জম্মু আৰু কাশ্মীৰত সেনাৰ গুলীত দুজন সন্ত্রাসবাদী নিহত
ৰঙিলী বাৰ্ত্তাসেৱা- জম্মু আৰু কাশ্মীৰৰ কিষ্টৱাৰত সেনাৰ সৈতে হোৱা গুলীয়াগুলীত নিহত হয় দুজন সন্ত্রাসবাদী। তাৰ ভিতৰত এজন জইচৰ কমাণ্ডাৰ ছৈফুল্লা আৰু আৰক্ষী সূত্ৰৰ খবৰ মতে, আনজন ছৈফুল্লাৰ সংগী। তেওঁৰ নাম এতিয়াও জানিব পৰা হোৱা নাই। কিষ্টৱাৰত সক্রিয় আছিল ছৈফুল্লা। শনিবাৰে তেওঁলোকক ছট্ৰৰ জংঘলৰ মাজত দেখিবলৈ পোৱা যায়। তাৰ পিছতে দেওবাৰে পুৱাৰে পৰা অভিযানত নামে সেনাৰ দল। পাহাৰীয়া হাবি অঞ্চলত ইয়াৰ পূর্বেও সন্ত্রাসবাদীৰ সৈতে বহুবাৰ সংঘর্ষ হৈছিল বাহিনীৰ। সেনাৰ সূত্ৰই জনোৱা মতে সন্ত্রাসবাদী সংখ্যাত ২-৩জনমান আছিল। কোনো সন্ত্রাসবাদী এতিয়াও লুকাই আছে নেকি তাৰ সন্ধান চলি আছে। দেওবাৰে পুৱা অভিযান চলোৱাৰ সময়তে বাহিনীলৈ লক্ষ্য কৰি গুলী চলাবলৈ লক্ষ্য কৰে সন্ত্রাসবাদীহঁতে। তাৰ প্রত্যুত্তৰ দিয়ে নিৰাপত্তা বাহিনীয়েও। উল্লেখযোগ্য যে যোৱা বছৰৰ নৱেম্বৰ মাহত অপাৰেচন ছট্টু আৰম্ভ হয়।
