জম্মু-কাশ্মীৰৰ মহাৰাজা হৰি সিঙৰ নাতি বিক্ৰমাদিত্য সিঙৰ কংগ্ৰেছ ত্যাগ 

pc twitter

জম্মু-কাশ্মীৰৰ মহাৰাজা হৰি সিঙৰ নাতি বিক্ৰমাদিত্য সিঙৰ কংগ্ৰেছ ত্যাগ 

ৰঙিলী বাৰ্ত্তাসেৱা-  জম্মু-কাশ্মীৰৰ মহাৰাজা হৰি সিঙৰ নাতি আৰু কংগ্ৰেছৰ প্ৰবীণ নেতা কৰণ সিঙৰ পুত্ৰ জম্মু-কাশ্মীৰৰ প্ৰাক্তন এমএলচি বিক্ৰমাদিত্য সিঙে কংগ্ৰেছৰ পৰা পদত্যাগ কৰে। অন্তৱৰ্তীকালীন দলৰ মুৰব্বী ছোনিয়া গান্ধীলৈ লিখা পদত্যাগ পত্ৰত তেওঁ লিখিছিল, “এইটো মোৰ বিশ্বাস যে কংগ্ৰেছে জম্মু-কাশ্মীৰৰ জনসাধাৰণৰ অনুভূতি আৰু আকাংক্ষা উপলব্ধি আৰু প্ৰতিফলিত কৰিবলৈ অক্ষম।”