জন্ম শতবাৰ্ষিকীৰ বিশেষ শ্ৰদ্ধা সুধাকণ্ঠলৈ
ড০ ভূপেন হাজৰিকা… অসমীয়া জাতিৰ এক সুকীয়া সত্ত্বা
মানসী মিশ্র
হৃদয়ৰ মনিকোঠাত যিসকলক আলফুলে সযতনে ভৰাই লোৱা হয়, সেইসকল কেতিয়াও স্মৃতি হৈ নাযায়। মনৰ মনিকোঠাত স্থায়ী হৈ ৰয় তেওঁলোক। সেইবাবেই শতিকাৰ শ্ৰেষ্ঠ অসমীয়া ড০ ভূপেন হাজৰিকা নামৰ বিশাল ব্যক্তিত্বৰ অধিকাৰী ব্যক্তিগৰাকী আজিও আমাৰ নিচেই কাষতে থকা যেন অনুভৱ হয়। তেখেতৰ গীতৰ প্ৰতিটো শব্দ, সেই সুৰৰ মায়াবী শক্তি এতিয়াও আমাৰ চৌপাশে বাজি আছে। শৈশৱৰ পৰাই ড০ ভূপেন হাজৰিকাৰ সৃষ্টি ৰাজিৰ একান্ত অনুৰাগী এতিয়াও সেই অনুৰাগ, অনুভূতি একেই আছে আৰু আগলৈও একেই থাকিব। ইয়াৰ মূলতেই হয়তো ড০ ভূপেন হাজৰিকাৰ সৃষ্টি ৰাজিয়ে জীৱনৰ প্ৰতিটো স্তৰৰ ব্যক্তিকে সমানে আনন্দ দিব পৰাকৈ এক সন্মোহিনী শক্তি আছে। এই প্ৰিয় ব্যক্তিগৰাকীৰ গীতৰ এটা কলি দূৰণিৰ পৰা ভাঁহি আহিলেও এতিয়া এইটোহে অনুভৱ হয় যে ড০ ভূপেন হাজৰিকাই পোন্ধৰ টা আগতেই মেলানি মাগিছে কায়িকভাৱে এই পৃথিৱীৰ পৰা। কিন্তু বৰ দকৈ নাভাৱিলে কেতিয়াও আমাৰ মনলৈ নাহে যে ড০ ভূপেন হাজৰিকা নামৰ বিশাল সত্ত্বাটো আজি আমাৰ মাজত নাই।তেখেতৰ অনবদ্য সৃষ্টি ৰাজিয়ে মনগহনত জীয়াই ৰাখিছে ভূপেন হাজৰিকা নামৰ বিশাল সত্ত্বাটোক। প্ৰতিটো ঋতু সলনি হলেই তেখেতৰ কথা মনলৈ আহে। প্ৰতিটো বিহু আহিলেই মনলৈ আহে তেখেতৰ কথা। বিশেষকৈ ৰঙালী বিহুৰ মঞ্চখন দেখিলেই পলকতে মনলৈ হাজাৰ হাজাৰ অনুৰাগীৰ মাজত মঞ্চত থিয় হৈ হাৰমনিয়ামৰ ৰীডত আঙুলি বোলাই তেখেতে ইটোৰ ৰ পিছত সিটোকৈ গাই যোৱা গীতবোৰলৈ। তেখেতৰ এই অনুপম সৃষ্টি ৰাজিয়ে তেখেতক চিৰকাললৈ অমৰ কৰিব, তাত কোনো সন্দেহ নাই। ড০ ভূপেন হাজৰিকা বোলা এই ব্যক্তিগৰাকী কেৱল মাথোঁ শিল্পী নাছিল। তেখেত আছিল কথাশিল্পী, তেখেত আছিল জনতাৰ শিল্পী। তেখেতে মঞ্চত কেৱল ৰাইজক গীতেৰে মোহিত কৰিছিল যে এনে নহয়। তেখেতে সুৰেৰে, শব্দৰে জনতাৰ হৃদয়ৰ লগত এক গণসংযোগ সৃষ্টি কৰিবলৈ সমৰ্থ হৈছিল। বৰ্তমান সময়ত আমাৰ অতিকৈ প্ৰিয় গণশিল্পী গৰাকীৰ এশবছৰ সম্পূৰ্ণ হ’ল কিন্তু ইমান দিনলৈ তেখেতৰ সেই একেই বিশাল জনপ্ৰিয়তা।
আমাৰ জীৱনৰ অসমীয়া সংস্কৃতিৰ কাণ্ডাৰী স্বৰূপ বিষ্ণুপ্ৰসাদ ৰাভা,জ্যোতিপ্ৰসাদ আগৰৱালাক দেখা পোৱাৰ সৌভাগ্য নহ’ল। কিতাপৰ পৃষ্ঠাত তেওঁলোকৰ গুণৰাশি, সৃষ্টি ৰাজি আদিৰ বিষয়ে ককা, আইতা/ জেষ্ঠসকলৰ মুখেৰে তেওঁলোকৰ বিশাল প্ৰতিভাৰ উমান পাইছোঁ। কিন্তু ইয়াৰ মাজতো একবিংশ শতিকাৰ আজিৰ প্ৰতিনিধি হিচাপে আমাৰ গৰ্ববোধ কৰাৰ নিশ্চয় স্থল আছে যে সুধাকণ্ঠৰ বহুতো অনুষ্ঠান স্বচক্ষে নিচেই কাষৰ পৰা প্ৰত্যক্ষ কৰাৰ সুযোগ পাইছিলোঁ। সেইক্ষত্ৰত নিঃসন্দেহে আমি সৌভাগ্যৱান। সুধাকণ্ঠৰ বিয়োগৰ সময়তে এই কথা প্ৰতীয়মান হৈছিল যে দিন ৰাতি সমান কৰি নশ্বৰ দেহৰ সমুখত লক্ষ্য লক্ষ্য জনতাৰ দৰ্শনেৰে এখন তীৰ্থক্ষেত্ৰলৈ পৰিণত হৈছিল গুৱাহাটীৰ ঐতিহ্যমণ্ডিত জজ খেল পথাৰ। পাৰভঙা অশ্ৰুৰে বিদায় সম্ভাষণ জনাইছিল শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে। ইয়াৰ মূলতেই হৈছে অসমৰ জনজীৱনলৈ ভূপেন দাৰ যি অৱদান আছিল সেয়া আছিল তুলনাবিহীন। তেখেত কেৱল অন্যান্য প্ৰতিভাশালী গায়কেই নাছিল, তেখেত এগৰাকী মহান গীতিকাৰেই নহয়, মানুহৰ হৃদয়ত শ্ৰেষ্ঠ স্থানপোৱা সাহিত্যিকেই নহয়, তেখেত এই সকলোবোৰ হৈয়ো সকলোৰে উৰ্ধত অনন্য এগৰাকী ব্যক্তি। এইগৰাকী শিল্পীয়ে সৃষ্টি কৰা প্ৰতিটো গীতৰ একেটি শব্দই সমাজক দিছিল একোটাকৈ জ্ঞানগভীৰ বাৰ্তা। তেখেতৰ চিন্তাত, তেখেতৰ সৃষ্টিত এনেকুৱা এখন মানুহেৰে পৰিৱেষ্টিত সমাজৰ আশা কৰিছিল, যিখন সমাজৰ প্ৰতিগৰাকী ব্যক্তিয়ে জাতি ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোৰে ঊৰ্ধত থাকি চিন্তা কৰিছিল মানুহৰ বাবে। ড০ ভূপেন হাজৰিকাৰ প্ৰথম পৰিচয় তেখেত এগৰাকী অসমীয়া, আধুনিক শিল্প সংস্কৃতিৰ নিপুণ খনিকৰ। তেখেতৰ উদাৰতা আৰু বিশালতাৰ পৰিচয় তেখেতৰ বিশ্বজনীন সাৰ্বজনীনতাৰ মাজেদিয়ে পোৱা যায়। তেখেতৰ অধিক সংখ্যক গীততে প্ৰতিফলিত হৈছে জাতিভেদ নেওচিৰ খোজ একবিংশ শতিকাৰ একোখন সমাজৰ প্ৰতিচ্ছবি। কিন্তু এই গৰাকী ভূপেন দাই এটা সময়ত ৰাইজৰ মৰমৰ পৰা বঞ্চিত হৈছিল। মানুহে তেখেতৰ ওপৰত ভুল মনোভাৱ পোষণ কৰি তেখেতৰ বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী আৰু সভা সমিতি সমূহৰ পৰা বৰ্জন কৰিছিল। সেয়েহে তেখেতে মনৰ বেজাৰত স্ব-ৰাজ্যৰ পৰা আঁতৰি গৈ কলিকতা, মুম্বাই আদিতে থাকিবলৈ লৈছিল। বৰ্হিঃৰাজ্যত থাকিলেও জন্মভূমিৰ প্ৰতি তেখেতৰ মৰম চেনেহ আছিল অনন্য আৰু সেইবাবে স্বদেশ আৰু স্বজাতিৰ বাবে তেখেতে অহৰহ সৃষ্টি কৰি গৈছিল।
আমাৰ শ্ৰদ্ধা আৰু আদৰৰ ভূপেন দা জীয়াই থকা অৱস্থাত তেখেতৰ ওপজা দিনটো কিছু পৰিমাণে উদযাপন কৰা হৈছিল। তেখেতৰ প্ৰতি ওলগ আৰু শ্ৰদ্ধা জনাই ভিন্ন ঠাইত তেখেতৰ গীতসমূহ পৰিৱেশন কৰি বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী আদিৰ আয়োজন কৰা হৈছিল। কিন্তু তেখেতৰ মহা প্ৰয়াণৰ পিছত তেখেতৰ জন্ম দিৱসৰ লগতে মৃত্যু দিৱসৰ কাৰ্য্যসূচীও পালন কৰাৰ ব্যৱস্থা কৰা হ’ল। দুয়োটা দিনতে তেখেতৰ কৰ্মৰাজীক সোঁৱৰণ কৰি বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী, স্মৃতি সভা,ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন সাংস্কৃতিক প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰা হয়। এতিয়া এইটো বৰ্ষত সুধাকণ্ঠৰ আমাৰ ৰাজ্যত জন্মশতবাৰ্ষিকী আয়োজন কৰা হৈছে। তেখেতৰ এই শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি আমাৰ ৰাজ্যত আঠ চেপ্তেম্বৰ তাৰিখটোত গুৱাহাটীত কেন্দ্ৰীয় ভাৱে জন্মশতবাৰ্ষিকী অনুষ্ঠানৰ শুভ আৰম্ভণি কৰা হয়। এই অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে দেশৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। ড০ ভূপেন হাজৰিকাৰ দৰে এগৰাকী বৰণ্যে ব্যক্তিৰ জন্ম শতবাৰ্ষিকীৰ আৰম্ভণি অনুষ্ঠানত থাকিবলৈ পাই নিজকে ধন্য অনুভৱ কৰে বুলি তেখেতে বিশাল জনসভাত প্ৰকাশ কৰে।এই সভাত অসমৰ মাননীয় মুখ্যমন্ত্ৰীকে ধৰি অন্যান্য সন্মানীয় মন্ত্ৰী বিধায়ক সকল লগতে অসমৰ বৌদ্ধিক, সামাজিক, সাংস্কৃতিক জগতৰ অন্যান্য গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে আৰু এই অনুষ্ঠানত সুধাকণ্ঠ ড০ ভূপেন দাৰ পৰিয়ালবৰ্গৰ লোকসকলো উপস্থিত থাকে। এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানতে ড০ হাজৰিকা দেৱৰ ফটো সম্বলিত এটা ডাক টিকটো উন্মোচন কৰা হয়। লগতে ড০ ভূপেন হাজৰিকা দেৱৰ সমগ্ৰ জীৱন আৰু কৃতিৰ ওপৰত এখন প্ৰণয়ণ কৰি উলিওৱা হয়। আমাৰ সুধাকণ্ঠ ভূপেন দাক বিশদভাৱে জানিবলৈ এইখন এখন বাচকবনীয়া গ্ৰন্থ। এই গ্ৰন্থখন যাতে উঠি অহা প্ৰজন্মৰ হাততো পৰিব পাৰে সেই হেতুকে অসমৰ চৰকাৰী বিদ্যালয়, মহাবিদ্যালয় সমূহলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছে চৰকাৰী ভাৱে। উঠি অহা ছাত্ৰ-ছাত্ৰী সকলে ড০ হাজৰিকাক বিশদভাৱে জনাৰ হেতুকে বিদ্যালয়ৰ শিক্ষক সকললৈ বিনামূলীয়াকৈ এই গ্ৰন্থ প্ৰেৰণ কৰা হৈছে। ড০ হাজৰিকা দেৱৰ কৰ্মৰাজিৰ বিষয়ে অনুজসকলে গম পালেহে তেওঁলোকে তেখেতৰ সৃষ্টি ৰাজিক জীয়াই ৰাখিবলৈ সক্ষম হ’ব। সেইবাবে এইক্ষেত্ৰত জ্যেষ্ঠসকল আগবাঢ়ি আহিব লাগে সুধাকণ্ঠৰ সৃষ্টি ৰাজিৰ সৈতে উঠি অহা প্ৰজন্মক ভালদৰে পৰিচয় কৰি দিবলৈ। আমাৰ ৰাজ্যত বিহুৰ দৰে এক বৃহৎ জাতীয় উৎসৱ আছে য’ত বহু মানুহ একেলগে সন্মিলিত হয়। বিশেষকৈ ৰঙালী বিহুৰ এই সাংস্কৃতিক অনুষ্ঠানত বহুদিন ব্যাপি ডাঙৰ সাংস্কৃতিক কাৰ্যসূচী হয় আৰু অসমৰ ইমূৰৰ পৰা সিমূৰলৈ হোৱা অনুষ্ঠানসমূহত বিভিন্ন শিল্পী/ গায়কে অনুষ্ঠান পৰিৱেশন কৰে। গতিকে ড০ হাজৰিকাৰ সৃষ্টি ৰাজিক প্ৰজন্মৰ পৰা প্ৰজন্মলৈ কঢ়িয়াই নিবলৈ এইখন এখন উপযোগী মঞ্চ। গতিকে এই সময়ত শিল্পী, গায়ক সকলে নিজৰ অনুষ্ঠান পৰিৱেশন কৰা সময়ত এটাকৈ হলেও গীত পৰিৱেশন কৰিব লাগে আৰু বিহুৰ আয়োজন কৰা সমিতিসমূহেও এই কথাটোত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিব লাগে। এই ব্যৱস্থাটো নিশ্চিত হ’লে সকলো বয়সৰ/সকলো শ্ৰেণীৰ লোকে ড০ ভূপেন হাজৰিকা দেৱৰ সৃষ্টিৰাজিৰ মাজত সোমাই পৰাৰ সুযোগ লাভ কৰিব। ড০ ভূপেন হাজৰিকা আমাৰ জাতিৰ এক আবেগ, আমাৰ বাবে এক সুকীয়া সত্ত্বা। সেইবাবে তেখেতৰ সৃষ্টি ৰাজি আমাৰ মাজত স্থায়ী ভাৱে সংৰক্ষিত আৰু সুৰক্ষিত হৈ থাকে তাৰ বাবে আমি সকলোৱে চিন্তা কৰিব লাগে। তেখেতৰ দৰে এগৰাকী মানৱতাবাদী শিল্পীৰ গীতসমূহ প্ৰজন্মই প্ৰজন্মই গাই যোৱাৰ চেষ্টা কৰিব লাগিব। লগতে তেখেতে গাই যোৱা, ৰচনা কৰা গীত সমূহৰ যি সমূহ চি ডি/কেছেট আছে সেইসমূহ সাংস্কৃতিক সংগ্ৰালয়ত সংগৃহীত হ’ব লাগে। বিদ্যালয়, মহাবিদ্যালয় সমূহত য’ত য’ত সংগীত পৰিৱেশনৰ ব্যৱস্থা আছে সেইসমূহত সুধাকণ্ঠৰ গীত গোৱা/বজোৱাৰ দিহা কৰিব লাগে। বিদ্যালয়, মহবিদ্যালয় সমূহৰ পাঠ্যক্ৰমত সুধাকণ্ঠৰ সৃষ্টিৰাজিৰ ওপৰত এটি পাঠ শিক্ষা পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰোৱাটো নিশ্চিত কৰিব লাগে। আমাৰ ৰাজ্যৰ বিশ্ববিদ্যালয় সমূহত অন্তত ড০ ভূপেন হাজৰিকাৰ নামত এখনকৈ আসন সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে। কেৱল এটা দিনৰ বাবে অথবা এটা বৰ্ষৰ বাবে ড০ ভূপেন হাজৰিকাদেৱৰ নাম স্মৰণ কৰিলেই তেখেতৰ প্ৰতি আমাৰ দ্বায়িত্ব শেষ নহয় বুলি আমি তেখেতৰ শতবৰ্ষৰ বছৰটিতো অনুভৱ কৰিছোঁ। প্ৰজন্মৰ পৰা প্ৰজন্মলৈ প্ৰবাহিত হৈ থাকিব লাগিব ভূপেন দাৰ বিশাল সৃষ্টি ৰাজি ।এই খিনি কৰিব পাৰিলে তেখেত চিৰকাল আমাৰ মাজত জীয়াই থাকিব তেখেতৰ বিশাল সৃষ্টিৰে।
(লেখক ৰাজ্যৰ শিক্ষাখণ্ডৰ এগৰাকী বিষয়া আৰু বিভিন্ন কাকত,আলোচনীৰ নিয়মীয়া নিবন্ধকাৰ)
