জন্মাষ্টমী
ৰশ্মি ৰেখা দুৱৰা
ভগৱান বিষ্ণুৰ অষ্টম অৱতাৰ
ত্ৰিজগতৰ পতি
দৈৱকী-নন্দৰ পুত্ৰ শ্ৰীকৃষ্ণ
অলেখ ভক্তগণৰ ত্ৰাণকৰ্তা
সকলো গুণৰে উৰ্দ্ধত
সৰ্বশক্তিমান।
শ্ৰীকৃষ্ণৰ বিমোহন
লীলাতেই মুগ্ধ জনতা
দীন-অভাগাৰ প্ৰতিও কৰুণা অপাৰ
যাক চাক্ষুষ দৃষ্টিৰে প্ৰত্যক্ষ কৰিব নোৱাৰি
স্মৰণহে কৰোঁ
তেওঁতেই সকলো বিৰাজমান।
ভাদ মাহৰ কৃষ্ণ অষ্টমী তিথিত
ত্ৰাণকৰ্তাৰেই জন্মদিন
সেয়ে আজি গাঁৱৰ নামঘৰে নামঘৰে
কীৰ্তন পাঠেৰে উৎসৱ মুখৰ জন্মাষ্টমী।