জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত সংঘৰ্ষত ২ লস্কৰ-ই-তৈবা সন্ত্ৰাসবাদী নিহত

Pc Hindustan times

জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত সংঘৰ্ষত ২ লস্কৰ-ই-তৈবা সন্ত্ৰাসবাদী নিহত

ৰঙিলী বাৰ্ত্তাসেৱা-  জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত আৰক্ষীৰ সৈতে সংঘৰ্ষত লস্কৰ-ই-তৈবা (এল ই টি)ৰ দুজন সন্ত্ৰাসবাদী নিহত হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। আৰক্ষীয়ে লগতে কয়, “আৰক্ষীৰ এটা সৰু দলৰ দ্বাৰা পৰিচালিত ‘নাকা’ পৰীক্ষাৰ সময়ত দুজন সন্ত্ৰাসবাদীয়ে আৰক্ষী দলৰ ওপৰত নিৰ্বিচাৰভাৱে গুলীচালনা কৰিছিল।” এজন সন্ত্ৰাসবাদী সোপোৰত গ্ৰেনেড আক্ৰমণত জড়িত আছিল য’ত ১৯ জন সাধাৰণ লোক আহত হৈছিল।