জম্মু-কাশ্মীৰত হোৱা সংঘৰ্ষত পাকিস্তানী লস্কৰ-ই-তৈবা কমাণ্ডাৰ নিহত

pc India Today

অনলাইন বাৰ্ত্তাসেৱা – কাশ্মীৰ আৰক্ষীয়ে বুধবাৰে পুৱা টুইট যোগে কয় যে পাকিস্তানী লস্কৰ-ই-তৈবা (এল ই টি)ৰ ‘কমাণ্ডাৰ আইজাজ এলিয়াছ’ ওৰফে ‘আবু হুৰাইৰা’ দুজন স্থানীয় সন্ত্ৰাসবাদীৰ সৈতে পুলৱামাত নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষত নিহত হয়। “অস্ত্ৰ-শস্ত্ৰ আৰু গুলি-বাৰুদ আদিকে ধৰি বহুটো আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰা হৈছে,” লগতে উল্লেখ কৰা হয়। কাশ্মীৰৰ আৰক্ষীয়ে আগতে টুইটযোগে উল্লেখ কৰে, “ নিৰাপত্তা বাহিনীৰ কৰ্মৰত আৱস্থাত পুলৱামা চহৰত এনকাউণ্টাৰ আৰম্ভ হৈছিল।”

(UD.)