জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনীৰ গুলীত নিহত লস্কৰ-ই-তৈবাৰ ৩ সন্ত্রাসবাদী

জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনীৰ গুলীত নিহত লস্কৰ-ই-তৈবাৰ ৩ সন্ত্রাসবাদী

ৰঙিলী বাৰ্ত্তাসেৱা- নিৰাপত্তা বাহিনীয়ে জম্মু-কাশ্মীৰত সন্ত্রাসবাদীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে।পেহেলগামত পাক সন্ত্রাসবাদীয়ে নিৰীহ পৰ্যটকক বৰ্বৰতাৰে হত্যা কৰাৰ পাছৰে পৰা সন্ত্রাসবাদীৰ বিৰুদ্ধে চলোৱা অভিযান তীব্র ৰূপত চলিছে। ভাৰত আৰু পাকিস্তানৰ মাজত প্রায় চাৰিদিনীয়া অঘোষিত যুদ্ধৰ সাময়িক বিৰতিৰ মাজতে আজি কেন্দ্রীয়শাসিত অঞ্চলটোৰ ছপিয়ান জিলাৰ কেলাৰ বনাঞ্চলত নিৰাপত্তা বাহিনীয়ে অভিযান চলাই ৩ লস্কৰ-ই-তৈবাৰ দুৰ্ধৰ্ষ সন্ত্রাসবাদীক গুলীয়াই হত্যা কৰে। সন্ত্রাসবিৰোধী অভিযান চলাই থকা সেনা আৰু জম্মু-কাশ্মীৰৰ আৰক্ষীয়ে মঙলবাৰে পুৱা দক্ষিণ কাশ্মীৰৰ ছপিয়ান জিলাৰ কেলাৰ ছুক্রু বনাঞ্চলত সন্ত্রাসবাদী গোট আত্মগোপন কৰি থকাৰ সম্ভেদ পাই যৌথভাৱে অভিযান আৰম্ভ কৰে। বনাঞ্চলত নিৰাপত্তা বাহিনীয়ে অভিযান আৰম্ভ কৰোতেই লুকাই থকা সন্ত্রাসবাদীৰ গোটে অভিযানকাৰী নিৰাপত্তা বাহিনীৰ ওপৰত গুলীবর্ষণ কৰে। সন্ত্রাসবাদীৰ এই গুলীবর্ষণক নিৰাপত্তা বাহিনীয়ে তীব্র প্রত্যুত্তৰ দিয়ে। সমগ্র অঞ্চলটো ঘেৰি ৰাখি নিৰাপত্তা বাহিনীয়ে চলোৱা অভিযানৰ সময়ত সন্ত্রাসবাদীৰ সৈতে হোৱা সংঘৰ্ষত ৩ লস্কৰ-ই-তৈবাৰ সন্ত্রাসবাদী নিহত হয়। সংঘৰ্ষস্থলীৰ চৌপাশে বাতৰি যুগুতোৱা পৰলৈকে নিৰাপত্তা বাহিনীয়ে অভিযান চলাই আছে। নিৰাপত্তা বাহিনীৰ গুলীত নিহত লস্কৰ-ই-তৈবাৰ ৩ সন্ত্রাসবাদীৰ পৰিচয় এতিয়াও আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই।