জম্মু-কাশ্মীৰৰ কুলগ্ৰামত সন্ত্রাসবাদীৰে সংঘৰ্ষত ২ জোৱান শ্বহীদ

জম্মু-কাশ্মীৰৰ কুলগ্ৰামত সন্ত্রাসবাদীৰে সংঘৰ্ষত ২ জোৱান শ্বহীদ

ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্রীয়শাসিত অঞ্চল জম্মু- কাশ্মীৰৰ কুলগ্ৰামত সন্ত্রাসবাদীৰ বিৰুদ্ধে অপাৰেচন অখলৰ নৱম দিনত সন্ত্রাসবাদীৰে সংঘৰ্ষত দুই সেনা জোৱান শ্বহীদ হোৱাৰ লগতে দুজন আহত হৈছে। উপত্যকাটোত ৯ দিন ধৰি চলাই থকা সন্ত্রাসবাদীৰ বিৰুদ্ধে অভিযানত সংঘর্ষত আহতৰ সংখ্যা ১০জনলৈ বৃদ্ধি পাইছে। কুলগ্রামত শ্বহীদ হোৱা সেনা জোৱান দুজন লেন্স নায়ক প্রীতপল সিং আৰু চিপাহী হৃৰমিন্দৰ সিং বুলি সেনাৰ সূত্ৰত প্রকাশ পাইছে। পেহেলগামত পাক সন্ত্রাসবাদীৰ নৰসংহাৰৰ পিছত অঞ্চলটোত বিভিন্ন পর্যায়ত সন্ত্রাসবাদৰ বিৰুদ্ধে অভিযান চলাই আছে। যোৱা ১ আগষ্টৰ পৰা দক্ষিণ কাশ্মীৰৰ অখলত সন্ত্রাসবাদীৰ বিৰুদ্ধে অভিযান চলাই আছে। বিশেষ চোৰাংচোৱাৰ সূত্ৰৰ তথ্যত অঞ্চলটোত সন্ত্রাসবাদীয়ে আত্মগোপন কৰি থকাৰ সম্ভেদ পাই সেনাই সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি অভিযান চলাই আহিছে। বিগত ৮ দিন ধৰি সেনাই অভিযানত ৫জনতকৈ অধিক দুর্ধর্ষ সন্ত্রাসবাদীক গুলীয়াই হত্যা কৰিবলৈ সক্ষম হৈছে। ড্রোন আৰু হেলিকপ্টাৰ ব্যৱহাৰ কৰি অভিযান চলাই থকা অৱস্থাতে সন্ত্রাসবাদী সংগঠনৰ দুজনে প্ৰাণ হেৰুৱায়। তিনিটা সন্ত্রাসবাদীক প্ৰাকৃতিক গুহাৰ – লেখীয়া বনাঞ্চলত আত্মগোপন কৰি থকাৰ সম্ভেদ পায়েই  অঞ্চলটোত অভিযান তীব্ৰতৰ কৰি তোলে। গভীৰ বনাঞ্চলত সেনাই চলোৱা অভিযানত সন্ত্রাসবাদীয়ে সেনাৰ ওপৰত আক্ৰমণ চলোৱাৰ সুযোগ লয়। পৰিণতিত দুয়োপক্ষৰ মাজত প্ৰচণ্ড সংঘর্ষ হয়।