জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত দুই সন্ত্ৰাসবাদী
ৰঙিলী বাৰ্ত্তাসেৱা- জম্মু-কাশ্মীৰত অব্যাহত আছে নিৰাপত্তাৰক্ষীৰ সন্ত্ৰাসবাদ বিৰোধী অভিযান। কাশ্মীৰৰ কুপৱাৰা নিয়ন্ত্ৰণ ৰেখাৰে অনুপ্ৰৱেশৰ চেষ্টা কৰা দুই সন্ত্ৰাসবাদী সদস্য সেনাৰ গুলীত নিহত হৈছে। চোৰাংচোৱাৰ তথ্য লাভ কৰি শুকুৰবাৰে নিৰাপত্তাৰক্ষী আৰু আৰক্ষীয়ে অপাৰেচন পিম্পল আৰম্ভ কৰে। অভিযানৰ সময়ত সেনালৈ গুলীচালনা কৰা সন্ত্ৰাসবাদী দুজন সেনাৰ গুলীত থিতাতে নিহত হয়। সেনাই ছ’চিয়েল মিডিয়াযোগে কৰা প’ষ্টত কয়- ‘৭ নৱেম্বৰত অনুপ্ৰৱেশৰ সন্দৰ্ভত চোৰাংচোৱাই দিয়া তথ্যৰ ভিত্তিত কুপৱাৰাৰ কেৰান খণ্ডত যৌথ অভিযান আৰম্ভ কৰা হয়। অঞ্চলটোত সন্দেহজনক কার্যকলাপ দেখি সন্ত্ৰাসবাদীক প্রত্যাহ্বান জনায় সেনাই। সেই সময়তে দুই সন্ত্রাসবাদীয়ে সেনালৈ নির্বিচাৰ গুলীচালনা কৰে। প্ৰত্যুত্তৰত সেনাই চলোৱা গুলীত উগ্রপন্থী দুজন থিতাতে নিহত হয়। অপাৰেচন পিম্পল নামেৰে চলোৱা এই অভিযান এতিয়াও অব্যাহত আছে। সেনাই আৰু অধিক উগ্ৰপন্থীৰ সদস্য অঞ্চলটোত আত্মগোপন কৰি থকা বুলি সন্দেহ কৰিছে। ইয়াৰ পূৰ্বে ১৪ অক্টোবৰত কুপৱাৰা জিলাৰ ভাৰত-পাকিস্তান সীমান্তত উগ্ৰপন্থীৰ অনুপ্ৰৱেশৰ চেষ্টা বিফল কৰিছিল সেনাই। সেই সময়তো দুজন উগ্রপন্থী নিহত হৈছিল। পেহেলগাম কাণ্ডৰ পিছতো নিয়ন্ত্রণ ৰেখাত পাকিস্তান সমর্থিত উগ্রপন্থী সদস্যই কূটাঘাত সংঘটিত কৰাৰ পৰিকল্পনাৰ কথা চোৰাংচোৱাই বিগত সময়ত সদৰী কৰি আহিছে। ইয়াৰ ভিত্তিত সেনাই অভিযান আৰম্ভ কৰে।
