জন্ম
প্ৰভাত বণিয়া
সূৰ্যটো নামি আহিল
নিৰ্জন ফুলনি শুৱাই ফুলিল
এপাহ সুগন্ধি ফুল তেজ ৰঙা
নভবাকৈ হঠাৎ লগ পালো তোমাক
জোনৰ দৰে তৰাৰ দৰে
পোহৰালা জীৱনৰ খলাবমা পথ
পুন: উজ্জীৱিত হলো মই
নৱ নৱ চেতনাৰে উদ্বুদ্ধ গাম জীৱন জীনাৰ গান
আজি মুকলি হ’ব আমাৰ প্ৰেমৰ
বাখৰুৱা ঘৰ।
