জম্মু কাশ্মীৰৰ বৰ্বৰ সন্ত্ৰাসবাদী আক্ৰমণক গৰিহনা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

জম্মু কাশ্মীৰৰ বৰ্বৰ সন্ত্ৰাসবাদী আক্ৰমণক গৰিহনা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ‘অসভ্য ! বৰ্বৰ ! নৃশংস !’ – জম্মু-কাশ্মীৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক লৈ এই প্ৰতিক্ৰিয়া বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ ৷ এনে নাৰকীয় আক্ৰমণক গৰিহণা দিবলৈ অভিধানত উপযুক্ত শব্দৰ অভাৱ বুলি উল্লেখ কৰি এক বিবৃতিত সভাপতি শইকীয়াই নিহতসকলৰ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। একে সময়তে এনে ধৰনৰ শক্তিক সমূলঞ্চে উৎখাত কৰাৰবাবে সমগ্ৰ দেশবাসীয়ে সংকল্প গ্ৰহন কৰাৰ প্ৰয়োজন বুলি শইকীয়াই মতপোষণ কৰে।