জন আশীৰ্বাদ যাত্ৰাৰ দ্বিতীয় দিনাও জনসমুদ্ৰৰ মাজত মুখ্যমন্ত্ৰী

জন আশীৰ্বাদ যাত্ৰাৰ দ্বিতীয় দিনাও জনসমুদ্ৰৰ মাজত মুখ্যমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা- অসমত একেৰাহে তৃতীয়বাৰলৈ বিজেপিৰ নেতৃত্বত চৰকাৰ গঠনৰ লক্ষ্যৰে উলিওৱা জন আশীর্বাদ যাত্রাই দ্বিতীয় দিনা মৰিগাঁও জিলাৰ জাগীৰোড আৰু মৰিগাঁও বিধানসভা সমষ্টিৰ লগতে নগাঁও জিলাৰ ৰহা, নগাঁও-বটদ্ৰৱা আৰু বঢ়মপুৰ বিধানসভা সমষ্টিক সামৰি লয়। এই যাত্ৰাত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সমষ্টিকেইটাত লক্ষাধিক লোকৰ বিশাল শোভাযাত্ৰাত অংশগ্রহণ কৰে। সমষ্টিকেইটাৰ বিভিন্ন স্থানত হাজাৰ হাজাৰ লোক, দলীয় কর্মী-সমর্থকে মুখ্যমন্ত্রী আৰু বিজেপি নেতৃত্বক উষ্ম আদৰণি জনোৱাৰ লগতে আশীর্বাদ দিয়ে। সমষ্টিকেইটাৰ প্ৰতিটো প্রান্ততে হাজাৰ হাজাৰ সৰ্বসাধাৰণ জনতাৰ লগতে কর্মী-সমর্থকে ‘আকৌ এবাৰ মোদী চৰকাৰ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, দিলীপ শইকীয়া জিন্দাবাদ, পীযূষ হাজৰিকা জিন্দাবাদ, বিজেপি জিন্দাবাদ, ভাৰত মাতা কি জয়’ আদি ধ্বনি দি সমষ্টিকেইটাত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে। বিজেপিৰ এই আশীৰ্বাদ যাত্ৰা একপ্ৰকাৰ বিশাল জনসমুদ্রলৈ পর্যবসিত হোৱা পৰিলক্ষিত হয়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এখন বিকশিত আৰু সুৰক্ষিত অসম গঢ়াৰ বাবে সকলো শ্ৰেণীৰ ৰাইজৰ আশীৰ্বাদ আৰু মৰম বিচাৰি আৰম্ভ কৰা জন আশীৰ্বাদ যাত্ৰাৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী মন্ত্রী পীযূষ হাজৰিকাৰ জাগীৰোড বিধানসভা সমষ্টিৰ দেওশাল মন্দিৰৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হয়। দেওশাল মন্দিৰৰ পৰা আনুষ্ঠানিকভাবে পূজা-অর্চনা আগবঢ়োৱাৰ পিছত যাত্ৰা আৰম্ভ হয়। জাগীৰোডৰ পৰা আৰম্ভ হোৱা এই জন আশীর্বাদ যাত্রাত মুখ্যমন্ত্রী ড° শৰ্মাৰ লগতে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, মন্ত্রী পীযূষ হাজৰিকা, বিধায়ক ক্রমে ৰমাকান্ত দেউৰী, ৰূপক শৰ্মা, শশীকান্ত দাস, জিতু গোস্বামী আদি কেইবাজনো শীর্ষ নেতৃত্বই অংশগ্রহণ কৰে। জাগীৰোডত মুখ্যমন্ত্রী ড° শৰ্মাক এক্সকেভেটৰৰ জৰিয়তে অগণন লোকে পুষ্ট বৃষ্টি কৰি আদৰণি জনোৱাৰ লগতে গজৰাজৰ আশীৰ্বাদ আৰু পুষ্ট বৃষ্টি লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে জন আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰে। একাংশ মহিলাই ফুলেৰে সজ্জিত থাল লৈ পুষ্ট বৃষ্টি কৰি আদৰণি জনায়।সমগ্র পথছোৱাত ৰাইজে দবা, খোল, তাল, বিভিন্ন জনগোষ্ঠীয় নৃত্য, বিহু নৃত্যৰে মুখৰিত কৰি তোলে। জাগীৰোডৰ পিছত জন আশীর্বাদ যাত্রা মৰিগাৱঁত উপস্থিত হয়। তাৰ পিছত জন আশীৰ্বাদ যাত্রাই নগাঁও জিলাত প্রবেশ কৰে। সাহিত্য-সংস্কৃতিৰে সমৃদ্ধ আৰু স্বাধীনতা সংগ্ৰামৰ সংগ্রামী সত্তাৰে বিজড়িত নগাঁৱৰ পৰা বিজেপিয়ে বজোৱা নিৰ্বাচনী ৰণডংকাই আকর্ষণীয় ৰূপ লয়।  ৰাইজৰ এই অভূতপূর্ব সঁহাৰিত মুখ্যমন্ত্রী ড° শর্মা অভিভূত হৈ পৰে আৰু কয় যে ৰাইজে জনোৱা বিপুল সঁহাৰিত মই কৃতজ্ঞ। সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি ড° শৰ্মাই কয় যে মোৰ  বয়সত এনেদৰে ১৪ ঘণ্টা থিয় হৈ থকা সম্ভৱ নহয়। কিন্তু ৰাইজক দেখিলে, ৰাইজৰ মৰম-আদৰ দেখিলে ভাগৰ পাহৰি যাওঁ। কালি ৰাতি ১২ বজালৈকে ৰাইজৰ সঁহাৰি পাইছোঁ। ৰাতি ২ বজালৈকে থকা হ’লে তেতিয়াও এই যাত্রা চলি থাকিলহেঁতেন।

সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে অচিনাকি মানুহৰ কথা উল্লেখ কৰি আৰু কয় যে এইবাৰ ১.৫০ লাখ বিঘা মাটি বেদখলমুক্ত কৰিছোঁ। অহাবাৰ পাঁচ লাখ বিঘা মাটি বেদখলমুক্ত কৰা হ’ব। কোনো বাংলাদেশী অনুপ্ৰৱেশকাৰীয়ে অসমত শান্তিত থাকিব নোৱাৰিব। তদুপৰি যাত্রাপথৰ ঠায়ে ঠায়ে মুখ্যমন্ত্রী ড° শৰ্মাই ৰাইজক স্বভাৱসুলভ মন্তব্য কৰি ৰাইজৰ পৰা অসমত পুনৰ এবাৰ বিজেপি চৰকাৰ গঠনৰ আশীৰ্বাদ বিচাৰে। ড° শর্মাই ভাষণত কয়, এই জনযাত্রাই অসমৰ ভৱিষ্যৎ নিৰ্মাণ কৰিব। এখন বিকশিত, সুৰক্ষিত অসম গঢ়া আৰু অসমক দেশৰ শ্ৰেষ্ঠ ৰাজ্য ৰূপে নিৰ্মাণ কৰাটোৱেই আমাৰ মূল লক্ষ্য। সকলো শ্ৰেণীৰ ৰাইজ অৰ্থাৎ দৰিদ্ৰ, মধ্যবিত্ত আৰু শ্রমিক-কৃষকৰ কল্যাণ সাধনৰ বাবে বিগত দহ বছৰে বিজেপি নেতৃত্বাধীন চৰকাৰে কাম কৰি আহিছে। অসমত এতিয়া উন্নয়ন আৰু বিকাশৰ গতিধাৰা তীব্ৰতৰ হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ইয়াৰ জৰিয়তে আমি অসমক দেশৰ ভিতৰত শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তুলিব পাৰিম। জাগীৰোড- মৰিগাঁও হৈ এই যাত্রা আগবাঢ়ি আহি ৰহা সমষ্টিৰ বাৰপূজীয়া অঞ্চলত প্ৰৱেশ কৰে। ইয়াতো বৃহৎসংখ্যক ৰাইজ, দলীয় কর্মী আৰু সমর্থকে মুখ্যমন্ত্রী ড° শৰ্মাক বিপুল আদৰণি জনায়। আদৰণি গ্ৰহণ কৰাৰ পিছত মুখ্যমন্ত্ৰীযে ভাষণত কয় যে আমি অসমক বিকাশৰ নতুন বাটেৰে লৈ যাম। তেওঁ লগতে কয় যে মই বিনম্রতাৰে অনুৰোধ জনাইছোঁ যে আকৌ এবাৰ বিজেপিক চৰকাৰ গঠনৰ সুযোগ দিয়ক। ইয়াৰ পিছত ৰহাত ৰাইজ, বিজেপি নেতা-কর্মীয়ে আদৰণি জনোৱাৰ পিছত ডিমৌ চাৰিআলিত কেইবাখনো গাঁও পঞ্চায়ত এলেকাৰ ৰাইজে আদৰণি জনোৱাৰ পিছত বেবেজীয়াত নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ লগতে জামগুৰি-কুঁজিদাহ, ডিমৌ- বেবেজীয়া-বাংঠাই, দক্ষিণপাট, তুলসী দেউৰী, দেওধৰ গাঁও পঞ্চায়ত এলেকাৰ ৰাইজ আৰু দলীয় কর্মীসকলে আদৰণি জনায় মুখ্যমন্ত্রীক। মুখ্যমন্ত্রীয়ে বেবেজীয়াস্থিত একশৰণ ভাগৱতী সমাজৰ নতুনকৈ এক কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা কেন্দ্ৰীয় প্রশাসনীয় ভৱন মুকলি কৰে। বেবেজীয়াৰ পিছত আশীর্বাদ যাত্রাক নেতৃত্ব দিয়া মুখ্যমন্ত্রী আৰু শীর্ষ নেতৃত্বক নগাঁও-বটদ্ৰৱা সমষ্টিৰ শেনছোৱা, লক্ষীনগৰ চাৰিআলি, নগাঁও বিশ্ববিদ্যালয়ৰ সমীপত, পানীগাঁও চাৰিআলি, ডিমৰুগুৰি আদিত ৰাইজে বিপুল আদৰণি জনায়। ইয়াৰ পিছত আশীৰ্বাদ যাত্ৰাৰ দলটোৱে উৰিয়াগাঁৱত প্ৰৱেশ কৰাৰ লগে লগে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী, ৰাইজ আৰু দলীয় নেতা-কর্মীয়ে মুখ্যমন্ত্রীক আদৰণি জনায়। পুৰণিগুদামৰ কাষৰীগাঁৱত মামা বজাৰ মুকলি কৰে। বঢ়মপুৰ সমষ্টিৰ কেইবাটাও স্থানত মুখ্যমন্ত্রীক আদৰণি জনোৱাৰ পিছত এই আশীৰ্বাদ যাত্রা পুৰণিগুদামত উপস্থিত হয় আৰু ইয়াত মুখ্যমন্ত্ৰীয়ে ৰাইজ আৰু দলীয় কর্মী-সমর্থকক সম্বোধন কৰি সমাগত অসম বিধানসভা নির্বাচনত বিজেপিক জয়ী কৰাবলৈ ৰাইজৰ আশীৰ্বাদ বিচাৰে। মুখ্যমন্ত্ৰীয়ে জাগীৰোড, মৰিগাঁও ৰহা নগাঁও-বটদ্ৰৱা, বঢ়মপুৰ সমষ্টিৰ বিজেপি প্রার্থীসকলক জয়ী কৰাবলৈও আহ্বান জনায়।