জম্মু-কাশ্মীৰত ২ সন্ত্ৰাসবাদী নিহত
ৰঙিলী বাৰ্ত্তাসেৱা– জম্মু-কাশ্মীৰৰ সীমান্তত নিৰাপত্তা বাহিনীৰ বৃহৎ সফলতা। জম্মু-কাশ্মীৰৰ বান্দিপোৰা জিলাৰ গুৰেজ ছেক্টৰত নিয়ন্ত্ৰণৰেখা (LoC) পাৰ হৈ ভাৰতত অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰি থকা দুজন সন্ত্ৰাসবাদীক হত্যা কৰে নিৰাপত্তা বাহিনীয়ে। বৰ্তমানলৈকে চিনাক্ত হোৱা নাই সন্ত্ৰাসবাদীকেইটাৰ পৰিচয় । একে সময়তে জম্মু-কাশ্মীৰৰ কুপৱাৰা জিলাত কৰ্তব্যৰত অৱস্থাতে এজন জোৱানো শ্বহীদ হয় । বৃহস্পতিবাৰে ভাৰতীয় সেনাই প্ৰকাশ কৰা মতে, উত্তৰ কাশ্মীৰৰ বান্দিপোৰা জিলাৰ গুৰেজ উপত্যকাৰ নিয়ন্ত্ৰণৰেখাৰ সমীপত অনুপ্ৰৱেশ বিৰোধী অভিযানত দুটা অচিনাক্ত সন্ত্ৰাসবাদী নিহত হয় ৷ এজন বিষয়াই জনোৱা মতে, গুৰেজ ছেক্টৰৰ নৌশ্বেৰা নাৰদৰ সমীপত সেনাই অনুপ্ৰৱেশৰ চেষ্টা বিফল কৰি দুজন সন্ত্ৰাসবাদীক হত্যা কৰে। তেওঁ কয় যে অনুসন্ধান অভিযান অব্যাহত আছে । কাশ্মীৰৰ সামৰিক অভিযানৰ দায়িত্বত থকা সেনাবাহিনীৰ শ্ৰীনগৰস্থিত চিনাৰ কৰ্পছে টুইটাৰযোগে এক পোষ্টযোগে কয় যে জম্মু-কাশ্মীৰ আৰক্ষীয়ে প্ৰদান কৰা চোৰাংচোৱা তথ্যৰ ভিত্তিত এই অভিযান আৰম্ভ কৰা হৈছে । চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত জম্মু-কাশ্মীৰ আৰক্ষীয়ে এই খবৰ লাভ কৰাৰ পাচতে ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে গুৰেজ খণ্ডত যৌথ অভিযান আৰম্ভ কৰে । সৈন্যই সন্দেহজনক কাৰ্যকলাপ পৰ্যবেক্ষণ কৰে, সেই সময়তে সন্ত্ৰাসবাদীয়ে নিৰ্বিচাৰ গুলীচালনা কৰে । ভাৰতীয় জোৱানসকলেও তাৰ প্ৰত্যুত্তৰ দিয়ে ৷ ফলত দুটা সন্ত্ৰাসবাদী নিহত হয় ৷ বৰ্তমান এই অভিযান অব্যাহত আছে বুলি উক্ত পোষ্টটোত সেনাই জানিবলৈ দিয়ে ।