জমিয়ত উলেমাক বুঢ়া আঙুলি মুখ্যমন্ত্ৰীৰ

জমিয়ত উলেমাক বুঢ়া আঙুলি মুখ্যমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- শেহতীয়াকৈ অসমত চলি থকা উচ্ছেদৰ বিৰোধিত কৰি জমিয়ত উলেমা-ই-হিন্দৰ মুৰব্বী মৌলানা মাহমুদ মাদানীয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক অপসাৰণ কৰাৰ দাবী উত্থাপন কৰিছিল । ইয়াৰ পিছতে জমিয়ত উলেমা -ই-হিন্দ আৰু সংগঠনটোৰ মুৰব্বী মৌলানা মাহমুদ মাদানীক উভতি ধৰে মুখ্যমন্ত্রী ড° শৰ্মাই। সংগঠনটোক বুঢ়া আঙুলি দেখুৱাই মুখ্যমন্ত্রী ড° শৰ্মাই প্রতিক্রিয়া প্রকাশ কৰি কয় যে জমিয়ত উলেমাক আনুষ্ঠানিকভাৱে মই এতিয়াই বুঢ়া আঙুলি দেখুৱাই দিছোঁ। এই বুঢ়া আঙুলিটোত অসমীয়াৰ তেজ-বীর্য-সাহস আছে। মৌলানা মাহমুদ মাদানীয়ে এসময়ত মই শিক্ষামন্ত্রী থাকোঁতে টেট শিক্ষকসকলৰ নিযুক্তি হ’ব দিয়া নাছিল। তৰুণ গগৈৰ লগত লগ লাগি আমাৰ বিষয়াক ৰুমত মাতি নি কন্দুৱাইছিল। আজিও সেই বিষয়াগৰাকী অসমতে আছে। এতিয়া অসমৰ মুখ্যমন্ত্ৰীগৰাকীক পদত্যাগ-বর্খাস্ত কৰাৰ কথা কৈছে তেওঁলোকে। ইয়াৰ সিদ্ধান্ত অসমৰ মানুহে ল’ব। মৌলানা মাহমুদ মাদানীয়ে ল’ব নোৱাৰে। মই পালেতো মৌলানা মাহমুদ মাদানীকো বাংলাদেশলৈ পঠিয়াই দিম। হঠাতে জমিয়ত উলেমা কিয় সৰৱ হৈছে বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত তেওঁ এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। তেওঁৰ মতে, শেহতীয়া উচ্ছেদ অভিযানৰ পাছত তথা আধাৰ কাৰ্ড বন্ধ কৰাৰ খবৰ পাই এনেধৰণৰ চক্রান্তবোৰ এতিয়া গা কৰি উঠিছে। মুখ্যমন্ত্রী ড° শৰ্মাই পুনৰ কয় যে অসমক তেওঁলোকে গ্রাস কৰিব খুজিছে। কংগ্ৰেছে এৰি দিছিল। মই এটা কথাই ক’ম-জমিয়ত উলেমাক কেয়াৰ নকৰোঁ। বাকী আন কাক কেয়াৰ কৰিম? অসমৰ ৰাইজে আজি সৰুকৈ হ’লেও এটা মথাউৰি বনাইছে বুলি উল্লেখ কৰি এইক্ষেত্ৰত মুখ্যমন্ত্রী ড° শৰ্মাৰ ভাষ্য আছিল এনেধৰণৰ- আজি চৰকাৰী চাকৰি খিলঞ্জীয়া ল’ৰাই পাইছে। ভূমিৰ অধিকাৰ পাইছে খিলঞ্জীয়াই। যিয়ে উচ্ছেদ হ’ব লাগে, সি উচ্ছেদ হৈছে। আধাৰ যিসকলে পাব লাগে, পাইছে। নাপাবলগীয়াই পোৱা নাই। বাংলাদেশী চিনাক্ত হ’লে আগৰ দৰে আদালত-ডিটেনচন কেম্প নহয়, পোনে পোনে পাৰ কৰাই দিছোঁ। এই কথাবোৰৰ কাৰণে স্বাভাৱিকভাৱে তেওঁলোক নাৰাজ হ’বই। মোৰ কোনো আপত্তি নাই। জমিয়ত উলেমাক মই মোৰ বুঢ়া আঙুলিৰ লগতো তুলনা নকৰোঁ । জমিয়ত উলেমাৰ নেতৃত্বত মিঞা সম্প্রদায় একগোট হৈছে নেকি বুলি সাংবাদিকে সোধা আন এক প্রশ্নব বিপৰীতে মুখ্যমন্ত্রী ড° শর্মাই কংগ্রেছকো তীক্ষ্ণ কটাক্ষ কৰে। তেওঁ কয় যে কংগ্ৰেছ জমিয়তৰ বি টীম। যি দলৰেই নহওক কিয়, অসমৰ মুখ্যমন্ত্ৰীক আক্ৰমণ কৰা হৈছে। কংগ্ৰেছৰ মুখ্যমন্ত্রীকো যদি জমিয়ত উলেমাই আক্ৰমণ কৰে, আমি তাৰ বিৰোধিতা কৰিম। কাৰণ অসমৰ মুখ্যমন্ত্ৰী অসমৰ ৰাইজে বনাব, জমিয়তে নহয়। কিন্তু কংগ্ৰেছেতো এটা বিবৃতিও দিব নোৱাৰিলে। জাগীৰোডলৈ ছেমিকণ্ডাক্টৰ আহোঁতে মল্লিকার্জুন খাগেই আপত্তি কৰিছিল। আমাৰবোৰে সেই সুৰত সুৰ মিলালে। গতিকে ইয়াত যিবোৰ কংগ্ৰেছ আছে তেওঁলোক অচিনাকি মানুহৰ চৰ্দাৰ। অচিনাকি মানুহখিনিক লৈয়ে তেওঁলোকে চলি থাকিব খোজে। চিনাকি মানুহৰ তেওঁলোক প্রতিনিধি নহয়। উল্লেখ্য যে ৰাজ্যৰ চৰকাৰী-বনভূমি-পিজিআৰ-ভিজিআৰ আদিত সন্দেহযুক্ত বাংলাদেশীয়ে কৰা বেদখলৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কঠোৰ স্থিতিৰে উচ্ছেদ অভিযান অব্যাহত ৰখাৰ মাজতে যোৱা ২১ আগষ্টত জমিয়ত উলেমাৰ সভাপতি মৌলানা মাহমুদ মাদানীৰ অধ্যক্ষতাত অনুষ্ঠিত হয় কাৰ্যকৰী কমিটীৰ বৈঠক। য’ত অসমত খিলঞ্জীয়া অসমীয়াক সুৰক্ষিত কৰিব বিচৰা মুখ্যমন্ত্রী ড° শৰ্মাক গ্ৰেপ্তাৰ-অপসাৰণৰ দাবীৰে এক প্ৰস্তাৱ গ্ৰহণ কৰিছিল কংগ্ৰেছৰ ঘনিষ্ঠ মুছলমান সংগঠনটোৱে। ইয়াৰ বিৰুদ্ধে ইতিমধ্যে সমগ্র অসমতে জনজাগৰণৰ সৃষ্টি হৈছে।