেমি ফাইনেলত। টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰাৰ পাছত লাভলীনাই পেৰিছ অলিম্পিকত স্বৰ্ণপদকৰ লক্ষ্যৰে যুঁজিব বুলি উল্লেখ কৰিছিল। সকলোৰে বিশ্বাস লাভলীনাই তেওঁৰ পূৰ্বৰ ব্ৰঞ্জৰ পদকক এইবাৰ স্বৰ্ণ পদকলৈ ৰূপান্তৰ কৰিব পাৰিব। অৱশ্যে এই ক্ষেত্ৰত লাভলীনাৰ যাত্ৰা বৰ এটা সহজ নহ’ব। ৪ আগষ্টৰ ৰাউণ্ড অফ-৮ ত তেওঁৰ প্ৰতিদ্বন্দী চীনৰ শীৰ্ষস্থানীয় বক্সাৰ লি কয়ান। অৱশ্যে লাভলীনাই এই প্ৰত্যাহ্বানো সফলতাৰে অতিক্ৰম কৰিব পাৰিব বুলিয়েই সকলো আশাবাদী। মন কৰিবলগীয়া যে টকিঅ’ অলিম্পিকত লাভলীনাৰ ৱেইট কেটেগৰী আছিল ৬৯ কেজি। কিন্তু পেৰিছ অলিম্পিকত এই ৱেইট কেটেগৰী বাতিল কৰাত লাভলীনাই ওজন বৃদ্ধি কৰি ৭৫ কেজি শাখাত প্ৰতিদ্বন্দিতা কৰিছে।