জম্মু- কাশ্মীৰ থানাৰ ভিতৰত জব্দকৃত বিস্ফোৰক বিস্ফোৰণত ৯ আৰক্ষী-বিশেষজ্ঞ নিহত

জম্মু- কাশ্মীৰ থানাৰ ভিতৰত জব্দকৃত বিস্ফোৰক বিস্ফোৰণত ৯ আৰক্ষী-বিশেষজ্ঞ নিহত

ৰঙিলী বাৰ্ত্তাসেৱা- দিল্লী বিস্ফোৰণ কাণ্ডৰ তদন্তৰ মাজতে জম্মু-কাশ্মীৰৰ শ্ৰীনগৰৰ নৌগাম থানাত নিশা ভয়ংকৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হয় । এই পদাৰ্থ বিস্ফোৰণৰ ফলত ৯জন আৰক্ষী আৰু ফৰেনছিক বিশেষজ্ঞ নিহত হোৱাৰ লগতে অতিকমেও ৩২জন লোক আহত হয়। এই বিস্ফোৰিত এমোনিয়াম নাইট্রেট পদার্থখিনি ফৰিদাবাদত হাৰিয়ানা, উত্তৰ প্ৰদেশ আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ যুটীয়া অভিযানত জব্দ কৰিছিল। দিল্লী বিস্ফোৰণ কাণ্ডৰে জড়িত মোজাম্মিল ছাকিল আৰু শাহিন ছাহিদৰ জিম্মাৰ পৰা উদ্ধাৰ হৈছিল ২,৯০০ কেজি বিস্ফোৰক আৰু বৃহৎ পৰিমাণৰ অস্ত্র-শস্ত্র।উল্লেখ্য যে একেৰাহে কেইবাটাও সৰু সৰু বিস্ফোৰণ সংঘটিত হোৱাৰ ফলত বোমা নিষ্কাশন দলটোৱে তৎক্ষণাত উদ্ধাৰ অভিযান চলাব পৰা নাছিল । উদ্ধাৰ হোৱা বিস্ফোৰকসমূহৰ কিছু অংশ আৰক্ষীৰ ফৰেনছিক লেবত ৰখা হৈছিল যদিও ৩৬০ কেজি বিস্ফোৰকৰ মূল অংশ কাশ্মীৰৰ নৌগাম থানাত মজুত ৰখা হৈছিল। শুকুৰবাৰে নিশা ফৰেনছিকৰ এটা দলে বিস্ফোৰকখিনি পৰীক্ষা কৰিবলৈ গৈছিল। সেই সময়তে বৃহৎ বিস্ফোৰণটো সংঘটিত হয়। পৰীক্ষাৰ সময়তে ঘটা দুর্ভাগ্যজনক ঘটনাত ৯জন লোকৰ মৃত্যু হয়। ইফালে আহত লোকসকলক ভাৰতীয় সেনাৰ ৯২ বেচ হাস্পতাল আৰু শ্বেৰ-ই-কাশ্মীৰ ইনষ্টিটিউট অৱ মেডিকেল ছায়েঞ্চত ভৰ্তি কৰা হৈছে। ইফালে আকস্মিক বিস্ফোৰণত নিহত জোৱান আৰু ফৰেনছিক বিশেষজ্ঞসকলৰ প্ৰতি জম্মু-কাশ্মীৰৰ লেঃ জেনেৰেল মনোজ সিন্‌হাই শ্রদ্ধাঞ্জলি জনোৱাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। একেদৰে জম্মু-কাশ্মীৰৰ মুখ্য সচিব অটল দুল্লু, ‘নিয়া’ৰ সঞ্চালকপ্ৰধান সদানন্দ ডেট, ডিজিপি নলীন প্রভাত, সেনাৰ ১৫ কৰ্প’ছৰ জেনেৰেল অফিচাৰ কমাণ্ডিং লেঃ জেনেৰেল প্রশান্ত শ্রীবাস্তৱকে ধৰি অন্যান্য আৰক্ষী বিষয়াসকলে নিহত জোৱান আৰু বিষয়াসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায়।