জম্মু-কাশ্মীৰত ২০০ ফুট তলত বাগৰি পৰিল সেনাৰ বাহন
ৰঙিলী বাৰ্ত্তাসেৱা- জম্মু-কাশ্মীৰত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা । জম্মু কাশ্মীৰৰ ডোডা জিলাৰ থানালাৰ ওপৰৰ অঞ্চলৰ ভাদেৰৱাহ-চাম্বা পথত সেনা বাহিনীৰ এখন বাহন নিয়ন্ত্রণ হেৰুৱাই প্ৰায় ২০০ ফুট গভীৰ খাদত পৰে।এই দুৰ্ঘটনাটোত কমেও ১০ গৰাকী জোৱান নিহত হোৱাৰ বিপৰীতে সাতজন জোৱান গুৰুতৰভাৱে আহত হয়।সেনা সূত্রই জানিবলৈ দিছে যে উক্ত গাড়ীত মুঠ ১৭ জন সেনা কর্মী আছিল। ভাদেৰৱাহ-চাম্বা পথৰ খান্নি টপ এলেকাত এই দুর্ঘটনা সংঘটিত হয়। বিপদসংকুল পাহাৰীয়া পথত চলি থকাৰ সময়তে গাড়ীখনে নিয়ন্ত্রণ হেৰুৱাই খাদত পৰে। খবৰ পোৱাৰ লগে লগে সেনা আৰু আৰক্ষীৰ যৌথ দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভকৰে। বৰ্তমানলৈকে ১০জন জোৱানৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। গাড়ীত থকা আন সাতজনৰ অৱস্থা অত্যন্ত সংকটজনক বুলি জানিব পৰা গৈছে। ফলত মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। আহত জোৱানসকলক বিমানযোগে উধমপুৰস্থিত সেনা চিকিৎসালয়লৈ লৈ যোৱা হৈছে। ঘটনাৰ পিছতে এক বিবৃতি প্রকাশ কৰে। উক্ত বিবৃতিত কোৱা হয় যে উক্ত জোৱানসকলে এটা অভিযানত অংশ ল’বলৈ গৈ আছিল। দুর্বল বতৰৰ মাজে মাজে বিপদসংকুল পাহাৰীয়া পথত চলাৰ সময়তে গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ গভীৰ খাদত পৰে। হতাহত সম্পৰ্কে সেনাৰ ফালৰ পৰা এই মুহূৰ্তলৈকে নিশ্চিত সংখ্যা প্রকাশ কৰা হোৱা নাই।আনহাতে জম্মু-কাশ্মীৰৰ ৰাজ্যপাল মনোজ সিনহাই এই মৰ্মান্তিক দুৰ্ঘটনাৰ বাবে গভীৰ শোক প্ৰকাশ কৰে । এক বিবৃতিত লেফটেনেণ্ট গৱৰ্ণৰ সিনহাই লিখিছে,ডোডাত সংঘটিত হোৱা দুৰ্ভাগ্যজনক পথ দুৰ্ঘটনাত আমাৰ ভাৰতীয় সেনাবাহিনীৰ ১০ গৰাকী সাহসী জোৱানে প্ৰাণ হেৰুওৱাত মই গভীৰ শোক প্ৰকাশ কৰিছো । আমাৰ সাহসী সৈনিকসকলৰ অসাধাৰণ সেৱা আৰু পৰম ত্যাগৰ কথা আমি সদায়ে মনত ৰাখিম । শোকসন্তপ্ত পৰিয়ালসমূহলৈ মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিছো । সিনহাই লগতে কয়, গভীৰ শোকৰ এই সময়ত সমগ্ৰ জাতিটোৱে শোকসন্তপ্ত পৰিয়ালসমূহৰ সৈতে থিয় দিছে । আহত দহগৰাকী জোৱানক বিমানেৰে চিকিৎসালয়লৈ নিয়া হৈছে । মই শীৰ্ষ বিষয়াসকলক সম্ভৱপৰ সকলো চিকিৎসা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছো। তেওঁলোকৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছো।
