জম্মুত ১ বছৰতকৈ অধিক সময় বাস কৰা লোকসকলে ভোটাৰ হিচাপে পঞ্জীয়ন কৰিব পাৰিব: চৰকাৰ

Pc Hindustan Times

জম্মুত ১ বছৰতকৈ অধিক সময় বাস কৰা লোকসকলে ভোটাৰ হিচাপে পঞ্জীয়ন কৰিব পাৰিব: চৰকাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  জম্মুৰ উপায়ুক্তই জিলাখনত এবছৰতকৈ অধিক সময় ধৰি বাস কৰা লোকসকলক বাসস্থানৰ প্ৰমাণপত্ৰ প্ৰদান কৰিবলৈ সকলো তহচিলদাৰ (ৰাজহ বিষয়া)ক অনুমোদন জনোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে।জম্মু-কাশ্মীৰত চলি থকা নিৰ্বাচনী তালিকাৰ বিশেষ সাৰাংশ পুনৰীক্ষণত যাতে কোনো যোগ্য ভোটাৰক পঞ্জীয়নৰ বাবে বাদ দিয়া নাযায় তাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি নিৰ্দেশত উল্লেখ কৰা হৈছে।