জম্মু-কাশ্মীৰৰ পহলগামত পৰ্যটকৰ ওপৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ
ৰঙিলী বাৰ্ত্তাসেৱা- জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদী আক্ৰমণ। প্ৰকৃতিৰ অপৰূপ সৌন্দর্য উপভোগেৰে হাঁহি-ধেমালি কৰি থকা সময়তে মঙলবাৰে দুপৰীয়া সন্ত্রাসবাদীৰ গোট এটাই জম্মু-কাশ্মীৰৰ পেহেলগামত পৰ্যটকৰ ওপৰত জধেমধে গুলীচালনা কৰে। সেনাৰ পোছাক পৰিহিত সন্ত্রাসবাদীৰ এই নৰসংহাৰত দেশী-বিদেশী ২৬ পর্যটকে প্রাণ হেৰুৱায়। ২-৩জনীয়া সন্ত্রাসবাদীৰ গোট এটাই পর্যটকে বাহৰ পতা ৰিজ’ৰ্টত প্ৰৱেশ কৰি প্ৰথমে পৰ্যটকৰ পৰা পৰিচয় বিচাৰে। কি ধৰ্মৰ সেয়াও জানি লৈ পাছলৈ জধেমধে গুলীচালনা কৰে। সন্ত্রাসবাদীৰ নিৰ্বিচাৰ গুলীচালনাত দুই বিদেশীসহ ২৬ পর্যটকে প্রাণ হেৰুওৱাৰ বিপৰীতে ডজনতকৈ অধিক পর্যটক আহত হৈছে। নিহতৰ ভিতৰত ভাৰতীয় নৌসেনাৰ এজন বিষয়াও আছে। পেহেলগামৰ বাইচৰানৰ ৰিজ’ৰ্ট এখনত ভূস্বৰ্গৰ প্ৰাকৃতিক সৌন্দর্য উপভোগ কৰি পৰিয়ালৰ সৈতে হাঁহি-ধেমালি কৰি থাকোঁতেই সন্ত্রাসবাদীৰ গোট এটাই পৰ্যটকৰ জীৱনলৈ অমানিশা কঢ়িয়াই আনে। সন্ত্রাসবাদীৰ এই আক্ৰমণত দেশৰ বিভিন্ন প্ৰদেশৰ বিশেষকৈ গুজৰাট, কৰ্ণাটক, তামিলনাডু, মহাৰাষ্ট্ৰ, ওড়িশাকে ধৰি কেইবাখনো ৰাজ্যৰ পৰ্যটক বলি হৈছে। পৰ্যটকৰ ওপৰত সন্ত্রাসবাদীৰ গোট এটাই ৩-৫ মিনিট ধৰি জধেমধে গুলীচালনা কৰি উক্ত অঞ্চলৰ পৰা নিৰ্বিঘ্নে আঁতৰি যায়। এই গুলীচালনাৰ ফলত কেইবাজনো পর্যটক হতাহত হৈছে। আহতসকলক অনন্তনাগ জিলা হাস্পতালত ভর্তি কৰোৱা হৈছে। সন্ত্রাসবাদীয়ে আক্রমণ কৰি পলাই যোৱা ঘটনাস্থলীত ইতিমধ্যে সেনা আৰু আৰক্ষী উপস্থিত হৈ উদ্ধাৰ অভিযান চলোৱাৰ সমান্তৰালকৈ উক্ত অঞ্চলত আক্রমণকাৰীক বিচাৰি অভিযান আৰম্ভ কৰিছে। ভাৰতীয় সেনাৰ ভিক্টৰ ফ’ৰ্ট, স্পেচিয়েল ফ’র্চ, জেকেপিএছঅ’ডি আৰু চিআৰপিএফৰ ১১৬ বেটেলিয়নে যৌথভাৱে আক্রমণকাৰীক বিচাৰি অঞ্চলটোত অভিযান তীব্ৰতৰ কৰি তুলিছে। সন্ত্রাসবাদীৰ আক্ৰমণৰ বলি হোৱা পর্যটকে দাবী কৰা মতে সন্ত্রাসবাদীকেইটাই ওচৰলৈ আহি প্রথমে তেওঁলোকক হিন্দু নে মুছলমান বুলি সোধে আৰু ইয়াৰ পিছতেই ধর্ম সন্দৰ্ভত নিশ্চিত হৈ জধেমধে গুলীয়াবলৈ ধৰে। মহিলা পর্যটক এগৰাকীয়ে আক্ৰমণৰ পূৰ্বে সন্ত্রাসবাদীয়ে তেওঁৰ ধৰ্মৰ পৰিচয় সুধি স্বামীক গুলীয়াই হত্যা কৰে বুলি আৰক্ষীৰ আগত প্ৰকাশ কৰিছে। আৰক্ষীয়ে আহতসকলৰ তালিকা প্রকাশ কৰিছে। সন্ত্রাসবাদী আক্রমণত আহত হোৱা লোকসকলৰ ভিতৰত গুজৰাটৰ বিনো ভাট, মাণিক পাটিল আৰু বিনো পাণ্ডে, মহাৰাষ্ট্ৰৰ এছ বালাচান্দ্ৰো আৰু ড° পৰমেশ্বৰ, কৰ্ণাটকৰ অভি জাৱন ৰাও, অভিজাৱম ৰাও, তামিলনাডুৰ ছাল্টু, ওড়িশাৰ শশী কুমাৰী বুলি চিনাক্ত কৰিছে। ইপিনে, এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে নিষিদ্ধ সংগঠন লস্কৰ-ই-তৈবাৰ অধীনৰ সন্ত্রাসবাদী সংগঠন এলটিআৰএফে। শেহতীয়া তথ্য মতে আহতৰ ভিতৰত চাৰিজনৰ অৱস্থা সংকটজনক। আনপিনে, জম্মু-কাশ্মীৰৰ পেহেলগামত পৰ্যটকৰ ওপৰত সন্ত্রাসবাদীৰ আক্ৰমণক গৰিহণা জনাই প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আক্রমণকাৰীক কোনো কাৰণে ৰেহাই দিয়া নহ’ব বুলি প্রকাশ কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই আক্ৰমণৰ পাছতেই কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰি আক্ৰমণকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰিবলৈ নিৰ্দেশ দিছে। তথ্য মতে, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে প্ৰধানমন্ত্ৰীৰ নিৰ্দেশত মঙলবাৰে সন্ধিয়া শ্রীনগৰত উপস্থিত হৈছে। আনপিনে, কেন্দ্রীয়শাসিত অঞ্চলটোৰ মুখ্যমন্ত্রী ওমৰ আব্দুল্লাই আক্রমণকাৰীক জন্তু আখ্যা দি এনে আক্রমণক কাপুৰুষালি বুলি কৈ কঠোৰ ভাষাৰে গৰিহণা দিছে। পেহেলগামত সন্ত্রাসবাদীৰ কাপুৰুষালি আক্রমণক কঠোৰ ভাষাৰে গৰিহণা জনাইছে ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৱে।উল্লেখ্য যে সন্ত্রাসবাদীৰ আক্ৰমণৰ পৰা বাচিবলৈ সক্ষম হোৱা এগৰাকী পর্যটকে প্রকাশ কৰা মতে, আজি দিনৰ প্ৰায় ২.৩০ বজাত দুই-তিনিজনীয়া দল এটাই পর্যটকে বাহৰ পতা ৰিজ’ৰ্টলৈ আহে। দলটোৱে প্রথমে পৰ্যটকৰ পৰিচয়পত্ৰ বিচাৰে আৰু ইয়াৰ পাছতেই জধে-মধে গুলীয়াবলৈ ধৰে। ইপিনে, এই ঘটনাৰ পাছতে আধাতে ছৌদি আৰব ভ্ৰমণ আধাতে সামৰি দেশলৈ উভতি আহে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী।উল্লেখ্য যে দুদিনীয়া ভ্রমণসূচীৰে প্ৰধানমন্ত্ৰী মোদী ছৌদি আৰবত উপস্থিত হৈছিল। দেশত উপস্থিত হোৱাৰ পাছতে মোদীয়ে কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰো সম্ভাৱনা আছে। ইতিমধ্যে সন্ত্রাসবাদীৰ এই আক্ৰমণক মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্প, ইটালীৰ প্ৰধানমন্ত্ৰী জর্জিয়া মেলনিসহ বহুসংখ্যক বিদেশী ৰাষ্ট্ৰৰ মুৰব্বীয়ে কঠোৰ ভাষাৰে গৰিহণা দিছে