জম্মু-কাশ্মীৰত প্ৰচণ্ড বৰষুণৰ বাবে সাময়িকভাৱে বন্ধ বৈষ্ণো দেৱী যাত্ৰা

ৰঙিলী বাৰ্ত্তাসেৱা- জম্মু-কাশ্মীৰত প্ৰচণ্ড বৰষুণে বিপৰ্যয় সৃষ্টি কৰিছে। তিনি দিন ধৰি অবিৰাম বৰষুণৰ ফলত পৰিস্থিতি আৰু জটিল হৈ পৰিছে। সোমবাৰে ৰাতি অত্যধিক বৰষুণৰ ফলত ডোডাৰ চাৰৱা আৰু মৰ্মত অঞ্চলত মেঘ বিস্ফোৰণৰ ঘটনা ঘটে। ইয়াৰ উপৰি তিনিখন ফুট ব্রিজ ক্ষতিগ্রস্ত হৈছে, আৰু চেনাব নদীৰ জলস্তৰ বিপদৰেখাৰ ওপৰত উঠিছে। অবিৰাম বৰষুণ, ভূমিস্খলন আৰু শিল পৰাৰ ফলত জংগলগৱাৰ নালাৰ ওচৰত এন এইচ-২৪৪ (ডোডা-কিষ্টৱাৰ)ত যান-বাহন চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে, কিয়নো ৰাস্তাৰ এটা অংশ পানীত ভাহি গৈছে। জনসাধাৰণক ৰাস্তা পুনস্থাপন নোহোৱালৈকে এই পথত যাতায়াতৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনোৱা হৈছে। প্ৰতিকূল বতৰৰ কাৰণে মাতা বৈষ্ণোদেৱীৰ যাত্রা সাময়িকভাৱে বন্ধ কৰা হৈছে। কাত্ৰাৰ অৰ্ধকুম্ৱাৰী অঞ্চলত ভূমিস্খলনৰ ঘটনাও সংঘটিত হৈছে, যাৰ ফলত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে।ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জম্মু অঞ্চলৰ বাবে আজি ৰেড সতৰ্কতা জাৰি কৰিছে, কিয়নো কিছুমান স্থানত অত্যধিক বৰষুণৰ সম্ভাৱনা আছে।