জম্মু কাশ্মীৰৰ বান-ভূমিস্খলনত অসমৰ বিএছ এফ জোৱানৰ মৃত্যু

জম্মু কাশ্মীৰৰ বান-ভূমিস্খলনত অসমৰ বিএছ এফ জোৱানৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা- জম্মু কাশ্মীৰত ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা প্ৰবল বানপানী আৰু ভুমিস্খলনত অসমৰ এজন বিএছ এফ জোৱান শ্বহীদ হৈছে।জম্মু জিলাৰ অখনুৰ এলেকাত কৰ্তব্য পালন কৰাৰ সময়ত বুধবাৰে মৃত্যু হয় কাছাৰ জিলাৰ উদাৰবন্দ থানাৰ অন্তৰ্গত দয়াপুৰৰ ৰাজীব নুনীয়া নামৰ বিএছ এফ কনিষ্টবল জনৰ। পিতৃ মাতৃৰ একমাত্র সন্তান আছিল ২৩ বছৰীয়া ৰাজীৱ। জানিব পৰা মতে, ২৬ আগষ্টত জম্মু-কাশ্মীৰ আকডুৰৰ পাকিস্তান সীমান্তত পহৰাৰ দায়িত্বত আছিল ৰাজীব নুনিয়া নামৰ বিএছএফ জোৱানজন। সেই সময়ত ডাৱৰ বিস্ফোৰণৰ বাৱে প্ৰবল বানপানীৰ পৰিস্থিতিৰ সৃষ্টি হয় সীমান্তত। ৰাজীৱ সীমান্তৰ watch towerত কৰ্তব্যৰত অৱস্থাত আছিল।বানপানী পৰিস্থিতিৰ মাজত watch tower  ভাঙি ৰাজীৱৰ ওপৰত পৰি যোৱাত ঘটনাস্থলীত মৃত্যু হয় জোৱানজনৰ। বিএছএফৰ ফালৰ পৰা কোৱা হৈছে যে কনিষ্টবল ৰাজীৱ  নুনীয়াই “অদম্য সাহস, প্ৰতিশ্ৰুতি আৰু নিষ্ঠা”ৰ সৈতে নিজৰ দায়িত্ব পালন কৰাৰ সময়ত শ্বহীদ হৈছে। এক বিবৃতিত  বিএছ এফে কয় যে, বি এছ এফৰ সাহসী কনিষ্টবল (জি ডি) ৰাজীব নুনীয়াক আমি শ্ৰদ্ধাঞ্জলি জনাইছো।  যিয়ে কৰ্তব্যৰ সীমাত সৰ্বোচ্চ ত্যাগক বলিদান দিছিল। তেওঁৰ ত্যাগ সদায় মনত ৰখা আৰু সন্মান কৰা হ’ব। বি এছ এফ ৰ DG আৰু সকলো RANK য়ে শ্বহীদ  ৰাজীব নুনীয়াৰ পৰিয়ালৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছে। অদম্য সাহস, দায়বদ্ধতা আৰু নিষ্ঠাৰে সৈতে কৰ্তব্য পালন কৰি  শ্বহীদ হৈছে তেওঁ। ইফালে,ৰাজীৱ নুনীয়াৰ  মৃত্যুৰ খবৰ লাভ কৰাৰ পিচত তেওঁৰ জন্মস্থান কাছাৰৰ দয়াপুৰত শোকৰ  ছাঁ নামি আহিছে। ওচৰ-চুবুৰীয়া আৰু আত্মীয়সকল শোকত ভাগি পৰিছে। কাইলৈ মৃতদেহ নিজ ঘৰলৈ লৈ অনা হব বুলি জানিব পৰা গৈছে। উল্লেখ্য যে কেইবাদিন ধৰি হৈ থকা অবিৰত বৰষুণৰ মাজতে জম্মু-কাশ্মীৰে তীব্ৰ বানপানীৰ  সৈতে যুঁজি আছে। সকলো নদী  বিপদ  সীমাৰ ওপৰেৰে  বৈ  থকা আৰু ভূমিস্খলনৰ ফলত ঘাইপথ সমুহ  বন্ধ হৈ পৰিছে  জম্মুত । এই বৰষুণ আৰু  ভূমিস্খলনত বহু লোকৰ মৃত্যু হৈছে।