জয়পুৰত তীব্ৰবেগী ডাম্পাৰে মহটিয়ালে কেইবাখনো বাহন
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজস্থানৰ ৰাজধানী জয়পুৰত সোমবাৰে পুৱা সংঘটিত হয় এক ভয়াৱহ দুৰ্ঘটনা । জয়পুৰৰ লোহামাণ্ডি পথত ডাম্পাৰ চালকে ৫খনৰো অধিক বাহন খুন্দিয়াই বিধ্বস্ত কৰাৰ ফলত ১৯জন লোকৰ মৃত্যু হোৱাৰ লগতে অর্ধশতাধিক লোক আহত হৈছে। সুৰাপায়ী চালকজনে প্রায় ৫ কিলোমিটাৰ ধৰি তীব্ৰগতিত চলোৱা ডাম্পাৰেৰে মহতিয়াই নিয়াত শোকাৱহ দুর্ঘটনাটো সংঘটিত হয়। প্রত্যক্ষদর্শীয়ে জনোৱা মতে, লোহামাণ্ডি পথত নিয়ন্ত্রণ হেৰুৱাই ডাম্পাৰ চালকজনে বিপৰীত দিশৰ পৰা অহা গাড়ী-মটৰচাইকেলকে ধৰি কেইবাখনো বাহনত খুন্দা মাৰে। তদুপৰি, বাটেৰে যোৱা একাংশ পথচাৰিকো মহতিয়াই নিয়াৰ ফলত প্রায় ১৯জন লোকৰ থিতাতে মৃত্যু হয়। ঘটনাৰ খবৰ পাই আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আহত লোকসকলক উদ্ধাৰ কৰাৰ লগতে চিকিৎসালয়ত ভর্তি কৰে। ইয়াৰে কেইবাজনো লোকৰ অৱস্থা সংকটজনক।
