জম্মু-কাশ্মীৰত সংঘৰ্ষত নিহত ৬ টা সন্ত্ৰাসবাদী অপৰাধৰ সৈতে জড়িত ৪ জন এল ই টি উগ্ৰপন্থী

জম্মু-কাশ্মীৰত সংঘৰ্ষত নিহত ৬ টা সন্ত্ৰাসবাদী অপৰাধৰ সৈতে জড়িত ৪ জন এল ই টি উগ্ৰপন্থী

ৰঙিলী বাৰ্ত্তাসেৱা– জম্মু-কাশ্মীৰৰ শ্বপিয়ানত সংঘটিত এক সংঘৰ্ষত অনাবাসী শ্ৰমিকৰ ওপৰত আক্ৰমণকে ধৰি ছয়টা সন্ত্ৰাসবাদী অপৰাধৰ সৈতে জড়িত চাৰিজন লস্কৰ-ই-তৈবা সন্ত্ৰাসবাদী নিহত হয় বুলি আইজিপি কাশ্মীৰ বিজয় কুমাৰে কয়। আৰক্ষীয়ে নিৰ্দিষ্ট তথ্যৰ ওপৰত ভিত্তি কৰি অঞ্চলটোত এক অনুসন্ধান অভিযান আৰম্ভ কৰিছিল। আৰক্ষীৰ এজন মুখপাত্ৰই কয়, “লুকাই থকা সন্ত্ৰাসবাদীসকলে তালাচী দলৰ ওপৰত নিৰ্বিচাৰভাৱে গুলী চালনা কৰিছিল।”