জম্মু-কাশ্মীৰত সংঘটিত বিস্ফোৰণত ৩ জন সৈনিক আহত

pc India Tv news

জম্মু-কাশ্মীৰত সংঘটিত বিস্ফোৰণত ৩ জন সৈনিক আহত

ৰঙিলী বাৰ্ত্তাসেৱা-   আৰক্ষীয়ে জনোৱা অনুসৰি জম্মু-কাশ্মীৰৰ শ্বপিয়ানত এখন ব্যক্তিগত ভাড়াতীয়া বাহনৰ ভিতৰত সংঘটিত বিস্ফোৰণত তিনিজন সৈনিক আহত হয়। সৈনিকসকলক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হৈছে, কাশ্মীৰ জোন আৰক্ষীয়ে এক টুইটযোগে কয়। বিস্ফোৰণৰ প্ৰকৃতি আৰু উৎস এতিয়াও জানিব পৰা হোৱা নাই আৰু তদন্ত চলি আছে।